নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীয়ে এতিয়ালৈ ৩৫বাৰ অসমলৈ আহিছে, দহ বছৰত ১০ বাৰহে আহিছিল মনমোহন

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল: ‘প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এতিয়ালৈকে ৩৫বাৰ অসমলৈ আহিছে৷ কিন্তু কংগ্রেছী প্রধানমন্ত্রী মনমোহন সিঙে ১০ বছৰত ১০ বাৰহে আহিছিল অসমলৈ৷ এই মন্তব্য বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ৷

চলিত অসম বিধানসভা নির্বাচনত কেইবাখনো নির্বাচনী সভাত অংশ লোৱা বিজেপিৰ ৰাষ্ট্রীয় সভাপতি নাড্ডাই বিধানসভা নির্বাচন আৰু অসমৰ বিকাশ সন্দর্ভত কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য আগবঢ়োৱাৰ লগতে বিগত কংগ্রেছ চৰকাৰৰ কার্যকালক লৈ দলটোক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যম এ এন আইৰ সৈতে হোৱা বার্তালাপত অসমৰ বিকাশ সন্দর্ভত গুৰুত্বপূর্ণ মন্তব্য আগবঢ়াই বিজেপিৰ ৰাষ্ট্রীয় সভাপতি নাড্ডাই কয়– বিকাশৰ ক্ষেত্রত বগীবিল দলং সম্পূর্ণ কৰিছে৷

প্রধানমন্ত্রী নৰেন্দ্র মোদী অসমলৈ ৩৫বাৰ আহিছে৷ য’ত নেকি প্রাক্তন কংগ্রেছী প্রধানমন্ত্রী মনমোহন সিঙে ১০ বছৰত ১০বাৰো অহা নাছিল৷ মোদীয়ে ৮ হাজাৰ কোটি টকা গেছৰ ৰয়েল্টী দিছে৷ মনমোহন সিঙে সেয়া কৰিবলৈ সক্ষম নহ’ল৷ মোদীৰ নেতৃত্বত পথ, ঘাইপথ, দলঙকে ধৰি আন্তঃগাঁথনি নির্মাণ চলি আছে৷ তদুপৰি ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে কয়– এইমছ স্থাপন কৰা হৈছে৷ ইয়াৰ বাবে ১,১০০ কোটিতকৈ অধিক টকা ব্যয় কৰা হৈছে৷ বিগত ৫ বছৰত অসমত ৬খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে৷ ৬টা ছুপাৰ স্পেচিয়েলিটী ব্লক দিয়া হৈছে৷ ইয়েই ৰাজ্যখনত নতুন বিকাশৰ পথ৷ আনপিনে, তিনিটা দফা– সুৰক্ষা, বিকাশ আৰু অসমৰ সংস্কৃতি সুৰক্ষিত কৰাৰ লক্ষ্যৰে চলিত বিধানসভা নির্বাচনত বিজেপি অৱতীর্ণ হৈছে বুলি উল্লেখ কৰি বিজেপিৰ ৰাষ্ট্রীয় সভাপতি নাড্ডাই কয়– যদি আমি সংস্কৃতিৰ বিষয়ে ক’ব বিচাৰোঁ, তেতিয়াহ’লে অটল বিহাৰী বাজপেয়ীয়ে গোপীনাথ বৰদলৈক ভাৰতৰত্ন প্রদান কৰিছিল৷ অসমৰ গৌৰৱ বঢ়াই ভূপেন হাজৰিকাক প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভাৰতৰত্ন দিছে, কংগ্রেছে নহয়৷

অসমত অধিক সময় শাসনত থকা কংগ্রেছে লোকসেৱা নাজানে বুলি উল্লেখ কৰি নাড্ডাই কয়– কংগ্রেছৰ গেৰাণ্টী কেৱল দুর্নীতি৷ বিজেপিয়ে সবকা সাথ, সবকা কা বিকাশ, সবকা বিশ্বাসক মানে বুলি উল্লেখ কৰি নাড্ডাই কয়– আয়ুস্মান ভাৰতৰ জৰিয়তে দুখীয়াৰ পৰা দুখীয়া লোকক সামৰি লোৱা হৈছে৷ আঁচনি ৰূপায়ণৰ ক্ষেত্রত বিজেপি চৰকাৰে কাৰো ধর্মৰ বিষয়ে নোসোধে বুলি উল্লেখ কৰি নাড্ডাই ৰাজ্যখনত স্বচ্ছ ভাৰত মিছনৰ অধীনত ৫৯ লাখ শৌচাগাৰ নির্মাণ কৰা বুলি মন্তব্য কৰে৷ চাহ বাগিচাৰ শ্রমিকক লৈ বিগত কংগ্রেছ চৰকাৰে একোৱে নকৰিলে বুলি উল্লেখ কৰি চলিত নির্বাচনৰ সময়ত ৰাজ্যখনক ৰাজনৈতিক পর্যটন হিচাপে গঢ়া বুলিও মন্তব্য কৰে নাড্ডাই৷ বিজেপি নেতৃত্বাধীন এন ডি এ পুনৰ অসমত চৰকাৰ গঠন কৰিব বুলি দৃঢ়তাৰে কয় নাড্ডাই৷

You might also like