নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃ বিয়োগৰ চাৰি দিন: জাতীয় জীৱনক নতুন সন্ধান দিয়াৰ লক্ষ্যৰে পুনৰ প্রচাৰত লুৰিণজ্যোতি

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল: অসমৰ জাতীয় জীৱনক এক নতুন সন্ধান দিয়াৰ লক্ষ্যৰে শনিবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ গুৱাহাটীত উপস্থিত হৈ দলীয় নির্বাচনী প্রচাৰত অংশগ্রহণ কৰে৷ মাতৃৰ বিয়োগৰ চাৰি দিন পাছতে অজাপৰ সভাপতি গগৈয়ে শনিবাৰে গুৱাহাটীত কেইবাখনো সভাত অংশগ্রহণ কৰাৰ লগতে কামৰূপ (মঃ) জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ দলীয় প্রার্থীৰ হৈ চানমাৰিস্থিত অভিযান্ত্রিক খেলপথাৰৰ পৰা উলিওৱা এটা সমদলতো অংশ লয়৷

অজাপৰ কেন্দ্রীয় সমিতিৰ সম্পাদক চিত্ত বসুমতাৰী, পূব গুৱাহাটী বিধানসভা সমষ্টিৰ প্রার্থী অদীপ কুমাৰ ফুকনকে ধৰি কেন্দ্রীয় সমিতিৰ বহু বিষয়ববীয়া আৰু দলীয় নেতা–কর্মীৰ উপস্থিতিত সমদলটোৰ যাত্রা শুভাৰম্ভ কৰি অজাপৰ সভাপতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়– ‘মোৰ মাতৃক হেৰুৱালোঁ, ‘মা’ সাহস আৰু প্রেৰণাৰ প্রতীক আছিল৷ মা য’তেই আছে, তাৰ পৰাই মোৰ লগতে ৰাজ্যবাসীক আশীর্বাদ কৰিব৷ অসমৰ জাতীয় জীৱনৰ সংকট কিমান গভীৰ আৰু ভয়াৱহ ‘কা’বিৰোধী আন্দোলনৰ পৰাই ইয়াৰ উমান পোৱা গৈছে৷ অসমৰ প্রতিটো প্রান্তৰ আই–মাতৃসকলৰ চকুত আৱেগবিহ্বল চকুপানী আছে৷ অসমৰ লাখ লাখ মানুহৰ লগতে আই–মাতৃসকলৰ আশা–আকাংক্ষা জড়িত হৈ আছে৷ সংকট মৰিষণ কৰি জাতীয় জীৱনক নতুনত্বৰ সন্ধান দিবৰ বাবে ওলাই আহিছোঁ৷’

অসমৰ জাতীয় জীৱনৰ সংকটৰ কথা ব্যক্ত কৰি তেওঁ আৰু কয় যে অসমৰ সামাজিক–ৰাজনৈতিক সংকটৰ লগতে ভাষা, সাহিত্য, কৃষ্টি–সংস্কৃতি ৰক্ষাৰ বাবে ৰাইজ ওলাই আহিছে৷ আঞ্চলিকতাবাদ শক্তিশালী কৰি মাতৃভূমিক ৰক্ষা কৰিব লাগিব৷ অসমৰ ৰাইজ আঞ্চলিকতাবাদৰ পক্ষত আছে৷ প্রথম আৰু দ্বিতীয় পর্যায়ত অসমৰ গ্রামাঞ্চলত ভোটদানৰ হাৰে এই কথা প্রমাণ কৰে যে ৰাইজ এইবাৰ জাতীয়তাবাদৰ পক্ষত আছে৷ ইপিনে, এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ পুত্রই কালি বৰপেটা জিলাৰ ভৱানীপুৰত এখন নির্বাচনী সভাত ৰাজ্যত এইবাৰ লুঙি–টুপীৱালাৰ চৰকাৰ হ’ব বুলি কৰা মন্তব্য সন্দর্ভত অজাপৰ সভাপতি গগৈয়ে পুনৰ কয় যে আজমলেই বিজেপিৰ আৰম্ভণি আৰু সামৰণি৷ উন্নয়ন আৰু জাতীয় স্বার্থৰ বিপৰীতে লুঙি, টুপী, সভ্যতা, মিঞা মিউজিয়াম আৰু ৩৫ শতাংশৰ ভোট নালাগে বুলি কোৱাতে বিজেপি নেতা সীমাবদ্ধ৷ সেয়েহে এইবোৰৰ অৱসান ঘটাই এইবাৰ অসমবাসীয়ে গুণগত ৰাজনীতি প্রতিষ্ঠা কৰিবলৈ ওলাই আহিছে৷

You might also like