নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২ মে’ৰ পাছত শ্বহীদ পৰিয়ালৰ বাবে কৰণীয়খিনি কৰিব চৰকাৰে

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ ৰাষ্ট্রীয় শ্বহীদ দিলীপ কুমাৰ দাসৰ পৰিয়ালৰ বাবে কৰণীয়খিনি ২ মে’ৰ পাছত পর্যায়ক্রমে চৰকাৰে কৰিব৷ –শনিবাৰে এই মন্তব্য কৰিছে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

উল্লেখ্য যে যোৱা ৩ এপ্রিলত ছত্তিশগড়ৰ বিজাপুৰত মাওবাদীৰে হোৱা সংঘর্ষত কৰুণভাৱে মৃত্যুক আঁকোৱালি লোৱা ২১০নং কোব্রা বেটেলিয়নৰ পৰিদর্শক তথা বীৰ শ্বহীদ দিলীপ কুমাৰ দাস আৰু দুধনৈৰ বাবলু ৰাভাৰ পৰিয়ালবর্গক সমবেদনা জনোৱাৰ উদ্দেশ্যে কালি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শ্বহীদ দুগৰাকীৰ গৃহত উপস্থিত হয়৷ তেওঁ শোকাহত শ্বহীদ দিলীপ কুমাৰ দাসৰ ঘৰলৈ গৈ চোতালত সজাই থোৱা পুষ্পসজ্জিত শ্বহীদগৰাকীৰ প্রতিচ্ছবিত পুষ্পাঞ্জলি অর্পণ কৰি শ্রদ্ধা জ্ঞাপন কৰে৷

লগতে তেওঁ পৰিয়াটোৰ সদস্যসকলক সমবেদনা জ্ঞাপন কৰি কয়– বীৰ শ্বহীদ দিলীপ কুমাৰ দাসলৈ সমগ্র অসমবাসী ৰাইজৰ হৈ গভীৰ শ্রদ্ধা জ্ঞাপন কৰিলোঁ৷ শ্বহীদ পৰিয়ালটোৰ বিভিন্ন অভাৱ–অভিযোগসমূহ দুই মে’ৰ পাছত পর্যায়ক্রমে দূৰ কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব বুলিও তেওঁ কয়৷ কালি দুপৰীয়া প্রায় ১২ বজাত শ্বহীদ দিলীপ কুমাৰ দাসৰ বাসগৃহত মন্ত্রীগৰাকীৰ লগত সাংসদ পল্লৱলোচন দাস আৰু বিজেপিৰ উপ–সভাপতি পুলক বুঢ়াগোহাঁয়ো উপস্থিত হৈ শ্বহীদগৰাকীৰ প্রতিচ্ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

মন্ত্রী ড০ শর্মাই শ্বহীদগৰাকীৰ পৰিয়ালবর্গক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে শ্বহীদগৰাকীৰ পত্নী, ভাতৃ, পিতৃ সমন্বিতে পৰিয়ালটোৰ আটাইকেইজন সদস্যৰ অৱস্থাৰ বুজ লোৱাৰ লগতে শ্বহীদ দিলীপ কুমাৰ দাসৰ ব্যক্তিত্বৰ বিষয়ে অৱগত হৈ শোকাহত পৰিয়ালটোৰ কাষত তেওঁলোক সদায় আছে আৰু থাকিব বুলি প্রতিশ্রুতি দিয়ে৷ তদুপৰি পত্নী, দুটি কণ কণ নাবালিকা কন্যা সন্তান আৰু বৃদ্ধ পিতৃ–মাতৃক ইহসংসাৰত নিথৰুৱা কৰি দেশৰ হকে আত্মবলিদান দিয়া চি আৰ পি এফৰ পৰিদর্শক দিলীপ কুমাৰ দাসৰ পত্নী প্রাঞ্জলি (পপী) দাসক পৰৱর্তী চৰকাৰ গঠন কৰাৰ পাছতে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও ড০ শর্মাই আশ্বাস দিয়ে৷

ইপিনে শ্বহীদগৰাকীৰ নিজ গাঁও ভাৰেগাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা মন্ত্রীগৰাকীক সম্বর্ধনা জ্ঞাপন কৰাৰ লগতে শ্বহীদগৰাকীৰ সমাধিক্ষেত্রত এটা শ্বহীদ বেদী স্থাপন আৰু সমাধিক্ষেত্র সংযোগী গোহঁাই কমল আলিটোৰ লগতে বীৰ শ্বহীদগৰাকীৰ ঘৰৰ সন্মুখৰ কেঁচা পথছোৱাও পকী কৰি শ্বহীদগৰাকীৰ নামত নামকৰণ কৰিবলৈ আহ্বান জনোৱাত মন্ত্রীগৰাকীয়ে অহা ২ মে’ৰ পাছত সকলো কাম পর্যায়ক্রমে কৰা হ’ব বুলি স্থানীয় ৰাইজক আশ্বাস দিয়ে৷ ইপিনে শ্বহীদ পৰিয়ালটোক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰাৰ পাছত তাত উপস্থিত থকা স্থানীয় ৰাইজৰ লগতো মন্ত্রীগৰাকীয়ে মত বিনিময় কৰে৷

বীৰ শ্বহীদ বাবলু ৰাভাৰ পৰিয়ালৰ কাষত ড০ হিমন্ত বিশ্ব শর্মা

ছত্তিশগড়ত নক্সালবাদীৰ আক্রমণত দেশৰ বাবে প্রাণ আহুতি দিয়া দুধনৈৰ দামৰাৰ বীৰ শ্বহীদ বাবলু ৰাভাৰ ঘৰত শনিবাৰে উপস্থিত হয় বিত্ত–স্বাস্থ্য–শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা৷ হেলিকপ্টাৰযোগে দুধনৈৰ দামৰাত পুৱা ১১ বজাত উপস্থিত হয় বিত্ত, স্বাস্থ্য, শিক্ষামন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা৷

শ্বহীদগৰাকীৰ নিজ বাসগৃহত উপস্থিত হৈ শ্বহীদগৰাকীৰ প্রতিচ্ছবিত মাল্যার্পণ কৰি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শ্বহীদ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ বিত্ত–স্বাস্থ্য–শিক্ষামন্ত্ৰী ড০ শর্মাক সংগ দিয়ে সাংসদ পল্লৱলোচন দাসে৷ মন্ত্রীগৰাকীয়ে বীৰ শ্বহীদ বাবলু ৰাভাৰ পত্নী লিপিকা ৰাভা আৰু সাত বছৰীয়া কণমানি সন্তানৰ সৈতে মত বিনিময় কৰে৷

ইপিনে দামৰা–পাটপাৰা ৰাভা সমাজে শ্বহীদ বাবলু ৰাভাৰ পৰিয়ালৰ যিকোনো এজন সদস্যক চৰকাৰী চাকৰি প্রদান, শ্বহীদগৰাকীৰ পৱিত্র স্মৃতিত দামৰা–পাটপাৰা গাঁৱত শ্বহীদ ভৱন নির্মাণ আৰু দামৰাৰ ৬২ নম্বৰ ৰাষ্ট্রীয় ঘাইপথৰ পৰা বীৰ শ্বহীদ বাবলু ৰাভাৰ বাসগৃহলৈ ৮০০ মিটাৰ দূৰত্বৰ পকী পথ নির্মাণৰ বাবে অনুৰোধ জনাই এখন স্মাৰক–পত্র প্রদান কৰে৷ আগন্তুক দুই মে’ৰ পাছত পৰিয়ালৰ সমস্যাসমূহ পর্যায়ক্রমে পৰিয়ালৰ স’তে আলোচনা কৰি সমাধানৰ ব্যৱস্থা কৰা হ’ব বুলি শ্বহীদ পৰিয়াল তথা ৰাইজক জানিবলৈ দিয়ে মন্ত্রী ড০ শর্মাই৷

আনহাতে, ক’ভিড সম্পর্কত সাংবাদিকসকলৰ আগত মন্ত্রীগৰাকীয়ে ৪৫ বছৰ ঊর্ধ্বৰ লোক আৰু শিক্ষকসকলক ভেকচিন ল’বৰ বাবে আহ্বান জনায়৷ অসমত বর্তমান লকডাউন দিয়াৰ পৰিস্থিতি হোৱা নাই বুলি উল্লেখ কৰে ড০ শর্মাই৷

You might also like