নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনেত আজি শৃংখলা দখলৰ যুঁজ

নিয়মীয়া বার্তা, ২৮ মার্চঃ টেষ্ট আৰু টি–২০ৰ পাছত এদিনীয়া শৃংখলা হস্তগত কৰাৰ লক্ষ্যৰে আজি ইংলেণ্ডৰ বিৰুদ্ধে নির্ণায়ক এদিনীয়াত খেলপথাৰত নামিব টীম ইণ্ডিয়া৷

দ্বিতীয় এদিনীয়াত জ’নী বিয়েৰষ্ট’ আৰু বেন ষ্ট’কছৰ বেটিং ধুমুহাত বিধ্বস্ত হোৱা ঘৰুৱা দলটোৱে শৃংখলাৰ তৃতীয় তথা অন্তিম মেচত বলিঙত কিছু সালসলনি ঘটোৱাৰ সম্ভাৱনা আছে৷ বিশেষকৈ বাঁওহতীয়া স্পীনাৰ কুলদীপ যাদৱ আৰু ক্রুনাল পাণ্ডিয়াৰ সলনি য়ুজবেন্দ্র ছাহাল আৰু ৱাশ্বিংটন সুন্দৰে সুযোগ পাব বুলি দলীয় মেনেজমেণ্টে ইংগিত দিছে৷

উল্লেখ্য যে প্রথম এদিনীয়াত ৬৪ ৰান ব্যয় কৰা কুলদীপে ৮৪ ৰান ব্যয় কৰি অনাকাংক্ষিত অভিলেখৰ গৰাকী হয়৷ তেওঁৰ বলত ইংলেণ্ডৰ বেটছমেনে আঠটাকৈ ছিক্সাৰ কোবায়৷ প্রথম এদিনীয়াত বেটে–বলে উজলি উঠা অলৰাউণ্ডাৰ ক্রুনাল পাণ্ডিয়ায়ো দ্বিতীয় এদিনীয়াত মাত্র ৬ অভাৰত ৭২ ৰান ব্যয় কৰে৷

টীম ইণ্ডিয়াৰ এই দুগৰাকী মুখ্য স্পীনাৰে যথেষ্ট ৰান ব্যয় কৰাৰ ফলতে দ্বিতীয় এদিনীয়াত ভাৰতে ৩৩৬ ৰানৰ বৃহৎ স্ক’ৰ সংগ্রহ কৰাৰ পাছতো পৰাজয়ৰ সন্মুখীন হয়৷

পেচ বলিং আক্রমণতো টীম ইণ্ডিয়াই  কিছু সালসলনি ঘটোৱাৰ সম্ভাৱনা আছে৷ দলীয় সূত্রই  সদৰী কৰা অনুসৰি ছার্দুল ঠাকুৰক বিশ্রাম দি অন্তিম এদিনীয়াত বাঁওহতীয়া বেগী বলাৰ টি নটৰাজনে মূল একাদশত সুযোগ পাব পাৰে৷

ইফালে, বেটিঙত লোকেশ ৰাহুল, ঋষভ পণ্ট, বিৰাট কোহলি আৰু হার্দিক পাণ্ডিয়াৰ দুর্দান্ত ফর্মে ঘৰুৱা দলটোক আত্মবিশ্বাসত ৰাখিছে৷

দ্বিতীয় এদিনীয়াত দুর্দান্ত প্রত্যাৱর্তন ঘটোৱা ইংলেণ্ডৰ আত্মবিশ্বাস এতিয়া তুংগত উঠিছে৷ বিশেষকৈ অ’পেনাৰ জ’নী বিয়েৰষ্ট’, জেছন ৰয় আৰু তাৰকা অলৰাউণ্ডাৰ বেন ষ্ট’কছৰ ধুমুহা গতিৰ বেটিঙে পুনৰ এবাৰ টীম ইণ্ডিয়াৰ বলিং আক্রমণক তচনচ কৰিব বুলি আলহী দলটো আশাবাদী৷ এদিনীয়া শৃংখলা জয়েৰে দলটোৱে ভাৰত ভ্রমণ সামৰাৰ লক্ষ্য লৈছে৷
খেলৰ সময়ঃ দিনৰ ১.৩০ বজা৷

You might also like