নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড ভীতিৰ মাজতে বিহুৰ উছাহত দলদোপ-হেন্দোলদোপ উজনি নামনি

নিয়মীয়া বাৰ্তা ১৭ এপ্ৰিলঃ   এফালে মহামাৰীৰ ভীতি, আনফালে ৰঙালীৰ ৰঙীন উলাহ। তাৰ মাজতে অসমবাসীয়ে মুকলি মনেৰে উদ্যাপন কৰিলে প্রাণাধিক ব’হাগৰ বিহুটি। মনৰ সকলাে ভয়-শংকাক একাষৰীয়া কৰি অসমীয়া ৰাইজ বিহুৰ আনন্দত বিলীন হৈ গ’ল। পৰম্পৰা আৰু আধুনিকতাৰ মাজত ৰাজ্যৰ চৌদিশ উখল-মাখল হৈ পৰিল বিহুৰ উৎসাহ-উদ্দীপনাত। উজনিৰ পৰা নামনিলৈ সর্বত্র বিৰাজ কৰিলে দলদোপ-হেন্দোলদোপ পৰিৱেশ। ক’ভিডৰ ভয়াৱহতাৰ বাবে বিগত বৰ্ষত বিহুৰ সময়ছােৱাত ৰাইজ গৃহবন্দী হৈ থাকিবলগীয়া হৈছিল। সামাজিক মাধ্যমেই হৈ পৰিছিল শুভেচ্ছা-আশীর্বাদ বিনিময়ৰ একমাত্র মাধ্যম। সেই দুঃসহ পৰিস্থিতি এতিয়াও সম্পূৰ্ণৰূপে শাম কটা নাই। বৰং সমগ্ৰ দেশৰ ক’ভিড পৰিস্থিতি অধিক শােচনীয় হৈ পৰিছে দিনে দিনে। সেই ভয়াৱহতাৰ পৰা অসম এতিয়াও বহু পৰিমাণে মুক্ত। যাৰ বাবে চৰকাৰে নীতি-নিয়মৰ বান্ধোনৰ মাজেই ৰঙালী বিহু উদ্যাপনৰ অনুমতি প্রদান কৰিছে। স্বাভাৱিকতে এক মুকলিমূৰীয়া পৰিৱেশত ৰঙালীৰ উৎসাহে খেলা কৰি গ’ল ব্ৰহ্মপুত্ৰৰ দুয়ােপাৰে। চৌদিশে অনুভূত হ’ল উছৱৰ মধু আলােড়ন।

পৰম্পৰা মতেই গৰুবিহুৰ দিনা লাউ-বেঙেনাৰ মালা পিন্ধাই, মাখিয়তী-দীঘলতিৰ বা দি গাে-ধনৰ শ্ৰীবৃদ্ধি কামনা কৰা হ’ল। তাৰ পিছদিনা মানুহ বিহু। জ্যেষ্ঠ-কনিষ্ঠজনৰ মাজত বিনিময় হ’ল আশীর্বাদ-শুভেচ্ছা। প্রিয়জনৰ হাতত তুলি দিয়া হ’ল মৰমৰ বিহুৱান। বিহুৰ বতৰত স্থান নাই বিদ্বেষৰ। অসমৰ আকাশ-বতাহত স্নেহৰ আৱেশ। তাৰ লগে লগে গুমগুমাই উঠা ঢােলৰ মাত, পেঁপাৰ লিহিৰি সুৰে প্ৰতিগৰাকী অসমীয়াৰ মনত সিঁচি দিলে অন্য এক শিহৰণ। নিশা বৰষুণে ধুই-পখালি নিমজ কৰি তােলা প্রকৃতি, সেউজীয়াৰ পয়ােভৰত উদ্ভাসিত হৈ উঠা গছ-বিৰিখ-মন সতেজ কৰি ৰখা এই পৰিৱেশ অধিক জীপাল হৈ উঠিল বিহুগীতৰ চহা সুৰত। শুকুৰবাৰে গােসাঁই বিহু। ৰাজ্যৰ নামঘৰে নামঘৰে আয়ােজন কৰা হৈছে। নাম-প্ৰসংগৰ। নতুন বছৰটোত কোনাে অপায়-অমংগল নাহক— এয়াই গােসাঁই বিহুৰ দিনটোৰ একান্ত প্রার্থনা।

একে সময়তে ৰাজ্যৰ প্রান্তে প্রান্তে আয়ােজন কৰা হৈছে মুকলি বিহু আৰু মঞ্চ বিহুৰ। অনুষ্ঠিত হৈছে বিহু সম্রাজ্ঞী, বিহু কুঁৱৰী, বিহু উঁচৰি প্ৰতিযােগিতা। তাৰ লগে লগে আমন্ত্রিত জনপ্রিয় শিল্পীৰ সংগীতানুষ্ঠান। এবছৰৰ বিৰতিত গৰুবিহুৰ  দিনটোত মহানগৰীৰ খাৰঘুলিত মঞ্চত দেখা গ’ল জনপ্রিয় শিল্পী জুবিন গাৰ্গক। হাজাৰ হাজাৰ দৰ্শকে নিশা দুপৰলৈ প্রাণভৰি উপভােগ কৰিলে সংগীতানুষ্ঠান। ইয়াকে লৈ সৃষ্টি হ’ল অন্য এক বিতর্কৰ ৰাজ্য চৰকাৰৰ ক’ভিড নীতি উলংঘা কৰাক লৈ। অৱশ্যে কালি বঙাইগাঁৱৰ গান্ধী ময়দানত নিশা ১১ বজাৰ পূর্বেই নিজৰ অনুষ্ঠান সামৰিলে জনপ্রিয় শিল্পীগৰাকীয়ে।

ইফালে, সুদীর্ঘ ছবছৰৰ বিৰতিত পুনৰ বিহু মঞ্চলৈ উভতি আহিছে পাপন। অংগৰাগ মহন্তই  খাৰঘুলিৰ বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন কৰে। একেদৰে দীক্ষু, প্রিয়ংকা ভৰালী, দীপলিনা ডেকা, নীল আকাশ, আচুৰ্য বৰপাত্ৰ আদিৰ সংগীতানুষ্ঠানতাে দেখা গৈছে বিহুবলিয়া ৰাইজৰ আশাতীত সঁহাৰি। ক’ভিড বিধিৰ লগত সামান্য বুজাবুজি কৰি হ’লেও বিহুৰ আনন্দ অকণাে কার্পণ্য নকৰাকৈ উপভােগে কৰিছে অসমবাসীয়ে।

বিহুলৈ চৰকাৰে জাৰি কৰা নীতি-নির্দেশনা সন্দৰ্ভত অসন্তুষ্টি প্রকাশ কৰিছে আন এগৰাকী জনপ্রিয় শিল্পী মানস ৰবীনে। তেওঁ আজি সংবাদ মাধ্যমৰ আগত কয় যে যিহেতু বিহুৰ আয়ােজকসকল পেছাদাৰী নহয়, গতিকে চৰকাৰৰ নীতি-নির্দেনাসমূহ আখৰে আখৰে মানি চলাটো তেওঁলােকৰ বাবে সম্ভৱ নহয়। গতিকে জনস্বাস্থ্যৰ প্ৰতি যদিহে সঁচাকৈ গভীৰ সংকট নামি আহিছে, তেনেহ’লে চৰকাৰে শিল্পীসকলক ক্ষতিপূৰণ দি স্থিৰ সিদ্ধান্ত এটা লওক। তাকে নকৰি বাৰেবিংকৰ কথা কৈ থাকিলে আয়ােজক, শিল্পী, ৰাইজ সকলাে বিবুধিত পৰে। সি যি কি নহওক, চৰকাৰ-প্ৰশাসনৰ কঠোৰ দৃষ্টিত থাকিও অসমৰ ৰাইজে হেঁপাহ পলুৱাই উপভােগ কৰিছে বিহুৰ আনন্দ।

 

You might also like