নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মানাহলৈ পবিতৰাৰ দুটা গঁড়

দিনৰ ১২ বজালৈ পর্যটকৰ বাবে বন্ধ ৰাষ্ট্রীয় উদ্যান

নিয়মীয়া বাৰ্তা ১৩ এপ্ৰিলঃ আজি পর্যটকৰ বাবে বন্ধ থাকিব বিশ্ব ঐতিহ্যক্ষেত্র মানাহ ৰাষ্ট্রীয় উদ্যান৷ দিনটোত পবিতৰা অভয়াৰণ্যৰ পৰা অনা দুটা গঁড মানাহৰ বাঁহবাৰী বনাঞ্চলত মুকলি কৰি দিয়া হ’ব৷ যাৰ পৰিপ্রেক্ষিতত পর্যটকৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি আজি পুৱাৰ পৰা দিনৰ ১২ বজালৈ ৰাষ্ট্রীয় উদ্যানখনৰ প্রৱেশদ্বাৰ পর্যটকৰ বাবে বন্ধ থাকিব বুলি জানিবলৈ দিয়ে মানাহ ৰাষ্ট্রীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলিক বিষয়া বাবুল ব্রহ্মই৷

ইপিনে, অসমত গঁডৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্যৰে ইণ্ডিয়ান ৰাইন’ ভিজন–২০২০ ৰ জৰিয়তে গঁড স্থানান্তৰৰ পদক্ষেপ গ্রহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে বন বিষয়া বাবুল ব্রহ্মই৷ পবিতৰাৰ পৰা মানাহলৈ মুঠ ১০টা গঁড ইতিমধ্যে স্থানান্তৰ কৰা হৈছে ৷ ২০০৮ চনত প্রথম দুটা গঁড স্থানান্তৰ কৰি ইণ্ডিয়ান ৰাইন’ ভিজন–২০২০ আঁচনিখন শুভাৰম্ভ কৰা হৈছিল৷ উল্লেখ্য যে দুদিন পূর্বে মানাহৰ কাঁহিতমা বনাঞ্চলৰ সীধাঝাৰত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ পৰা তিনিটাকৈ গঁডৰ পোৱালি আনি পর্যবেক্ষণত ৰখা হৈছে ৷

You might also like