অ’বামাৰ সতীয়া আইতাক ছাৰাহৰ কেনিয়াত জীৱনাৱসান
নিয়মীয়া বাৰ্তা, ৩০ মার্চঃ আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি বাৰাক অ’বামাৰ কেনিয়াত থকা সতীয়া আইতাক ছাৰাহ অ’বামাৰ দেহাৱসান ঘটিছে৷
৯৯ বছৰীয়া ছাৰাহ অ’বামাই কেনিয়াৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছে৷ পৰিয়ালৰ সূত্রৰ উদ্ধৃতি দি স্থানীয় সংবাদ মাধ্যমে প্রকাশ কৰিছে এই তথ্য৷ স্মর্তব্য যে প্রাক্তন ৰাষ্ট্রপতি বাৰাক অ’বামা আছিল কেনিয়ামূলৰ লোকৰ বংশোদ্ভৱ আমেৰিকান সন্তান৷
কেনিয়াৰ পশ্চিম প্রান্তৰ চহৰ কিছুমুৰ জাৰাম’বি ওগিংগা হাস্পতালত বিগত কিছুদিন ধৰি চিকিৎসাধীন হৈ আছিল ছাৰাহ অ’বামা৷ ছাৰাহৰ দুহিতা মার্ছাটে ডেইলী নেচন নামৰ সংবাদ পত্রখনক জনাইছে সবিশেষ তথ্য৷
চহৰখনত কালি ছাৰাহ অ’বামাৰ শেষকৃত্য সম্পন্ন কৰাৰ প্রস্তুতি চলোৱা হৈছে৷ উল্লেখনীয় যে বাৰাক অ’বামাই তেওঁৰ সতীয়া আইতাকক ‘গ্রেনী ছাৰাহ’ বুলি সম্বোধন কৰিছিল৷