কামাখ্যা ধামত ৩, পল্টন বজাৰ ৰে’ল ষ্টেচনত ১৯ ক’ৰোনা সংক্ৰমিত লোক
নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ ক’ৰোনাৰ প্ৰকোপ দেশজুৰি ব্যাপক হাৰত বৃদ্ধি হৈ আছে। বিগত ২৪ ঘণ্টাত ১,৫২,৮৭৯গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈছে দেশত। আনহাতে, ২৪ ঘণ্টাত দেশত মৃত্যুবৰণ কৰিছে ৮৩৯গৰাকী লোক।
ইয়াৰ মাজতে অসমতো ক’ৰোনাক লৈ ৰাজ্য চৰকাৰে ক’ভিড টেষ্টৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই হিচাপে অসমৰ শক্তিপীঠ কামাখ্যা ধামত ৩গৰাকী দৰ্শনাৰ্থীৰ দেহত ক’ৰোনা ধৰা পৰিছে। আনহাতে পল্টনবজাৰ ৰে’ল ষ্টেচনত ৫০০গৰাকীক ক’ভিড টেষ্ট কৰাৰ পিছত ১৯গৰাকীৰ দেহত ক’ৰোনা ধৰা পৰিছে।
বিগত ২৪ ঘণ্টাত অসমত ৪০৫ গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে। ইয়াৰে ১৪৫ গৰাকী কামৰূপ মহানগৰৰ হোৱাৰ লগতে কামৰূপ গ্ৰাম্যত ২৮গৰাকী।