নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাণক্যৰ মতে বৈবাহিক সম্পৰ্ক দীৰ্ঘজীৱী নোহোৱাৰ ৬টা কাৰণ

নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ বেছিভাগ মানুহে বিবাহপাশত আবদ্ধ হয়, কাৰণ তেওঁলোকে সুখেৰে জীয়াই থাকিব বিচাৰে। কিন্তু কেতিয়াবা সুখী হোৱাটো সম্ভৱ নহয়। হাজাৰ হাজাৰ সমস্যা আহি পৰে সাংসাৰিক জীৱনত। কিন্তু এনে কিছু সমস্যা আছে, যিবোৰ নিজৰ ভুলৰ বাবেই সৃষ্টি হয়। সম্পৰ্ক দীৰ্ঘময় কৰাৰ ক্ষেত্ৰত বিশ্বখ্যাত ভাৰতৰ প্ৰাচীন মনীষী চাণক্যই কিয় এনে হয় তাৰ ব্যাখ্যা দাঙি ধৰিছে এনেদৰে-

বৈবাহিক সম্পৰ্ক কিহৰ বাবে নষ্ট হয়-

১) যিসকল পুৰুষ আৰু মহিলাৰ চৰিত্ৰৰ ওপৰত প্ৰশ্নবোধক চিহ্ন আছে আৰু তেওঁলোকৰ প্ৰেমিকৰ প্ৰতি অনুগত নহয়। কোনো বৈবাহিক সম্পৰ্ক এনেধৰণৰ ঘটনাই বজাই ৰাখিব নোৱাৰে।

২) আপোনাৰ সঙ্গীৰ ব্যক্তিগত জীৱনত অত্যধিক হস্তক্ষেপ বা অত্যধিক অধিকাৰবোধে তিলে তিলে সম্পৰ্ক নষ্ট কৰে।

৩) সম্পৰ্কৰ মুখ্য শৃংখলা হৈছে ইজনে সিজনৰ প্ৰতি দেখুওৱা সন্মান। যদি এই সন্মান উঠাই লোৱা হয়, আৰু ইজনে সিজনক ৰাজহুৱাভাৱে বেয়া কথা কোৱা হয়। তেনেহ’লে সম্পৰ্কৰ ম্যাদ যথেষ্ট কম হয়।

৪) যিসকলে দায়িত্ব পাহৰি যায় আৰু ধনৰ পিছত দৌৰে আৰু তেওঁলোকৰ জীৱনশৈলী প্ৰদৰ্শন কৰাত ব্যস্ত থাকে, তেওঁলোকৰ বাবে এয়া নিশ্চিতভাৱে এক অশনি সংকেত।

৫) যদি আপুনি ইজনে সিজনক সময় দিব নোৱাৰে, সেই সম্পৰ্ক বেছি দিন স্থায়ী নহয়।

৬) স্বামী-স্ত্ৰীৰ নিজৰ মাজতে প্ৰতিযোগিতা হোৱা আৰু নিজৰ মাজত পাৰদৰ্শিতা বা বংশৰ তুলনা কৰিলে বুজিব লাগিব যে আৰু কোনো প্ৰেমৰ সম্পৰ্ক নাই। অকল দায়বদ্ধতাহে আছে।

You might also like