নির্বাচনত ঐক্যবদ্ধ হৈ মিত্রজোঁটক ভোট দি ৰোধ কৰক আজমলৰ আগ্রাসন
নিয়মীয়া বাৰ্তা, ৩১ মার্চ: দ্বিতীয় পর্যায়ৰ নির্বাচনৰ প্রচাৰ অভিযানৰ অন্তিম দিনা ‘নেডা’ৰ আহ্বায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মঙলদৈত এক বিশাল ৰোড শ্ব’ত অংশগ্রহণ কৰাৰ লগতে নলবাৰী, কলাইগাঁও, মাজবাট, ওদালগুৰি, লামডিং, জাগীৰোডত হাইভ’ল্টেজ নির্বাচনী প্রচাৰ চলায়৷ নির্বাচনী গীতৰ তালে তালে নাচি–বাগি মন্ত্রী ড০ শর্মাই উদাত্ত ভাষণেৰে মিত্রজোঁটৰ হৈ প্রচাৰ চলাই এই নির্বাচনত জনসাধাৰণক ঐক্যবদ্ধ হৈ মিত্রজোঁটৰ প্রার্থীক জয়যুক্ত কৰি বদৰুদ্দিন আজমলক প্রতিহত কৰাৰ বাবে ৰাইজক মাৰবান্ধি থিয় দিবলৈ আহ্বান জনায়৷
নির্বাচনী সমাৱেশসমূহত মন্ত্রী ড০ শর্মাই কংগ্রেছকো ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীকো সমালোচনাৰে থকা–সৰকা কৰে৷
হাগ্রামাই আজমলক বিটিআৰত থিতাপি ল’বলৈ ফান্দ পাতিছে
কলাইগাঁও সমষ্টিৰ বিজেপি প্রার্থী মধুৰাম ডেকাৰ হৈ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নির্বাচনী প্রচাৰ চলায়৷ কলাইগাঁও মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা বিশাল নির্বাচনী সমাৱেশখনত মন্ত্রী ড০ শর্মাই বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে হাগ্রামা মহিলাৰীয়ে বিটিআৰত থিতাপি ল’বলৈ ফান্দ পাতিছে৷ এয়া বিটিআৰবাসীৰ বাবে অশনি সংকেত৷ বিপিএফে আজমল বাহিনীৰ লগত মিত্রতা কৰি আজমলক মুখ্যমন্ত্রী হোৱাৰ বাট উলিয়াই দিছে৷ গতিকে সময় থাকোঁতেই বিটিচিৰ উন্নয়ন কৰিব নোৱাৰা বিপিএফৰ নাঙল মিউজিয়ামত থ’ব লাগে আৰু পদুম ফুলক দিছপুৰত পঠিয়াব লাগে৷ এতিয়া আৰু নাঙলৰ দিন নাই৷ হাগ্রামাক মিউজিয়ামত থৈ বিপিএফৰ চেপ্টাৰটো সামৰিব লাগে৷ বিজেপি মিত্রজোঁটৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত বাঙালী লোকসকলৰ ডি ভোটাৰৰ সমস্যাটো এই বছৰৰ ভিতৰতে সমাধান কৰা হ’ব বুলি তেওঁ প্রতিশ্রুতি দিয়ে৷