নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঋষভ পণ্টে মোহাচ্ছন্ন কৰিছে গাংগুলীক

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল: টীম ইণ্ডিয়াৰ উদীয়মান তাৰকা ঋষভ পণ্টৰ বিস্ফোৰক বেটিঙে মোহাচ্ছন্ন কৰিছে বি চি চি আইৰ মুৰব্বী সৌৰভ গাংগুলীক৷ ভাৰতৰ প্রাক্তন অধিনায়ক তথা বর্তমানৰ ব’ডৰ সভাপতিগৰাকীয়ে আজি এক অনুষ্ঠানত কয় যে বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ বেটিং তেওঁ উপভোগ কৰে, কিন্তু পণ্টৰ বেটিঙে তেওঁৰ মন জয় কৰিছে৷ ‘টীম ইণ্ডিয়াৰ আটাইকেইগৰাকী খেলুৱৈ অত্যন্ত প্রতিভাশালী৷

বি চি চি আইৰ সভাপতি হিচাপে মই যিকোনো এজনক পছন্দৰ খেলুৱৈ বুলি ক’ব নোৱাৰোঁ৷ কোহলি আৰু ৰোহিতৰ বেটিং মই উপভোগ কৰোঁ৷ ঋষভ পণ্টৰ বেটিঙে আনসকলৰ দৰে মোকো মোহাচ্ছন্ন কৰিছে৷ যশপ্রীত বুমৰাহ, মহম্মদ ছামি, ছার্দুল ঠাকুৰ আদিৰ দৰে খেলুৱৈসকলকো মই অত্যন্ত পছন্দ কৰোঁ৷ তেওঁলোকৰ প্রদর্শনে আমাক গৌৰৱান্বিত কৰে৷’ ইউ টিউবৰ এক মত বিনিময় অনুষ্ঠানত গাংগুলীয়ে এইদৰে কয়৷

চলিত বর্ষৰ আৰম্ভণিতে হূদৰোগত আক্রান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হোৱা একালৰ আক্রমণাত্মক বাঁওহতীয়া বেটছমেনগৰাকীয়ে কয় যে তেওঁ এতিয়া সম্পূর্ণৰূপে সুস্থ আৰু নিয়মীয়া কাম–কাজ আৰম্ভ কৰিছে৷

You might also like