আহি পালে ৰমজান মাহঃ ৰোজা ৰখাক লৈ থকা ৬টা অতি পৰিচিত ভুল ধাৰণা
নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ কাইলৈৰ পৰা আৰম্ভ ইছলাম ধৰ্মাৱলম্বীৰ পৱিত্ৰ মাহ ৰমজান। ৰমজান মাহ উপলক্ষে প্ৰায়ভাগ ইছলাম ধৰ্মী লোকে পালন কৰে ৰোজা। মুছলমানসকলে বিশ্বাস কৰে যে আত্মনিয়ন্ত্ৰণ আৰু প্ৰাৰ্থনাৰ জৰিয়তে এই মাহত আত্ম-শুদ্ধি প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰা হয়।
আপাতদৃষ্টিত ৰোজা ৰখা বা উপবাস এটা সহজ-সৰল ধৰ্মীয় প্ৰথা, কিন্তু ইয়াৰ নিয়ম সম্পৰ্কে কেইবাটাও ভুল ধাৰণা আছে, যাক লৈ মুছলমানসকলৰ মাজতো মতভেদ আছে। বাতৰি সংস্থা বিবিচিৰ এক প্ৰতিবেদন মতে, ব্ৰিটেইনৰ এডভান্সড ইছলামী বিজ্ঞান আৰু শাৰিয়া আইনৰ ছাত্ৰ চাব্বিৰ হাছানে ৰোজাক লৈ থকা ৬টা ভুলৰ বিষয়ে ব্যাখ্যা দিছে-
দাঁত ব্ৰাছ কৰিলে ৰোজা ভংগ হয়
বহু লোকে ভাবে যে দাঁত ব্ৰাছ কৰিলে ৰোজা ভাঙি যায়। কিন্তু ইছলামী চিন্তাবিদসকলে কয় যে দাঁত ব্ৰাছ কৰিলে ৰোজা নাভাঙে। কিন্তু যিসকল অতি সাৱধানী, তেওঁলোকে কম পৰিমাণৰ টুথপেষ্ট বা দাঁত মজাত ব্যৱহাৰ কৰা গছৰ ঠাৰি ব্যৱহাৰ কৰিব পাৰে।
মুখৰ লেলাৱতি পেটত প্ৰৱেশ কৰিলে ৰোজা ভংগ হয়
চাব্বিৰ হাছানৰ মতে মুখৰ লেলাৱতি পেটত সোমোৱাত কোনো অসুবিধা নাই। হাছানৰ মতে, “মুখৰ লেলাৱতি পেটত প্ৰৱেশ কৰিলে ৰোজা নহয় বুলি বিশ্বাস কৰাৰ কোনো ভিত্তি নাই, লেলাৱতি ভিতৰত যোৱাটো এটা অতি স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া, ই ৰোজা ভংগ নকৰে।’
অৱশ্যে, তেওঁ কয়- ‘যদি আনৰ মুখৰ লেলাৱতি তেওঁলোকৰ মুখত প্ৰৱেশ কৰে, তেন্তে ৰোজা নহ’ব। সেয়ে ৰোজাৰ সময়ত আপুনি আপোনাৰ সঙ্গীক চুম্বন কৰিব নোৱাৰে, আপুনি অন্তৰংগ হ’ব নোৱাৰে। মূল উদ্দেশ্য হৈছে আপোনাৰ আকাংক্ষাবোৰ নিয়ন্ত্ৰণ কৰা। সেয়েহে খাদ্য, পানীয় বা অন্তৰংগ সম্পৰ্ক বন্ধ কৰিব লাগে।”
কেৱল খাদ্য বা পানী নাখালেই ৰোজা নহয়
কেৱল খাদ্য বা পানী খালে ৰোজা ভংগ হ’ব পাৰে তেনে নহয়। আন কিছুমান আচৰণেও ৰোজা ভংগ কৰিব পাৰে। হাছানে কয়, “কিছুমান অপৰাধ জিভাৰ দ্বাৰা হয়… যদি আপুনি কুৎসা ৰটনা কৰে, উৰাবাতৰিত অংশগ্ৰহণ কৰে বা কাৰোবাক গালিগালাজ কৰে, তেন্তে ৰোজা ভংগ হয় বুলি ধৰা হয়।”
ঔষধ সেৱন কৰিব নোৱাৰে
মুছলিম কাউন্সিল অৱ ব্ৰিটেইন (এমচিবি)য়ে আন্তৰ্জাতিক গ্লুকোমা সমিতিৰ সৈতে এক যুটীয়া বিবৃতি দি কয় যে ৰোজা ৰাখিলেও উপবাসৰ পিছতো কিছুমান ঔষধ ব্যৱহাৰ কৰিব পাৰি। উদাহৰণ স্বৰূপে, চকুৰ ড্ৰপ।
এমচিবিয়ে কৈছিল যে চকুৰ ড্ৰপ, কাণৰ টোপাল বা বেজীয়ে ৰোজা ভাঙিব নোৱাৰিব। কিন্তু মুখেৰে গ্ৰহণ কৰিব লগা ঔষধবোৰ নিষিদ্ধ। এয়া চেহেৰীৰ আগত আৰু ইফতাৰৰ পিছত খাব লাগিব।
হাছানে কয়, “প্ৰথমতে, যদি আপুনি অসুস্থ, আপুনি একেবাৰে উপবাস কৰিব নে নাই সেই বিষয়ে চিন্তা কৰিব লাগিব? কোৰানে স্পষ্টকৈ কয়- আপুনি চিকিৎসকৰ পৰামৰ্শ অনুসৰণ কৰা উচিত।”
যিকোনো পৰিস্থিতিত ৰোজা
ইছলামত, কেৱল প্ৰাপ্তবয়স্ক (সাধাৰণতে ১৫ বছৰ) আৰু স্বাস্থ্যৱান লোকসকলৰ বাবে ৰোজা আৱশ্যক বোলা হৈছে। এমচিবিয়ে কয় যে শিশু, ৰুগীয়া (শাৰীৰিক আৰু মানসিক), দুৰ্বল, ভ্ৰমণকাৰী, গৰ্ভৱতী বা শিশুক স্তনপান কৰোৱা মহিলাসকলৰ বাবে ৰোজা প্ৰয়োজন নহয়।
হাছানৰ মতে, “যদি কোনোবাই কম সময়ৰ বাবে অসুস্থ হৈ পৰে, তেন্তে তেওঁ আৰোগ্য হোৱাৰ পিছত আন সময়ত ভঙা ৰোজা পূৰণ কৰিব পাৰে।”
“যদি দীৰ্ঘম্যাদী ৰোগ হয় আৰু উপবাস কৰা সম্ভৱ নহয়, ৰমজান মাহৰ প্ৰতিদিনে দৰিদ্ৰ লোকসকলক কিবা দিব পাৰে।”
অসাৱধানতাবশতঃ কিবা এটা খালে ৰোজা ভাঙি যায়
যদি আপুনি সঁচাকৈয়ে ভুলবশতঃ বা পাহৰি গৈ কিবা খায়, তেন্তে আপোনাৰ ৰোজা ভংগ নহয়, অৱশ্যে আপুনি বুজি পোৱাৰ লগে লগে খোৱা বন্ধ কৰিব লাগিব। কিন্তু নামাজৰ আগেয়ে অজুৰ সময়ত অনিচ্ছাকৃতভাৱে পানী খালে ৰোজা ভংগ হব।
এইক্ষেত্ৰত হাছানে কয়, “সেয়েহে ৰোজা ৰাখি অজু কৰোঁতে গাৰ্গল নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আপুনি কেৱল গললৈ পানী নিনিয়াকৈ মুখৰ ভিতৰতে কেৱল কুলি কৰি পানী পেলাই দিয়ক।”