নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ দ্বিতীয় জোৱাৰঃ মুম্বাইত আক্রান্তৰ সংখ্যা ৫ লাখ অতিক্রম

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ ভয়াৱহৰ পৰা অতি ভয়াৱহলৈ আগবাঢ়িছে দেশৰ ক’ভিড–১৯ পৰিস্থিতি৷ প্রতিদিনেই অনাকাংক্ষিত অভিলেখেৰে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পাই আছে৷ যোৱা ২৪ ঘণ্টাত দেশজুৰি ১৪৫,৩৮৪জন লোক আক্রান্ত হৈছে৷ প্রথমতকৈ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত আক্রান্তৰ সংখ্যা এনেদৰে বৃদ্ধি পাই আছে যে দেশৰ পৰিস্থিতি বিপজ্জনক হৈছে৷

যোৱা ২৪ ঘণ্টাত ১.৪৫ লক্ষাধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে প্রাণ হেৰুৱাইছে ৭৪৯জনে৷ ইয়াকে লৈ দেশত মুঠ আক্রান্তৰ সংখ্যা ১.৩২ কোটিৰ অধিক হৈছে আৰু প্রাণ হেৰুওৱা লোকৰ সংখ্যা ১,৬৮,৪৩৬লৈ বৃদ্ধি পাইছে৷ আক্রান্তৰ সংখ্যা বর্ধিত হোৱাৰ ফলত সম্প্রতি দেশত সক্রিয় হৈ থকা ক’ভিড–১৯ ৰোগীৰ সংখ্যাই ১০ লাখ অতিক্রম কৰিলে৷

বিগত ৩১ দিন ধৰি প্রতিদিনে ক’ৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা বৃদ্ধি পাই থকাত সুস্থতাৰ হাৰ নিম্নগামী হৈছে৷ সম্প্রতি দেশত ক’ভিড–১৯ত আক্রান্তৰ সুস্থতাৰ হাৰ ৯০.৮০ শতাংশ৷

ইপিনে, সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষস্থানত থকা মহাৰাষ্ট্রৰ পৰিস্থিতি দিনে দিনে অতি বিপজ্জনক হৈ পৰিছে৷ মুখ্যমন্ত্রী উদ্ধৱ থাক্ৰেই ৰাজ্যখনত সম্পূর্ণ লকডাউনৰ পক্ষত থাকি সর্বদলীয় বৈঠক অনুষ্ঠিত কৰিছে৷ ৰাজ্যখনৰ ৰাজধানী মুম্বাই ক’ভিড–১৯ত সর্বাধিক ক্ষতিগ্রস্ত হৈছে৷ সাধাৰণ জনতাৰ লগতে বলীউডৰ ৰথী–মহাৰথীও ক’ভিড–১৯ত আক্রান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে৷ মায়ানগৰী মুম্বাইত প্রতিদিনে আক্রান্তৰ সংখ্যা বর্ধিত হৈছে৷ যোৱা ২৪ ঘণ্টাত চহৰখনত ৯,২০২জন লোক আক্রান্ত হোৱাত অকল মুম্বাইতে আক্রান্তৰ সংখ্যা ৫ লাখ অতিক্রম কৰিছে৷ তাৎপর্যপূর্ণ যে মুম্বাইত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা জাপান আৰু ইউএইৰ লেখীয়া দেশৰ মুঠ আক্রান্ততকৈ বেছি৷

বিগত ১১ দিনতেই মুম্বাই চহৰত এনেদৰে আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যে প্রথম সময়ছোৱাৰ ৭৫ দিনত যিমানসংখ্যক লোক আক্রান্ত হৈছে, তাতকৈ অধিক লোক ১১ দিনতেই আক্রান্ত হৈছে৷ মহাৰাষ্ট্রত যোৱা ২৪ ঘণ্টাত ৫৮,৯৯৩জন লোক আক্রান্ত হোৱাত মুঠ আক্রান্তৰ সংখ্যা ৩২.৮ লক্ষাধিক হৈছে৷ তেনেদৰে যোৱা ২৪ ঘণ্টাত একেৰাহে তিনি দিনত তিনি শতাধিক লোকে প্রাণ হেৰুওৱাত ৰাজ্যখনত মৃতকৰ সংখ্যা ৫৭,৩২৯জনলৈ বৃদ্ধি পাইছে৷ তেনেদৰে মুম্বাইত কালিৰ দিনটোত ৩৫জন লোকে প্রাণ হেৰুওৱাত মুঠ মৃতকৰ সংখ্যা ১১,৯১৬লৈ বৃদ্ধি পাইছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি মহাৰাষ্ট্র, ছত্তিশগড়, উত্তৰ প্রদেশ, কর্ণাটক, কেৰালা, মধ্যপ্রদেশ, তামিলনাডু, গুজৰাট, ৰাজস্থান আৰু দিল্লীত আক্রান্তৰ সংখ্যা দেশজুৰি মুঠ আক্রান্তৰ ৮৩.২৯ শতাংশ৷

আনপিনে, বিজেপিৰ আদর্শ গুৰু আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতো ক’ভিড–১৯ত আক্রান্ত হৈছে৷ শুকুৰবাৰে নিশা আৰ এছ এছে হিন্দীতে বিবৃতি প্রকাশ কৰি মুৰব্বী ভাগৱত ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি ঘোষণা কৰাৰ লগতে বর্তমান তেওঁক নাগপুৰৰ কিংছৱে হাস্পতালত ভর্তি কৰোৱা বুলি উল্লেখ কৰিছে৷

তাৎপর্যপূর্ণ যে যোৱা ৭ মার্চত আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে ক’ভিড–১৯ৰ প্রথমটো ড’জ লৈছিল৷ তেওঁৰ সৈতে প্রথমটো ড’জ লোৱা আৰ এছ এছৰ সাধাৰণ সম্পাদক সুৰেশ ভায়াজী যোশীয়েও ক’ভিড–১৯ত আক্রান্ত হৈছে৷

আনপিনে, ক’ভিড–১৯ত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে বলীউডৰ প্রবীণ অভিনেতা সতীশ কৌলে৷ কেইবাখনো হিন্দী ছবিৰ লগতে দূৰদর্শনৰ জনপ্রিয় ধাৰাবাহিক মহাভাৰতত অভিনয় কৰা সতীশ কৌলৰ ৬৬ বছৰ বয়সত ক’ভিড–১৯ৰ সৈতে যুঁজি প্রাণ হেৰুৱাবলগীয়া হয়৷ হিন্দী, পাঞ্জাবীকে ধৰি তিনি শতাধিক ছবিত অভিনয় কৰা সতীশ কৌলৰ লুধিয়ানাত মৃত্যু হৈছে৷ ইপিনে, ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা ভয়াৱহ ৰূপত বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত উত্তৰাখণ্ডত শীতকালীন ৰাজধানী ডেৰাডুনত নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ অহা ৩০ এপ্রিললৈকে নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈকে ডেৰাডুনত নৈশ সান্ধ্য আইন বলৱৎ হৈ থাকিব৷ হৰিদ্বাৰ, নাইনিটালকে ধৰি সকলো চহৰতে প্রথম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ পাঠদান ৩০ এপ্রিললৈকে বন্ধ ঘোষণা কৰা হৈছে৷ ৰাজস্থানতো অনুৰূপ পৰিৱেশ সৃষ্টি হোৱাত জয়পুৰ, যোধপুৰকে ধৰি ৯খন চহৰত সন্ধিয়া আঠ বজাৰ পৰা পুৱা ৬ বজালৈকে সান্ধ্য আইন ঘোষণা কৰা হৈছে৷ অহা ৩০ এপ্রিললৈকে নৈশ সান্ধ্য আইন বলৱৎ থাকিবলগীয়া চহৰকেইখন হৈছে আজমেৰ, আলৱাৰ, ছিটোৰগড়, ভিলৱাৰা, ডুংগাৰপুৰ, জয়পুৰ, যোধপুৰ, কোটা আৰু আবুৰোড৷ উদয়পুৰতো সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে সান্ধ্য আইন বলৱৎ কৰা হৈছে৷

You might also like