কংগ্রেছক চাপত ৰাখি আসন বৃদ্ধিৰ অংক আজমলৰ
নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল: বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলৰ সাম্প্রদায়িক আগ্রাসী প্রচাৰ পূর্ণগতিত অব্যাহত আছে৷ সম্প্রতি এ আই ইউ ডি এফৰ প্রচাৰ এনে পর্যায় পাইছে যে মহাজোঁটৰ বিগ ব্রাদাৰ কংগ্রেছক নস্যাৎ কৰাৰ প্রক্রিয়া অতি পৰিকল্পিতভাৱে আৰম্ভ কৰিছে৷
অনাগত দিনত মহাজোঁটৰ চৰকাৰ হ’লেও চৰকাৰখন যাতে এ আই ইউ ডি এফৰ সম্পূর্ণ নিয়ন্ত্রণত থাকে, তাৰ বাবে আজমল বিগ ব্রাদাৰ হোৱাৰ লক্ষ্যৰে ইতিমধ্যে ৰণক্ষেত্রত নামি পৰিছে৷ বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হোৱা সমষ্টিসমূহত যিকোনো প্রকাৰে কংগ্রেছক পৰাভূত কৰাৰ বাবে দলটোৱে সর্বশক্তি প্রয়োগ কৰিছে৷
উল্লেখ্য যে নির্বাচনী প্রচাৰৰ মাজতেই আজমলে মহাজোঁটৰ চৰকাৰ হ’লে সেই চৰকাৰৰ তলা–চাবি তেওঁৰ হাতত থকাৰ লগতে কাক মন্ত্রিত্ব দিব, কাক নিদিব, সেই সিদ্ধান্ত তেৱেঁই গ্রহণ কৰিব বুলি ইতিমধ্যে হুংকাৰ দিছে৷ কালি ভৱানীপুৰৰ এখন নির্বাচনী সভাত আজমলৰ পুত্র বিধায়ক আব্দুৰ ৰহিম আজমলে পিতৃতকৈ এখোপ ওপৰত গৈ এইবাৰ অসমত দাড়ি–টুপী–লুঙিৱালাৰ চৰকাৰ হ’ব বুলি চূড়ান্ত সাম্প্রদায়িক মন্তব্য কৰে৷ এ আই ইউ ডি এফৰ এনেধৰণৰ আগ্রাসী প্রচাৰ চলি থকাৰ সময়তে দলটোৰ আন এজন নেতা ধিঙৰ বিধায়ক আমিনুল ইছলামে আগন্তুক দিনত কংগ্রেছক চাপত ৰখাৰ বাবে এ আই ইউ ডি এফৰ আসনৰ সংখ্যা বৃদ্ধি কৰিব লাগিব বুলি মন্তব্য কৰিছে৷
চেঙাত দলীয় প্রার্থী আশ্রাফুল ইছলামৰ হৈ নির্বাচনী প্রচাৰ চলাই বিধায়ক ইছলামে কয় যে বিধানসভাত এ আই ইউ ডি এফৰ আসনৰ সংখ্যা বৃদ্ধি হ’ব লাগিব৷ যিমানকেইখন আসনত প্রতিদ্বন্দ্বিতা কৰিছে, আটাইকেইখনতে দলীয় প্রার্থী জয়ী হ’ব লাগিব৷ তেতিয়াহ’লে মহাজোঁট চৰকাৰত এ আই ইউ ডি এফৰ প্রেচাৰ গ্রুপ অধিক শক্তিশালী হ’ব৷ ভাষণত তেওঁ কয় যে মা–ভনীসকলৰ ভোট বেছিকৈ তলা–চাবিতে পৰে যদিও পুৰুষসকলৰ বহুতে হাতৰ ছবিত, হাতীৰ ছবিত ভোট দিয়ে৷ এইবাৰ তেনে কার্যৰ পৰা বিৰত থাকি পুৰুষসকলকো তলা–চাবিৰ ছবিত ভোট দি এ আই ইউ ডি এফক শক্তিশালী কৰাৰ আহ্বান জনায়৷ আনহাতে, কংগ্রেছে টকা লৈ আহিলে ৰাইজক সেই টকা লোৱাৰ আহ্বান জনাই তেওঁ কয় যে সেই টকা কাৰো বাপেকৰ টকা নহয়৷ ৰাইজৰ পৰা বিগত ২০ বছৰত লুটপাত কৰা টকা৷ সেয়ে ৰাইজে সেই টকা লওক৷ কিন্তু ৰাইজে ভোটটো এ আই ইউ ডি এফৰ প্রতীক তলা–চাবিত দিয়ক৷ এ আই ইউ ডি এফৰ বিধায়ক ইছলামৰ এই ভাষ্যই স্বাভাৱিকতে কংগ্রেছৰ ভিতৰচ’ৰাত তীব্র খলকনি সৃষ্টি কৰিছে৷