নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচন আহিলে পশ্চিমবংগত এনে হয়

অসম, তামিলনাডু, কেৰালা, পডুচেৰী বিধানসভা নির্বাচনৰ ভোটগ্রহণ শেষ৷ প্রক্রিয়াটো শেষ হোৱা নাই মাথোঁ পশ্চিমবংগত৷ নির্বাচন আয়োগে ৰাজ্যখনত আঠটা পর্যায়ত ভোটগ্রহণৰ দিহা কৰিছে৷ সেয়ে অব্যাহত আছে ভোটগ্রহণ আৰু নির্বাচনী প্রচাৰ৷ সমান্তৰালকৈ অব্যাহত আছে নির্বাচনী হিংসা৷ আৰু এইবেলিৰ নির্বাচনত এইটোৱেই পশ্চিমবংগক বাকী তিনিখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত পডুচেৰীৰ সৈতে পৃথক কৰি ৰাখিছে৷ অসম, তামিলনাডু, কেৰালা আৰু পডুচেৰীত সামগ্রিকভাৱে এইবাৰ নির্বাচনী হিংসা সংঘটিত হোৱাই নাই বুলিয়েই পাৰি৷ কিন্তু পূর্বৰ নির্বাচনৰ দৰে এইবাৰো হিংসাৰ ক্ষেত্রত একেই থাকিল পশ্চিমবংগ৷ হত্যা, আক্রমণ, মাৰপিট, অগ্ণিসংযোগ, ভীতি প্রদর্শন আদি একোৰে পৰা বাদ পৰি নাথাকিল অসমৰ প্রতিৱেশী ৰাজ্যখন৷ সকলো একেই থাকিল৷ চতুর্থ পর্যায়ৰ ভোটগ্রহণত ৰাজ্যখন ৰক্তস্নাতা হৈ পৰে৷ হিংসা–প্রতিহিংসা, সংঘাতত পাঁচজন লোকৰ প্রাণহানি ঘটে৷ এতিয়া ইয়াকে লৈ ৰাজ্যখনৰ বিদ্বৎ সমাজত চলিছে প্রবল আত্মসমালোচনা৷ নিজৰ মাজতে প্রশ্ণ উঠিছে, নির্বাচন আহিলেই পশ্চিমবংগত কিয় এনে হয়৷
পশ্চিমবংগৰ জনসাধাৰণে বাঙালী হিচাপে নিজকে গৌৰৱ কৰে৷ সৰল অর্থত ক’বলৈ গ’লে, বাঙালী এটা গৌৰৱী জাতি৷ তেওঁলোকে যথার্থতে নিজকে সাহিত্য–সাংস্কৃতিক, ক্রীডা, মূল্যবোধ, প্রগতিশীল চিন্তাধাৰাৰে এটা সমৃদ্ধ জাতি বুলি গণ্য কৰে৷ এইবোৰ কাৰণতে বাঙালীয়ে দেশৰ অন্য অংশত আনৰ পৰা অলপ সুকীয়াকৈ গুৰুত্ব লাভ কৰে৷ কিন্তু যেতিয়াই নির্বাচন আহে, তেতিয়াই যেন গৌৰৱী জাতিটোৰ একাংশই সেই কথা পাহৰি যায়৷ গুণ–গৰিমা সকলো জলাঞ্জলি দি হিংসাশ্রয়ী হৈ পৰে৷ নির্বাচনী পৰিৱেশত পশ্চিমবংগ হৈ পৰে এখন ভিন্ন ৰাজ্য৷ এইটো মোৰ কথা নহয়৷ বিষয়টো ৰাজ্যখনত চলি থকা ব্যাপক নির্বাচনী হিংসাত মর্মাহত বঙালী বিদ্বৎ সমাজৰ৷ এইকেইদিন পসিমবংগৰ সংবাদ মাধ্যমত ইয়াকে লৈ ব্যাপক হাৰত দুখ–বেদনা, সমালোচনা, চর্চা চলিছে৷ সকলোৰে প্রশ্ণ এটাই– নির্বাচনী আহিলে কি হৈ যায় গৌৰৱী বঙালীৰ? কিয় সকলোবোৰ পাহৰি হিংসাৰ বাবে একাংশ লোক উন্মত্ত হৈ পৰে?
২৯৪খন আসনবিশিষ্ট পশ্চিমবংগত এইবাৰ প্রত্যাৱর্তন বনাম পৰিৱর্তনৰ এখন তয়াময়া ৰণ চলিছে৷ এফালে আছে তৃণমূল কংগ্রেছ নেত্রী তথা ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনার্জী আৰু প্রতিপক্ষত শক্তিশালী ৰূপত অৱস্থান কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ নেতৃত্বাধীন বিজেপিৰ বিশাল বাহিনীটো৷ মমতাই বিনাযুদ্ধে সূচাগ্র মেদিনী এৰি নিদিওঁ বজ্রনিনাদ কৰাৰ সমান্তৰালকৈ বিজেপিও সমানে ৰণহুংকাৰ দি বংগত পৰিৱর্তনৰ বাবে সংকল্পবদ্ধ হৈছে৷ এনে প্রেক্ষাপটত নির্বাচনী যুঁজখন উত্তেজনাময় আৰু আকর্ষণীয় হৈ উঠাটো স্বাভাৱিক৷ কিন্তু ইয়াৰ অর্থ এইটো নহয় যে গণতন্ত্রৰ মহোৎসৱটোক ৰক্তেৰে ৰঞ্জিত কৰা হওক৷ যুঁজখন ইভিএমত হ’ব লাগিছিল৷ মানুহৰ চেতনাত হ’ব লাগিছিল৷ বাঙালী বিদ্বৎ সমাজখনেও মনে–প্রাণে তাকেই কামনা কৰিছিল৷ কিন্তু হ’ল ঠিক ওলোটা৷ যিটো পথেৰে বামপন্থীৰ অভিলেখসংখ্যক কার্যকালৰ শাসন ওফৰাই মমতা বেনার্জীয়ে বংগৰ ক্ষমতা দখল কৰিছিল, সেই একেটা পথেৰে এইবাৰো ৰাজ্যখন অগ্রসৰ হৈছে৷ বিশেষকৈ চতুর্থ পর্যায়ৰ ভোটগ্রহণ আছিল পশ্চিমবংগৰ নির্বাচনী ইতিহাসৰ পুনৰাবৃত্তি ঘটোৱাৰ নির্মম–বাঞ্ছিত–বেদ্ স্বাক্ষৰ৷ সেইদিনটোত কোচবিহাৰত পাঁচজন লোকৰ প্রাণহানি ঘটে৷ গুলী–বাৰুদৰ ধোঁৱাত কলংকিত হৈ পৰে গণতন্ত্রৰ মহোৎসৱ৷
বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক ৰাষ্ট্র ভাৰতবর্ষত গণতান্ত্রিক শাসন ব্যৱস্থাটোৱে ইতিমধ্যে এটা দীঘলীয়া বাট অতিক্রমী আহিল৷ যাত্রাটোৱে জনসাধাৰণক বহুখিনি শিকালে৷ যথেষ্টখিনি পৰিপক্ব হ’ল ভাৰতৰ গণতন্ত্র৷ অৱশ্যে যাত্রাপথৰ অভিজ্ঞতা সিমান সুখকৰো নহ’ল৷ প্রতাৰণা–প্রৱঞ্চনা মূলতঃ জনসাধাৰণৰ প্রধান অভিজ্ঞতা হৈ পৰিল৷ তৎসত্ত্বেও দেশখনৰ জনসাধাৰণে হিলদল ভাঙি নির্বাচনত অংশগ্রহণ কৰে৷ এইদৰেই গণতন্ত্র মহীয়ান হয়৷ ক্রমশঃ হ্রাস পাই আহে নির্বাচনী হিংসাৰ প্রকোপ৷ কিন্তু দুর্ভাগ্যজনকভাৱে পশ্চিমবংগত প্রায় একেই থাকিল নির্বাচনী ছবিখন৷ ভোটদানৰ হাৰ বৃদ্ধি পাই গৈ থাকিলেও হ্রাস পোৱা নাই হিংসাৰ পৰিসংখ্যা৷ ইয়াৰ অর্থ জানো এয়া, বাঙালীসকল গণতন্ত্রত বিশ্বাসী নহয়? নিশ্চিতভাৱে এইটো কাৰণ হ’ব নোৱাৰে৷ দেশৰ অন্যান্য অংশৰ জনসাধাৰণৰ দৰেই বাঙালীৰ মাজত আছে গণতন্ত্রৰ প্রতি সীমাহীন ভক্তি৷ সেইবাবেই ৰাজ্যখনৰ ভোটাৰে অভিলেখ ভাঙি ভোটদান কৰে৷ ভোটকেন্দ্রত দীঘল দীঘল শাৰীত থিয় হৈ ভোটাধিকাৰ সাব্যস্ত কৰে৷ তেন্তে কিয় বাৰে বাৰে ঘটনাবোৰ ঘটে আৰু বাঙালীৰ গৰিমা ভূ–লুণ্ঠিত হয়? কথাটো বংগৰ জনসাধাৰণে চিন্তা কৰি চোৱা উচিত৷ নির্বাচনী হিংসা যদি বংগৰ ইতিহাস নহ’লহেঁতেন বা মাজতে কোনোবা এটা বিন্দুত ইয়াক সলনি কৰা চেষ্টা চলিলহেঁতেন, এইবেলি পশ্চিমবংগ বিধানসভা নির্বাচনৰ ভোটগ্রহণ আঠটা পর্যায়ত অনুষ্ঠিত হোৱাৰ কোনো পথেই নাছিল৷ তামিলনাডুৰ দৰে বিশাল ৰাজ্য এখনত দুটা পর্যায়ত ভোটগ্রহণ সমাপ্ত হৈছে৷ কিন্তু আজিলৈকে বংগত নির্বাচনী হিংসাৰ ইতিহাস সলনি কৰাৰ প্রভাৱশালী প্রয়াস নচলিল৷ নির্বাচনী সময়সূচী ঘোষণাৰ বহু পূর্বে ৰাজ্যখনত নির্বাচনী হিংসাৰ ধাৰাবাহিকতা আৰম্ভ হয়৷ প্রচেষ্টা–প্রয়াস নচলা বাবেই এইবাৰো বাঙালী বিদ্বৎ সমাজে নিজকে প্রশ্ণ কৰিবলৈ বাধ্য হৈছে– নির্বাচন আহিলে বাঙালীৰ কিয় এনে হয়?

You might also like