নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ ডিটি’ত স্বচ্ছ ভাৰতৰ নামত প্রহসন

নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ সমগ্র ভাৰততে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশখনক স্বচ্ছ কৰিবলৈ সকলো পক্ষক আহ্বান জনাই অহাৰ পাছতো খোদ একাংশ চৰকাৰী বিভাগে বুঢ়া আঙুলি দেখুৱাই আহিছে৷ সততে বহু সাধাৰণ লোকৰ সমাগম হোৱা যোৰহাটৰ জিলা পৰিবহণ বিষয়াৰ কার্যালয়ৰ প্রস্রাৱাগাৰ আৰু মুখ ধোৱা ঘৰৰ কদর্য অৱস্থা দেখিলে বুজিব পাৰি একাংশ চৰকাৰী বিভাগে প্রধানমন্ত্রীৰ এই আহ্বানৰ প্রতি যে বুঢ়া আঙুলি দেখুৱাই আহিছে৷ বিভিন্ন কামত পুৰুষ, মহিলা, যুৱক–যুৱতী এই কার্যালয়লৈ যায় আৰু দিনটো বোন্দাপৰ দি থাকিব লাগে৷

এনে অৱস্থাত কোনো লোক যদি প্রস্রাৱগাৰলৈ যাবলগীয়া হয় তাৰ অৱস্থা দেখি বমি অহাৰ বাহিৰে উপায় নাথাকে৷ বাতৰিৰ লগত দিয়া আলোকচিত্র কেইখন দেখিলেই অনুমান কৰিব পাৰিব কি কদর্য অৱস্থাত আছে প্রস্রাৱগাৰ আৰু মুখ ধোৱা ঘৰ৷ ইফালে ঘণ্টাৰ পাছত ঘণ্টা জুৰি বিদ্যুৎ নথকাৰ বাবে বিভিন্ন কামত যোৱা লোকসকলৰ কাম সময়ত নহয়৷ এটা সৰু কামকে বিভিন্নজনে ইখন টেবুলৰ পৰা সিখনলৈ পঠাই লোকসকলক হাৰাশাস্তি কৰাটো ইয়াত নিয়মত পৰিণত হৈছে৷ জেনেৰেটৰ থকাৰ পাছতো কিয় নচলাই সেয়া ৰহস্যৰ বিষয়৷ আজি এজন সচেতন লোকে দুয়োটা বিষয়ৰ বিষয়ে অৱগত কৰি জিলা উপায়ুক্ত আৰু প্রধানমন্ত্রীৰ কার্যালয়লৈ অভিযোগ প্রেৰণ কৰিছে৷

You might also like