নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপক বৰঠাকুৰৰ জীৱনী উন্মোচন কৰি ড০ শর্মাঃ প্রতিকূল সময়তো ভাৰতীয় দর্শন জীয়াই ৰাখিছে বৰঠাকুৰে

নিয়মীয়া বাৰ্তা ১৩ এপ্ৰিলঃ বিশিষ্ট সমাজকর্মী, বর্ণিল ব্যক্তিত্বৰ অধিকাৰী তথা ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ দীপক কুমাৰ বৰঠাকুৰৰ জীৱন–কর্মৰাজি আৰু সমাজলৈ আগবঢ়োৱা  অনবদ্য অৱদান সম্পর্কত আলোকপাত কৰি জ্যেষ্ঠ সাংবাদিক ৱাছবিৰ হুছেইনে লিখা ‘দীপক কুমাৰ বৰঠাকুৰঃ ৰাইট টার্ণ ইন আসাম’ শীর্ষক জীৱনমূলক গ্রন্থখন আজি উন্মোচন কৰা হয়৷ মহানগৰীৰ তাজ ভিভাণ্টা হোটেলত এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, ৰাষ্ট্রীয় স্বয়ংসেৱক নেতা দত্তত্রেয় হোছাবলে, বিবেকানন্দ কেন্দ্রৰ ৰাষ্ট্রীয় সভাপতি এ বালাকৃষ্ণনে জীৱনীমূলক গ্রন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷

গ্রন্থখন উন্মোচন কৰি মুখ্যমন্ত্রী সোণোৱালে কয়– এই গ্রন্থখনত দীপক কুমাৰ বৰঠাকুৰৰ জীৱনজোৰা সাধনাৰ বিষয়ে সন্নিৱিষ্ট কৰা হৈছে৷ দীপক কুমাৰ বৰঠাকুৰক বহুদিনৰ আগৰ পৰাই লগ পোৱাৰ সৌভাগ্য হৈছিল৷ বিশেষকৈ সদৌ অসম ছাত্র সন্থাৰ বিষয়ববীয়া হিচাপে থাকোঁতে বৰঠাকুৰৰ সান্নিধ্য লাভ কৰিবলৈ সুযোগ পাইছিলোঁ৷ সেই সময়ত তেওঁৰ পৰা বিভিন্ন বিষয়ত জ্ঞান আহৰণৰ সুযোগ লাভ কৰিছিলোঁ৷ সাক্ষাৎকালত এইগৰাকী বিশিষ্ট ব্যক্তিয়ে ৰাজ্যখনৰ জনতা তথা ৰাষ্ট্রৰ জনতাৰ কথা প্রতিবাৰেই উল্লেখ কৰিছিল৷ লগতে তেওঁ সততা আৰু নিষ্ঠাৰে কর্মত অগ্রসৰ হোৱাৰ দিশতো সদায়ে উৎসাহ যোগাইছিল৷ এইগৰাকী ব্যক্তি সকলোৰে বাবে আদর্শ বুলিও মুখ্যমন্ত্রীয়ে কয়৷

আনহাতে, ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ হিচাপে ৰাজ্যখনৰ অর্থনীতি তথা বিভিন্ন ক্ষেত্রত উত্তৰণৰ বাবে দীপক কুমাৰ বৰঠাকুৰে দিয়া পৰামর্শই যথেষ্ট উপকৃত কৰিছে বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰি কয়– ক’ভিড–১৯ৰ দৰে জটিল পৰিস্থিতিৰ সময়তো এইগৰাকী ব্যক্তিয়ে ৰাজ্যখনৰ অর্থনৈতিক ভেটি সুদৃঢ় কৰাৰ দিশত ভালেমান গুৰুত্বপূর্ণ উপদেশ দিছিল৷ এইগৰাকী বৰেণ্য ব্যক্তিৰ জীৱনৰ ভিত্তিত ৰচিত গ্রন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই নিজকে যথেষ্ট আনন্দিত হৈছোঁ৷ দীপক কুমাৰ বৰঠাকুৰৰ ব্যক্তিত্বত বহুতো গুণ আছে আৰু তেওঁৰ পৰা বহু কথা শিকিবলগীয়া আছে৷ এইগৰাকীৰ ব্যক্তিৰ আদর্শৰে নৱপ্রজন্মই জীৱনৰ বাটত আগবাঢ়ি যোৱাৰ দিশত যথেষ্ট অনুপ্রেৰণা লাভ কৰিব পাৰিব৷ গ্রন্থখন প্রণয়ন কৰাৰ দিশত জ্যেষ্ঠ সাংবাদিক ৱাছবিৰ হুছেইনে কৰা প্রয়াসৰ শলাগ লয় মুখ্যমন্ত্রীয়ে৷

অনুষ্ঠানত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– অসমত ৰাষ্ট্রবাদী চিন্তাৰ বিকাশত দীপক কুমাৰ বৰঠাকুৰৰ যথেষ্ট অৱদান আছিল৷ অসমেই নহয়, দেশৰ বহু মানুহে এই কথা স্বীকাৰ কৰে৷ সেই কথা আজি আকৌ এবাৰ প্রমাণ হৈছে৷ বিশেষকৈ আজিৰ অনুষ্ঠানত দত্তত্রেয় হোছাৱলেকে ধৰি ৰাজ্যৰ বাহিৰৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিয়ে এই কথা প্রমাণ কৰিছে৷ অসমৰ ইতিহাসৰ পাতে পাতে আমাৰ ৰাজ্যখন ৰাষ্ট্রৰ চিন্তাধাৰা, ঐতিহ্য আৰু পৰম্পৰাৰ লগত আমি কিদৰে জড়িত হৈ আছোঁ, সেই কথা উল্লেখ আছে৷ ১৫শ শতিকাত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে ভাৰত বন্দনাৰে ভাৰতৰ যি সভ্যতা–সংস্কৃতি, তাৰ লগত আমাৰ ৰাজ্যখনৰ নিৱিড় সম্পর্ক আৰু একাগ্রতাৰ কথা লিখি থৈ গৈছে৷ কিন্তু অসমৰ পৰিৱেশ এনেকৈ গতি কৰিছিল যে অসমৰ ইতিহাস এচাম লোকে নিজৰ মতে লিখিবলৈ আৰম্ভ কৰিছিল৷ ভাৰত আৰু অসম দুটা শব্দত পৰিণত কৰিছিল এচাম লোকে৷ ‘ভাৰতৰ আৰু অসমৰ’ সম্পর্ক ধৰণৰ শব্দও আমাৰ ৰাজনৈতিক ইতিহাসত ব্যৱহাৰ হোৱা আৰম্ভ হৈছিল৷ একপ্রকাৰ ক’বলৈ গ’লে অসমৰ এনেকুৱা পৰিৱেশো আহিছিল যে তথাকথিত জাতীয়তাবাদী চিন্তাধাৰাৰ মাজত ৰাষ্ট্রীয় স্বয়ংসেৱক কৰা তথা ভাৰতৰ ঐতিহ্য, সভ্যতা, সনাতন দর্শনক আমাৰ সমাজৰ লগত একাত্ম কৰি চিন্তা কৰা মানুহৰ একপ্রকাৰ অভাৱ হৈছিল৷ এই সময়ত দীপক কুমাৰ বৰঠাকুৰে অসমত ভাৰতীয় সভ্যতাৰ বন্তিগছি জ্বলাই ৰাখিছিল৷

ড০ শর্মাই লগতে কয় যে অসম আন্দোলনৰ সময়তেই হওক বা বিভিন্ন সময়ত যেতিয়া ভাৰতৰ দর্শন, সভ্যতা অসমত প্রত্যাহ্বান সৃষ্টি হৈছিল, সেই সময়ত শংকৰদেৱ শিশু নিকেতন, বিবেকানন্দ কেন্দ্র প্রতিষ্ঠা আদি বিভিন্ন কাম আৰু চিন্তাৰে বৰঠাকুৰৰ দৰে ব্যক্তিয়ে ভাৰতীয় দর্শনক এক প্রতিকূল সময়ত বর্তাই ৰাখিছিল৷ জ্যেষ্ঠ সাংবাদিক ৱাছবিৰ হুছেইনে বৰঠাকুৰৰ বর্ণাঢ়্য কর্মজীৱনৰ বিষয়ে গ্রন্থখনত সুন্দৰকৈ উন্মোচিত কৰিছে৷ নতুন প্রজন্মই বৰঠাকুৰৰ বিষয়ে নজনা বহু কথা গ্রন্থখনৰ জৰিয়তে জানিব পাৰিব৷ দীপক কুমাৰ বৰঠাকুৰ সদায় অসমক ভাল কিবা এটা দি যোৱাৰ হেঁপাহ লৈ ব্যস্ত থাকে৷ নতুন প্রজন্মই তেওঁৰ আদর্শক অনুকৰণ কৰি আগবাঢ়ি যোৱা উচিত৷

অনুষ্ঠানত উপস্থিত থাকি দীপক কুমাৰ বৰঠাকুৰে কয়– মোৰ জীৱনৰ আধাৰত গ্রন্থখন প্রকাশ কৰাত মই যথেষ্ট সুখী হৈছোঁ৷ ইয়াৰ বাবে ৱাছবিৰ হুছেইনক মই ধন্যবাদ জনাইছোঁ৷ এই গ্রন্থখনে আজি মোক অতীতলৈ লৈ গৈছে, য’ৰ পৰা মোৰ যাত্রা আৰম্ভ হৈছিল৷ আজি মই গৌৰৱ অনুভৱ কৰিছোঁ৷ অনুষ্ঠানত দত্তত্রেয় হোছাৱলে, এ কে বালাকৃষ্ণন আদিয়েও ভাষণ দি দীপক কুমাৰ বৰঠাকুৰৰ নিঃস্বার্থ সমাজসেৱা আৰু ৰাষ্ট্র নির্মাণত আগবঢ়োৱা যথেষ্ট অৱদানৰ বিষয়ে আলোকপাত কৰে৷ অনুষ্ঠানত লেখক ৱাছবিৰ হুছেইনে আৰম্ভণিতে চমু ভাষণ দি গ্রন্থখন লিখাৰ আঁৰৰ কথা ব্যক্ত কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে অতিথিসকলক দীপক কুমাৰ বৰঠাকুৰৰ সহধর্মিণী ড০ ইন্দিৰা বৰঠাকুৰ আৰু দুই জীয়ৰীয়ে সম্বর্ধনা জনায়৷ অনুষ্ঠানত মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, সাংসদ দীলিপ শইকীয়া, কামাখ্যাপ্রসাদ তাছা, কুইন ওজা, আৰ এছ এছৰ নেতা সুৰেশ ভায়াজী যোশী, বিধায়ক অশোক সিংঘাল, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শর্মা, শিক্ষাবিদ হিতেশ ডেকা, বিশিষ্ট লেখক দিগন্ত বিশ্ব শর্মা, ড০ নিবেদিতা বৰঠাকুৰ, ডাঃ বিবেকানন্দ লাল সোন্ধি, অমৃতা বৰঠাকুৰ, বিজয় ছাবামূর্তি, ঋষিকেশ গোস্বামী, জয়ন্তমল্ল বৰুৱা আদিকে ধৰি বিভিন্ন ক্ষেত্রৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷ এই গ্রন্থখন ৱ’ডৱেভেছ ইণ্ডিয়াই প্রকাশ কৰিছে৷

You might also like