নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মমতাৰ ভেটিত কঁপনিঃ টিএমচিৰ হাতত প্রহূত ৮৫ বছৰীয়া বৃদ্ধাৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৩০ মার্চঃ নির্বাচনী প্রচাৰ অভিযানত উত্তাল হৈ থকা পশ্চিমবংগত তৃণমূল কংগ্রেছ (টিএমচি) কর্মীৰ আক্রমণৰ সন্মুখীন হোৱা ৮৫ বছৰীয়া মহিলা এগৰাকীৰ কালি পুৱা মৃত্যু হৈছে৷

যোৱা মাহত উত্তৰ ২৪ পৰগণা জিলাত বিজেপি কর্মী এজনৰ মাতৃ এই ৮৫ বছৰীয়া বৃদ্ধাৰ ওপৰত আক্রমণ চলাইছিল তৃণমূল কংগ্রেছৰ কর্মীয়ে৷ সংবাদ সংস্থা এ এন আইৰ এক প্রতিবেদনত সদৰী হৈছে এই তথ্য৷ প্রতিবেদন অনুসৰি বিজেপিৰ সদস্য ৮৫ বছৰীয়া শোভা মজুমদাৰৰ ওপৰত তিনি টি এম চি কর্মীয়ে যোৱা মাহত আক্রমণ চলাইছিল৷

নিমটাৰ বিজেপি কর্মী গোপাল মজুমদাৰৰ মাতৃ শোভা মজুমদাৰৰ ওপৰত নিজ বাসগৃহতে টি এম চি কর্মী আহি আক্রমণ চলাইছিল৷ এই আক্রমণৰ পিছতেই গুৰুতৰভাৱে আহত হয় শোভা মজুমদাৰ৷ প্রায় এমাহ ধৰি শোভা মজুমদাৰে চিকিৎসা গ্রহণ কৰি আছিল যদিও তৃণমূল কর্মীৰ আক্রমণত পোৱা জখমৰ পৰা আৰোগ্য হ’বলৈ সক্ষম নহ’ল৷

কালি বৃদ্ধাগৰাকীয়ে পুৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে৷ অৱশ্যে চিকিৎসকে বৃদ্ধাগৰাকীৰ মৃত্যুৰ কাৰণ টি এম চিৰ আক্রমণ নহয় বুলি দাবী কৰিছে যদিও বিজেপিৰ শীর্ষ নেতৃত্বই প্রচাৰত উত্তাল হৈ থকা পশ্চিমবংগত ইয়াৰ সুযোগ গ্রহণ কৰি শাসকীয় তৃণমূল কংগ্রেছক তীব্র গৰিহণা দিছে৷

লক্ষণীয়ভাৱে শোভা মজুমদাৰৰ আত্মীয়ই মহিলাগৰাকীক পুত্র গোপাল মজুমদাৰে প্রহাৰ কৰা বুলি আৰক্ষীক গোচৰ দিছে৷ অশীতিপৰ মহিলাগৰাকীৰ কালি মৃত্যু হোৱাৰ লগে লগে শোক প্রকাশ কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ শ্বাহৰ মতে শোভা মজুমদাৰৰ মৃত্যুৱেই পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতাৰ বাবে কাল হৈ পৰিব৷

You might also like