ছিৰিয়ান শিবিৰত ৬১ হাজাৰ লোকক আটক সেনাৰ
নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ গৃহযুদ্ধ বিধ্বস্ত ছিৰিয়াৰ আল–হোল শৰণার্থী শিবিৰত ৬১ হাজাৰতকৈ অধিক লোকক বন্দী কৰিছে কুর্দিছ নেতৃত্বাধীন নিৰাপত্তা বাহিনীয়ে৷ উত্তৰ ছিৰিয়াৰ এই শৰণার্থী শিবিৰটোত আছে ইছলামিক ষ্টেট জেহাদী গোটৰ সদস্যৰ পৰিয়াল৷
স্মর্তব্য যে শিবিৰটোত সংঘর্ষৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই কুর্দ নেতৃত্বাধীন নিৰাপত্তা বাহিনীয়ে ইছলামিক ষ্টেটৰ অনুগামীসকলক ইয়াৰ পৰা উৎখাত কৰাৰ সংকল্প গ্রহণ কৰিছে৷ চলিত বর্ষটোত এই শৰণার্থী শিবিৰটোত কেইবাডজনো লোক নিহত হৈছে৷
উল্লেখনীয় যে শিবিৰটোত আইছিছৰ এজন নিয়োগকর্তা তথা অন্য ৮গৰাকী লোককো গ্রেপ্তাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে৷ এই শিবিৰটোত আভ্যন্তৰীণভাৱে স্থানচ্যুত হোৱা বহু লোকক আশ্রয়দান কৰা হৈছে৷
ব্রিটিছ মানৱ অধিকাৰ সংস্থা ছিৰিয়ান অবজাৰভেট’ৰীয়ে সঘনে এই শিবিৰটোত সংঘর্ষত বহু লোকে প্রোণ দি অহা বুলি প্রকাশ কৰিছে৷