নিয়মীয়া বাৰ্তা ১৩ এপ্ৰিলঃ দেশৰ কেইবাখনো ৰাজ্যত ক’ৰোনাৰ দ্বিতীয় ঢ়ৌৱে পৰিৱেশ ভয়াৱহ কৰি তোলাৰ সময়তে অসমতো ক্রমাৎ বৃদ্ধি পাব লাগিছে ক’ভিড–১৯ৰ সংক্রমণ৷ দেওবাৰৰ দিনটোত ৰাজ্যত ৩৫২গৰাকী লোক ক’ৰোনাত আক্রান্ত হোৱাৰ লগতে এজন লোকৰ মৃত্যু হৈছে৷ পৰিতাপৰ বিষয়টো হ’ল যে গুৱাহাটীত এই সংক্রমণ সর্বাধিক হাৰত বৃদ্ধি পাইছে৷ দেওবাৰে মহানগৰীত ১৮৬গৰাকী লোক আক্রান্ত হোৱাৰ বিপৰীতে ডিব্রুগড়ত আক্রান্ত হোৱা লোকৰ সংখ্যা আছিল ২৩গৰাকী৷ আনহাতে, কামৰূপ জিলাত ১৩গৰাকী, নগাঁও জিলাত ১৮গৰাকী আৰু কাছাৰত ১০গৰাকী লোক ক’ৰোনাত আক্রান্ত হয় দেওবাৰৰ দিনটোত৷ অৱশ্যে আক্রান্তৰ হাৰ এতিয়াও যথেষ্ট নিম্নগামী হৈ আছে৷ ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পোৱাৰ সময়তে ৰাজ্য চৰকাৰে ক’ভিড পৰীক্ষাৰ ওপৰত সর্বাধিক গুৰুত্ব দিছে৷
স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে প্রকাশ কৰিছে যে প্রতিদিনে ১ লাখ লোকক ক’ভিড পৰীক্ষা কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ সেই অনুসৰি সোমবাৰে এক লাখ লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰাৰ বাবে মন্ত্রী ড০ শর্মাই স্বাস্থ্য বিভাগৰ বিষয়া–কর্মীক ধন্যবাদ জ্ঞাপন কৰিছে৷ ইফালে ক’ভিড পৰীক্ষাৰ লগতে ভেকচিন প্রদানৰ ক্ষেত্রতো গুৰুত্ব দিছে ৰাজ্য চৰকাৰে৷ ৪৫ বছৰৰ ঊর্ধ্বৰ প্রতিগৰাকী ব্যক্তিকে ক’ৰোনাৰ টিকা লোৱাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে আহ্বান জনাইছে৷ উল্লেখ্য যে টিকাকৰণৰ বাবে চৰকাৰে আহ্বান জনোৱা সময়তে ৰাজ্যত ভেকচিনৰ নাটনি হোৱা বুলি যি চর্চা চলিছে, তাক সম্পূর্ণৰূপে নস্যাৎ কৰিছে স্বাস্থ্য বিভাগে৷
স্বাস্থ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে ৰাজ্যত এতিয়াও মজুত আছে ২ লাখ ভেকচিন৷ ১৬ এপ্রিলৰ পূর্বে অসমলৈ আহিব ৮ লাখ ভেকচিন৷ মন কৰিবলগীয়া যে বর্তমানলৈ ১২,৩৫,৭৬৭গৰাকী লোকক ভেকচিনৰ প্রথম ড’জ প্রদান কৰা হৈছে৷ আনহাতে, ১০ এপ্রিললৈ ২,৪৯,৬১৯গৰাকী লোকক প্রদান কৰা হৈছে ভেকচিনৰ দ্বিতীয়টো ড’জ৷ বর্তমান প্রতিদিনে ৪০ হাজাৰৰ পৰা ৫০ হাজাৰ লোকে ভেকচিন গ্রহণ কৰি আছে৷ বিহু উপলক্ষে অহা তিনি দিনলৈ চৰকাৰী কার্যালয় তথা অনুষ্ঠান–প্রতিষ্ঠান বন্ধ থাকিবলগা হেতুকে ভেকচিন গ্রহণৰ বাবে ভিৰ হোৱাৰ সম্ভাৱনা আছে৷ মুখ্যতঃ এই বিষয়টোক লৈয়ে ৰাজ্যলৈ অধিক হাৰত ভেকচিন অনাত গুৰুত্ব দিছে স্বাস্থ্য বিভাগে৷
সংক্রমণ বৃদ্ধিক লৈ চলি থকা শংকাৰ মাজতে ৰাজ্য চৰকাৰে ইতিমধ্যে স্পষ্ট কৰি দিছে যে কোনো কাৰণতে অসমত লকডাউন দিয়া নহয়৷ যিহেতু ক’ৰোনাত আক্রান্তৰ পজিটিভিটিৰ হাৰ ৫ শতাংশৰ তলত আছে, গতিকে বিষয়টোক লৈ শংকাৰ প্রয়োজন নাই৷ ৰাজ্য চৰকাৰে বহিঃৰাজ্যৰ পৰা অহা, বিশেষকৈ মহাৰাষ্ট্র আৰু কর্ণাটকৰ পৰা অহা যাত্রীক ক’ৰোনা পৰীক্ষা অধিক কঠোৰ কৰি তুলিছে৷ সমান্তৰালভাৱে কলকাতাৰ পৰা অহা যাত্রীৰ ক্ষেত্রতো ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি ৰাজ্যত বৃদ্ধি পোৱা ক’ৰোনা আক্রান্তৰ সৰহসংখ্যকেই হ’ল বহিঃৰাজ্যৰ পৰা অহা লোক৷ অসমৰ অতি কমসংখ্যক লোকেহে সংক্রমণৰ ফলত আক্রান্ত হৈছে৷ তথাপি স্বাস্থ্য বিভাগে পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখিছে৷ ইফালে, বিহুৰ এছ অ’ পিক লৈ একাংশ বিহু কমিটীয়ে প্রকাশ কৰা অসন্তুষ্টিৰ পাছতো বিহুৰ সাংস্কৃতিক অনুষ্ঠান নিশা ১১ বজাৰ ভিতৰত অন্ত পেলাবলৈ কঠোৰ নির্দেশ দিছে জিলা প্রশাসনে৷
নগাঁৱত ক’ৰোনাত পুনৰ ২৯জন আক্রান্ত
নগাঁৱত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ৰোনা আক্রান্তৰ সংখ্যা৷ আজি ২৯জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ইয়াৰে চাৰিজনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷ জিলাখনত বর্তমানলৈকে ৯৭গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷
যোৰহাটত ২২জন আক্রান্ত
ৰাজ্যৰ অন্যান্য প্রান্তৰ লগতে যোৰহাট জিলাতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা৷ আজিৰ দিনটোত ২২জন লোক পজিটিভ বুলি চিনাক্ত হৈছে৷ ইয়াকে লৈ জিলাখনত ক’ৰোনাত আক্রান্তৰ সংখ্যা ১০৭জনলৈ বৃদ্ধি পালে৷
ক’ৰোনাৰ শংকা, মঙলদৈ শান্তিপুৰ ৰঙালী বিহুৰ কার্যসূচী বাতিল
ক’ৰোনাৰ বাবে দুবাৰকৈ বাতিল কৰিবলগীয়া হ’ল মঙলদৈৰ আগশাৰীৰ ৰঙালী বিহুৰ অনুষ্ঠান৷ ক’ভিডৰ ভয়াৱহতা আৰু প্রশাসনে বান্ধি দিয়া নীতি–নির্দেশনাৰ বাবে শান্তিপুৰ ৰঙালী বিহু সন্মিলনৰ কার্যসূচী বাতিল কৰা হৈছে৷ সমিতিৰ হৈ শান্তিপুৰ সংঘৰ সম্পাদক তথা দৰং জিলাৰ গ্রামোন্নয়ন অভিকৰণৰ কার্যবাহী অভিযন্তা ভবেন বর্মনে এই সন্দর্ভত প্রকাশ কৰা মতে বিগত বর্ষত ২৭ লাখ টকাৰে বিহুৰ কার্যসূচী অনুষ্ঠিত কৰাৰ বাবে প্রস্তুত হৈছিল যদিও ক’ৰোনাৰ বাবে এই কার্যসূচী যোৱাবাৰ বাতিল কৰা হয়৷ এইবাৰো ৰঙালী বিহুৰ পূর্বে ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পোৱা হেতু চৰকাৰী নীতি–নির্দেশনা পালন কৰি তিনিদিনীয়া কার্যসূচীৰে বিহু সামৰিব শান্তিপুৰ ৰঙালী বিহু সন্মিলনীয়ে৷ ইফালে, যোৱা চাৰি দিনত দৰঙত ১৪জন লোক ক’ৰোনাত আক্রান্ত হোৱাৰ পাছত আজি পুনৰ ১৭জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷
ৰহাত চাৰিজন আক্রান্ত
ৰহাত একেদিনাই তিনিজন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ আক্রান্ত হোৱা তিনিজনৰ দুজন ৰহা ষ্টেট বেংক শাখাৰ কর্মচাৰী আৰু আনগৰাকী হৈছে বেংক কর্মচাৰীৰ পত্নী৷ আনহাতে, ৰহাৰ চাপৰমুখৰ আন এগৰাকীও ক’ৰোনাত আক্রান্ত হৈছে৷
ধুবুৰীত দুজন আক্রান্ত
ধুবুৰী চহৰত দুগৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ আক্রান্ত লোক দুজন হ’ল ধুবুৰীৰ ৩নং আৰু ১১নং ৱার্ডৰ বাসিন্দা৷ এই লোক দুজনৰ এজন গুৱাহাটীৰ পৰা ধুবুৰীলৈ আহিছিল আৰু আনজন কলকাতাৰ পৰা ধুবুৰীলৈ আহিছিল৷
আনন্দবজাৰ কচুগাঁৱত দুগৰাকী মহিলা ক’ৰোনাত আক্রান্ত
শালবাৰী মহকুমাৰ অন্তর্গত আনন্দ বজাৰৰ কচুগাঁৱত দুগৰাকী মহিলা শেহতীয়াকৈ ক’ৰোনাত আক্রান্ত হৈছে৷ প্রাপ্ত তথ্য অনুসৰি আজি কচুগাঁৱৰ দুগৰাকী মহিলাই নিমুৱা প্রাথমিক স্বাস্থ্যকেন্দ্রত চিকিৎসাৰ বাবে গৈছিল৷ দুয়োগৰাকী মহিলাক পৰীক্ষা কৰাত ক’ৰোনাত আক্রান্ত বুলি চিনাক্ত হয়৷
ক’ৰোনাত আক্রান্ত ৪, দ্বিধাহীনভাৱে কাজিৰঙাত ৰাজ্য–বহিঃৰাজ্যৰ পর্যটক
কাজিৰঙালৈ আগমন ঘটা ৩ পর্যটক ক’ৰোনাত আক্রান্ত হোৱাৰ খবৰে পর্যটনস্থলীখনত হাহাকাৰ অৱস্থা সৃষ্টি কৰিছে৷ কাজিৰঙাৰ কঁহৰাস্থিত ব্যক্তিগত ফ্ল’ৰিকান পর্যটন নিৱাসত বাহৰ পাতি থকা ৬জনীয়া পর্যটকৰ দল এটাৰ মহিলাসহ তিনিগৰাকী ক’ৰোনাত আক্রান্ত হৈছে৷ অৱশ্যে এই ঘটনাৰ পাছতে পর্যটন নিৱাসটো বন্ধ কৰি দিয়া হৈছে৷ স্বাস্থ্য বিভাগৰ সূত্র অনুসৰি আক্রান্ত হোৱা তিনিওগৰাকী হ’ল হায়দৰাবাদ নিৱাসী প্রদীপ কুমাৰ (২৮), বি অনুশা (২৬) আৰু সুজাতা দেৱী (২৩)৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পোৱাৰ পাছতো উদ্যান কর্তৃপক্ষই দুই–এক নিয়মমাফিক ব্যৱস্থাৰ বাহিৰে আন কোনো সচেতনতামূলক কার্যসূচী গ্রহণ কৰা নাই৷
কোকৰাঝাৰৰ ভূটীয়াপাৰাত প্রাথমিক বিদ্যালয়ৰ শিক্ষক আক্রান্ত
কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰত ১০৫৯নং ভূটীয়াপাৰা প্রাথমিক বিদ্যালয়ৰ টেট শিক্ষয়িত্রী উপমা (৩৭) ক’ৰোনাত আক্রান্ত হৈছে৷ ইফালে, শিক্ষয়িত্রীগৰাকী আক্রান্ত হোৱাৰ পাছতে চিকিৎসকৰ এটা দল বিদ্যালয়খনত উপস্থিত হৈ ছাত্র–ছাত্রীসকলৰ এণ্টিজেন টেষ্ট সম্পন্ন কৰে৷ জিলাখনত ইতিমধ্যে ৪১৩জন লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন হৈছে৷
নগৰবেৰাত আশাকর্মীসহ ১০জন ক’ৰোনাত আক্রান্ত
নগৰবেৰা ব্লক প্রাথমিক স্বাস্থ্যকেন্দ্রৰ অন্তর্গত কেইবাস্থানতো স্বাস্থ্য বিভাগে ক’ৰোনাৰ পৰীক্ষা অব্যাহত ৰখাত এগৰাকী আশাকর্মীসহ মুঠ ১০জন ক’ৰোনাত আক্রান্ত হৈছে৷ উল্লেখ্য যে স্বাস্থ্য বিভাগে এণ্টিজেন টেষ্টৰ জৰিয়তে এইকেইজন লোকক পজিটিভ চিনাক্ত কৰিছিল৷
চেঙাত এজন আক্রান্ত
বৰপেটা জিলাৰ চেঙাত আজি এজন লোক ক’ৰোনা পজিটিভ হিচাপে চিনাক্ত হয়৷ লোকজন চেঙাৰ বামপাৰাৰ (গণকপাৰা) ৰমেশ চন্দ্র দাস (৭১) বুলি জানিব পৰা গৈছে৷ লোকজনে আজি চেঙা খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্রত ক’ৰোনাৰ ভেকচিন গ্রহণৰ বাবে উপস্থিত হৈছিল৷ ভেকচিনৰ পূর্বে লোকজনৰ এণ্টিজেন টেষ্ট পৰীক্ষা কৰাত তেওঁ পজিটিভ ৰূপে চিনাক্ত হয়৷
বঙাইগাঁৱত ১৯গৰাকী ক’ৰোনাত আক্রান্ত
বঙাইগাঁৱত পুনৰ ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে৷ আজিৰ দিনটোত ১৯গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ এণ্টিজেন পৰীক্ষাত এই লোককেইজন পজিটিভ বুলি চিনাক্ত হৈছে৷ আক্রান্তসকলৰ মাজত এজন শিক্ষক আছে৷ শিক্ষকগৰাকী ক’ৰোনাত আক্রান্ত হোৱাৰ খবৰে বিদ্যালয়ৰ ছাত্র–ছাত্রী আৰু অভিভাৱকসকলৰ মাজত শংকা সৃষ্টি কৰিছে৷ বর্তমান বঙাইগাঁও জিলাত ক’ৰোনাৰ আক্রান্তৰ সংখ্যা ৪৪গৰাকীলৈ বৃদ্ধি পাইছে৷
আজাৰাত ১২জন আক্রান্ত
আজি আজাৰাত ১২জনকৈ লোক ক’ৰোনাত আক্রান্ত হৈছে৷ প্রাপ্ত তথ্য অনুসৰি আজাৰা প্রাথমিক স্বাস্থ্যকেন্দ্রত ৪৭৯গৰাকী লোকৰ এণ্টিজেন পৰীক্ষা কৰা হৈছিল৷ ইয়াৰে ১২জনৰ ফলাফল পজিটিভ বুলি চিনাক্ত হৈছে৷ আক্রান্তসকলৰ ভিতৰত ৰাণী ঔদ্যোগিক এলেকাৰ চাৰিজন, খনামুখৰ ৭জন আৰু আজাৰা গধূলি বজাৰৰ এজন বুলি চিনাক্ত হৈছে৷ ইফালে, কালি পাণ্ডুৰ কামাখ্যা কলনীত সঞ্জয় ভট্টাচার্য নামৰ এজন লোক ক’ৰোনাত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷