বায়ুসেনাৰ ৰণতৰী আইএনএছ বিৰাট ব্যক্তিগত সম্পত্তি
যাদুঘৰ হিচাপে গঢ়াৰ এনভিটেকৰ সপোনত চেঁচাপানী ছুপ্রিম ক’ৰ্টৰ
নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ ভাৰতীয় নৌসেনাৰ একালৰ অতি নির্ভৰযোগ্য ৰণতৰী আই এন এছ বিৰাট এতিয়া ব্যক্তিগত সম্পত্তি হৈ পৰিছে৷ নৌসেনাই ইয়াৰ পূর্বে বিদায় দিছে যুদ্ধবিমান পৰিবাহী এই ৰণতৰীখনক৷ আজি উচ্চতম ন্যায়ালয়ে আই এন এছ বিৰাটক এক যাদুঘৰলৈ সলনি কৰিবলৈ বিচৰা প্রতিষ্ঠান এটাক জনাইছে যে ইতিমধ্যে ইয়াৰ ধ্বংসকার্য আৰম্ভ হৈছে৷ যুদ্ধবিমান পৰিবাহী আই এন এছ বিৰাটৰ ৪০ শতাংশ ভাঙনকার্য সম্পূর্ণ হৈছে৷ স্মর্তব্য যে এক ব্যক্তিগত কোম্পানীয়ে এই যুদ্ধবিমান পৰিবাহী ৰণতৰীখন সমুদ্রত সুদৃশ্য যাদুঘৰ হিচাপে গঢ়ি তোলাৰ চিন্তা–চর্চা চলাইছে৷ গুজৰাটৰ আলাং য়ার্ডত ৰখা আই এন এছ বিৰাটৰ ভাঙন কার্য বন্ধ কৰিবলৈ ১০ ফেব্রুৱাৰীত নির্দেশ দিছিল শীর্ষ আদালতখনে৷
গুজৰাটৰ শ্রীৰাম দ্রুপ নামৰ প্রতিষ্ঠানটোৱে এই ৰণতৰীখন ক্রয় কৰিছে৷ এই ব্যক্তিগত প্রতিষ্ঠানটোৱে পৰিত্যক্ত জাহাজ ভাঙি ইয়াৰ বিভিন্ন অংশ বিক্রী কৰি অহাৰ উপৰি নতুন জাহাজ নির্মাণৰ কামত ব্যৱহাৰ কৰি আহিছে৷ স্মর্তব্য যে ৬৭ বছৰীয়া আই এন এছ বিৰাটক নৌসেনাত প্রায় তিনি দশক ৰখাৰ পিছত তাক ব্যৱহাৰ কৰিবলৈ বন্ধ কৰা হয়৷ এই যুদ্ধবিমান পৰিবাহী ৰণতৰীখন এনভিটেক মেৰিন কনছালটেণ্টছ প্রাইভেট লিমিটেড নামৰ প্রতিষ্ঠানটোৱে যাদুঘৰ হিচাপে গঢ়ি তুলিব বিচাৰিছিল৷ প্রথমতে বোম্বাই উচ্চ ন্যায়ালয়ত প্রতিষ্ঠানটোৰ হৈ বিষ্ণুকান্ত শর্মা আৰু ৰূপালী শর্মাই আবেদন জনাইছিল৷ পৰৱর্তী সময়ত তেওঁলোকে উচ্চতম ন্যায়ালয়ত এই আবেদন জনায় যদিও ন্যায়ালয়ে আজি ইয়াক যাদুঘৰ হিচাপে গঢ়াটো সম্ভৱ নহয় বুলি স্পষ্ট কৰি দিছে৷