ইজিপ্তত ৩ হাজাৰ বছৰীয়া প্রাচীন স্বর্ণ নগৰী আৱিষ্কাৰ
লাক্সৰৰ সমীপত বালিত পোত গৈ আছিল সভ্যতাৰ স্মাৰক
নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ ইজিপ্তৰ প্রাচীন শাসকৰ তিনি হাজাৰ বছৰীয়া প্রাচীন স্বর্ণ নগৰীৰ ভগ্ণাৱশেষ শেহতীয়াকৈ উদ্ধাৰ হৈছে লাক্সৰৰ সমীপত৷ উল্লেখনীয় যে প্রাচীন সভ্যতাৰ কেন্দ্রস্থল ইজিপ্তত ইয়াৰ পূর্বে টুটামখামুনৰ সমাধিক্ষেত্র উদ্ধাৰ হোৱাৰ পাছত এয়া বৃহৎ প্রত্নতাত্ত্বিক আৱিষ্কাৰ বুলি ঘোষণা কৰিছে দেশখনৰ বিশেষজ্ঞ জাহি হাৱাছে৷ হাৱাছে উল্লেখ কৰা অনুসৰি বালিৰ তলত পোত গৈ আছিল এই প্রাচীন চহৰখনৰ ধ্বংসাৱশেষ৷ ইজিপ্তত এইখনেই আছিল আটাইতকৈ ডাঙৰ প্রাচীন চহৰ, যাক এটেন বুলি জনা গৈছিল৷ ২০২০ৰ ছেপ্ঢেম্বৰত চহৰখনৰ অৱস্থান নিশ্চিত কৰাৰ পাছত ইয়াক কেইসপ্তাহমানৰ ভিতৰতে খনন কৰি উলিওৱা হয়৷ প্রাচীন ইজিপ্তৰ শাসক ফেৰাউন এমেনহ’টেপ তৃতীয়ৰ শাসনৰ সময়ত বিভিন্ন স্মাৰক উদ্ধাৰ হৈছে এই প্রাচীন স্বর্ণ নগৰীৰ ভগ্ণাৱশেষত৷ এমেনহ’টেপ তৃতীয়ই ইজিপ্তক শাসন কৰিছিল ১৩৯১ খ্রীষ্টপূর্বৰ পৰা ১৩৫৩ খ্রীষ্টপূর্বলৈ৷ স্মর্তব্য যে ১৯২২ চনত ব্রিটিছ প্রত্নতত্ত্ববিদ হাৱার্ড কার্টাৰে এমেনহ’টেপৰ পৰৱর্তী ফেৰাউন আই আৰু টুটানখামুনৰ সমাধি আৱিষ্কাৰ কৰিছিল ইয়াৰ সমীপৱর্তী অঞ্চলত৷ ইফালে আমেৰিকাৰ বাল্টিম’ৰস্থিত জনছ হ’পকিনছ বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ অধ্যাপক বেটছী ব্রিয়ানে উল্লেখ কৰিছে যে শেহতীয়া এই আৱিষ্কাৰে ইজিপ্তত প্রত্নতত্ত্বৰ নতুন সমলৰ সন্ধান কৰাৰ উদ্গনি যোগাব৷ কাইৰোৰ পৰা ৫০০ কিলোমিটাৰ দক্ষিণত উদ্ধাৰ হৈছে চহৰখনৰ ধ্বংসাৱশেষ৷