নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঞ্জন গগৈৰ মাতৃ শান্তি গগৈৰ দেহাৱসান

নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ  বৃহস্পতিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ মাতৃ শান্তি গগৈয়ে ৷

উল্লেখ্য যে,বাৰ্ধক্যজনিত কাৰণত দিল্লীত চিকিৎসাধীন হৈ আছিল শান্তি গগৈ। শান্তি গগৈৰ ডাঙৰ পুত্ৰ অঞ্জন গগৈ বায়ুসেনাৰ এগৰাকী উচ্চপদস্ত বিষয়া হিচাপে অৱসৰ লৈছিল। দ্বিতীয় পুত্ৰ ৰঞ্জন গগৈ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ, তৃতীয় পুত্ৰ নিৰ্জন গগৈ এগৰাকী সু- চিকিৎসক। তেখেতৰ দুগৰাকী কন্যাও প্ৰশাসনিক বিষয়া।

৯৫ বছৰীয়া শান্তি গগৈয়ে দীৰ্ঘদিন ধৰি ডিব্ৰুগড় চহৰৰ খলিহামাৰিস্থিত বাগৃহত বসবাস কৰি আহিছিল । শুকুৰবাৰে দিনৰ ভাগত শেষকৃত্য সম্পন্ন কৰা হ’ব ৰঞ্জন গগৈৰ মাতৃৰ ।

You might also like