নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত এতিয়া লকডাউন নহয়ঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত ৩.২৫ লাখ ক’ভিশ্বিন, ক’ভাক্সিন মজুত আছে দুই লাখ

নিয়মীয়া বাৰ্তা ১৭ এপ্ৰিলঃ  ক্ৰমাৎ ৰাজ্যত অধিক জটিল ৰূপ লৈছে। ক’ৰােনা সংক্রমণে। বহাগ বিহুৰ উছাহৰ মাজতে ৰাজ্যৰ কেইবাখনাে। জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে কৰােনাৰ সংক্রমণ। বিশেষকৈ গুৱাহাটী মহানগৰীত প্রতিদিনে আক্রান্তৰ সংখ্যা বৃদ্ধিয়ে পুনৰ নমাই আনিছে বিগত বৰ্ষৰ পৰিৱেশ। যােৱা তিনিটা দিনত গড়ে ৫ লােক কৰােনাত আক্ৰান্ত হৈছে। আনহাতে, যােৱা ৭২ ঘণ্টাত কৰােনাত আক্রান্ত হৈ মৃত্যু হৈছে ৫জনকৈ লােকৰ। ১৩ এপ্রিলত আক্ৰান্তৰ সংখ্যা আছিল ৫৯০জন, ১৪ এপ্রিলত ৩৮৫জন আৰু ১৫ এপ্রিলত ৪৯৯জন পজিটিভ চিনাক্ত হয়। আক্রান্তৰ হাৰ বৃদ্ধি পায় ২.৭২ শতাংশলৈ। পৰিতাপৰ বিষয় যে ডিব্ৰুগড়, যােৰহাট, নগাঁৱৰ লগতে গুৱাহাটী মহানগৰীতাে প্রায় প্রতিদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। বহিঃৰাজ্যৰ পৰা অহা একাধিক লােকৰ পৰা উজনি অসমৰ লগতে গুৱাহাটীতে সংক্রমণ বৃদ্ধিৰ সম্ভাৱনা ইতিমধ্যে স্পষ্ট হৈ উঠিছে। অধিক ভয়াৱহ হৈছে। গুৱাহাটীৰ পৰিৱেশ। কার্যতঃ ক’ভিড হটস্পট হৈ পৰিছে মহানগৰী। গুৱাহাটীত প্রতিদিনে দুই শতাধিক লােক ক’ৰােনাত আক্ৰান্ত হৈছে। ১৩ এপ্রিলৰ দিনা গুৱাহাটীত ২৪৯জন আক্রান্ত হােৱাৰ বিপৰীতে ১৪ এপ্রিল ২০১জন আৰু ১৫ এপ্রিলত ২৫৫জন লােক পজিটিভ চিনাক্ত হয়।

শুকুৰবাৰে ৰাজ্যত ৩২,৪২১গৰাকী লােকৰ ক’ভিড টেষ্ট কৰাৰ অন্তত পজিটিভ চিনাক্ত হয় ৫৭৩গৰাকী লােক। স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটযােগে প্রকাশ কৰা এই তথ্য অনুসৰি গুৱাহাটী মহানগৰীত শুকুৰবাৰৰ দিনটোত আক্ৰান্তৰ সংখ্যা আছিল ২৪৫গৰাকী। আনহাতে, আজিৰ দিনটোত পজিটিভিটিৰ হাৰ হ’ল ১.৭৭ শতাংশ। ইফালে সমগ্ৰ বিষয়টোক লৈ যথেষ্ট উদ্বিগ্নতা প্রকাশ কৰা ৰাজ্যৰ স্বাস্থ্য বিভাগ ক’ভিড পৰিস্থিতি চম্ভালিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে। ইতিমধ্যে কৰােনা আক্রান্তৰে ভৰি পৰিছে মহেন্দ্র মােহন চৌধুৰী হাস্পতাল (এম এম চি এইচ) আৰু সােণাপুৰ হাস্পতাল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (জি এম চি এইচ) অধীক্ষক অভিজিৎ শৰ্মাই প্রকাশ কৰা অনুসৰি এম এম চি এইচ আৰু সােণাপুৰ চিকিৎসালয়ৰ বিছনা ভৰি পৰিলেও এতিয়াও জি এম চি এইচত কৰােনা আক্রান্তক চিকিৎসাৰ বাবে সকলাে ব্যৱস্থা উপলব্ধ হৈ আছে। ভঙাগড়স্থিত জি এম চি এইচত বর্তমানলৈ ১০৯গৰাকী কৰােনা আক্রান্ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে কালাপাহাৰস্থিত ক’ভিড চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ১১৪গৰাকী। কৰােনা আক্ৰান্তৰ চিকিৎসাৰ কাৰণে সাজু কৰি ৰখা হৈছে আয়ুর্বেদিক চিকিৎসালয় আৰু পতঞ্জলি কেন্দ্র। আনহাতে, জি এম চি এইচৰ অধ্যক্ষ অচ্যুৎ বৈশ্যই শেহতীয়া পৰিস্থিতি উদ্বেগজনক বুলি উল্লেখ কৰি সাধাৰণ ৰাইজক অধিক সতর্ক হৈ থাকিবলৈ আহ্বান জনাইছে। অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি জি এম চি এইচত বর্তমান ৮০০ বিছনা কৰােনা আক্ৰান্তৰ বাবে সাজু কৰি ৰখা হৈছে। কিন্তু পৰিতাপৰ বিষয়টো হ’ল যে প্রতিদিনেই ২০০ৰ পৰা ২৫০ কৰােনা আক্রান্ত চিকিৎসাধীন হৈছে। এনে অৱস্থাত জি এম চি এইচত কৰােনা আক্ৰান্তৰ বাবে বিছনাৰ অভাৱ ঘটিব পাৰে।

ৰাজ্যৰ ক’ভিড পৰিস্থিতি উদ্বেগজনক হলেও পৰিস্থিতি চম্ভালিবলৈ সকলাে ধৰণৰ প্ৰস্তুতিৰে স্বাস্থ্য বিভাগ সাজু হৈ থকা বুলি স্পষ্ট কৰিলে স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ আগত মন্ত্রীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কৰােনাৰ পৰীক্ষা বৃদ্ধি কৰা হেতু আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে। স্বাস্থ্য বিভাগে প্রতিদিনে এক লাখ লােকক কৰােনা পৰীক্ষা কৰাৰ লক্ষ্য বান্ধি লৈছে। এই সময়ছােৱাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হ’ব পাৰে যদিও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যােৱা নাই। ড° শৰ্মাই কয়— পূর্বতকৈ কৰােনা পৰিস্থিতি অধিক জটিল হােৱা নাই। পজিটিভিটিৰ হাৰ এতিয়াও ২.৭২ শতাংশৰ ভিতৰতে আছে। মৃত্যুৰ হাৰাে বৃদ্ধি হােৱা নাই। ৰাজ্যত এতিয়া লকডাউনৰ সম্ভাৱনা নাই। লকডাউনৰ ফলত সবাতােকৈ ক্ষতিগ্রস্ত হয় দুখীয়া লােকসকল। ব্যৱসায়ীসকলাে ক্ষতিগ্রস্ত হয়। বর্তমান পৰিস্থিতিত মই ভাবোঁ লকডাউনৰ প্ৰয়ােজন নাই। মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে বহিঃৰাজ্যৰ পৰা অহা লােকৰ পৰা সংক্রমণ বৃদ্ধিৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি বিমানবন্দৰ আৰু ৰেল ষ্টেচনত ক’ভিড টেষ্ট কঠোৰ কৰা হৈছে। বিশেষকৈ বিমানবন্দৰত যাত্ৰীসকলৰ ক’ভিড টেষ্ট বাধ্যতামূলক কৰা হৈছে। বর্তমান দেশৰ ভিন্ন প্রান্তত কৰােনাৰ যি সংক্রমণ বৃদ্ধি পাইছে, সেয়া কিছু উদ্বেগজনক। পূর্বৰ তুলনাত কৰােনা ভাইৰাছৰ চৰিত্র কিছু সলনি হৈছে। এইবাৰ ৰােগীৰ শৰীৰত ইউ কে, ব্রাজিলিয়ান আৰু ছাউথ আফ্রিকাৰ ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। এই মিউটেনৰ ফলত ৰােগাৰ শৰাৰত ইউ কে, ব্রাজিলিয়ান আৰু ছাউথ আফ্রিকাৰ ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। এই মিডঢেনৰ ফলত
ৰােগীৰ শৰীৰত কৰােনাৰ লক্ষণ ফুটি নুঠে। আনকি আৰ টি পি চি আৰ টেষ্টত কেতিয়াবা কেতিয়াবা নিগেটিভ | দেখুৱায়। গতিকে ৰােগ চিনাক্ত কৰাত কিছু সমস্যা সৃষ্টি হৈছে যদিও পৰিস্থিতি চম্ভালিবলৈ সকলাে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসমত এই পৰিৱেশ এতিয়াও মুৰ দাঙি উঠা নাই।

ইফালে কৰােনা সংক্ৰমণৰ পৰিৱেশ বৃদ্ধি হােৱাৰ সময়তে ৰাজ্যত ভেকচিনৰ অভাৱক লৈ চলি থকা চর্চাক পুনৰ নস্যাৎ কৰিলে স্বাস্থ্যমন্ত্রী ড° শৰ্মাই। মন্ত্রীগৰাকীয়ে প্ৰকাশ কৰা মতে, প্রথম অৱস্থাত ভেকচিন ল’বলৈ সাধাৰণ ৰাইজে কিছু ইতঃস্তত কৰিছিল যদিও এতিয়া বহু লােক ভেকচিন ল’বলৈ আগবাঢ়ি অহাৰ ফলত কিছু অভাৱ ঘটিছে যদিও অহা ১০-১৫ দিনৰ ভিতৰত এই অভাৱ দূৰ হ’ব। বর্তমান ৰাজ্যত ৩.২৫ লাখ ক’ভিশ্বিৰ ড’জ মজুত আছে। আনহাতে, ক’ভাক্সিন মজুত আছে দুই লাখ। দুই-এদিনতে ৰাজ্যলৈ আহিব এক লাখ ক’ভাক্সিনৰ ড’জ। গতিকে ভেকচিনক লৈ সমস্যা সৃষ্টি হােৱাৰ কাৰণ নাই।
 ডিব্ৰুগড়ত কৰােনাত আক্ৰান্ত হৈ এজনৰ মৃত্যু বিশেষ বার্তা,

ডিব্ৰুগড়ত ক্ৰমাৎ বৃদ্ধি পাৰলৈ লৈছে কৰােনা আক্ৰান্তৰ সংখ্যা। জিলাখনৰ লেপেটটাস্থিত | গেছ ক্রেকাৰ প্ৰকল্পৰ মুখ্য প্রবন্ধক মাধৱজ্যোতি দুৱৰা (৪৩) যােৱা ১৪ এপ্রিলত কৰােনাত আক্ৰান্ত হৈ অসম
চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। ৰাষ্ট্রীয় প্রকল্পটোৰ বিষয়াগৰাকী যােৱা ৫ দিন ধৰি চিকিৎসালয়ত | চিকিৎসাধীন হৈ আছিল। ইফালে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড অর্থাৎ বি চি পি এলৰ চাৰিজন লােক কৰােনাত আক্ৰান্ত হৈছে। যােৱা এক এপ্রিলৰ পৰা ডিব্ৰুগড়ত ৩৪৭গৰাকী লােক কৰােনাত আক্ৰান্ত হৈছে। আনহাতে, যােৰহাটত ৮জন আৰু জোনাইত এজন কৰােনাত আক্ৰান্ত হৈছে।
মানকাচৰত একেটা পৰিয়ালৰ ৩জন আক্রান্ত

দক্ষিণ শালমাৰাৰ মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ মৈশালডাংগা গাঁৱৰ একেটা পৰিয়ালৰ তিনিজন লােক কৰােনাত আক্ৰান্ত হৈছে। গাঁওখনৰ নুৰ জামাল শ্বেখ নামৰ লােকজনৰ লগতে তেওঁৰ পত্নী হালিমা খাতুন আৰু জীয়েক ৰেণুকা পাৰভিন শেহতীয়াকৈ কৰােনাত আক্ৰান্ত হৈছে। পৰিয়ালটোৰ আন দুগৰাকী সন্তানৰ ক’ভিড টেষ্ট কৰাত ৯ বছৰীয়া কন্যা সন্তান ৰেণুকা পাৰভিন পজিটিভ ৰূপে চিনাক্ত হৈছে।
বৰক্ষেত্ৰীৰ ৰামপুৰৰ একেটা পৰিয়ালৰ এগৰাকী ক’ভিড আক্রান্ত

 ক্ষেত্ৰত একেটা পৰিয়ালৰ চাৰিজন লােক কৰােনাত আক্ৰান্ত হৈছে। আক্রান্তকেইজন হ’ল বনশ্রী নাথ (২৪), অৰূপজ্যোতি নাথ (২৬), গায়ত্রী নাথ (৫৩) আৰু প্রফুল্ল নাথ (৫৭)। প্রফুল্ল নাথে তৃতীয় পর্যায়ৰ নিৰ্বাচনত দায়িত্ব পালন কৰিছিল। তদুপৰি ক’ভিড ভেকচিনৰ প্ৰথমটো ড’জ গ্ৰহণ কৰিছিল আক্রান্ত | লােকজনে।।
শুৱালকুছিত ৮মহীয়া শিশুসহ ১০গৰাকী ক’ৰােনাত আক্রান্ত বিশেষ বার্তা, শুৱালকুছিঃ শুৱালকুছিত আজি এটি ৮মহীয়া শিশুসহ ১০গৰাকী লােক কৰােনাত আক্ৰান্ত হৈছে। আক্রান্তসকল হ’ল মাধুর্য ঠাকুৰীয়া (৮ মাহ), তেওঁৰ মাতৃ বিহদিয়া পি এইচ ইৰ স্বাস্থ্যকর্মী কাকলি কাকতি (২৫) , চিদানন্দ মৰল (৭৫), ৰণিতা মৰল (৬১), সত্রাজিৎ মৰল (৩০), বিকাশ কলিতা (৩১), কুলেন বৈশ্য, কিল্টন চৌধুৰী (১৮), সুনীতি চৌধুৰী (৪৮) আৰু খগেন কলিতা (৬৭)।

নগাঁৱত ৩৩জন কৰােনাত আক্রান্ত

নগাঁও জিলাত ক’ভিড আক্ৰান্তৰ সংখ্যা প্রতিদিনে বুদ্ধি পাইছে। আজিৰ দিনটোত ৩৩গৰাকী

লােক কৰােনাত আক্ৰান্ত হৈছে। বর্তমানলৈ জিলাখনত আক্ৰান্তৰ সংখ্যা ১২৬জনলৈ বৃদ্ধি পাইছে।

কোকৰাঝাৰত ১০জন লােক ক’ৰােনাত আক্রান্ত 

কোকৰাঝাৰত পুনৰ আজিৰ দিনটোত ১০জন লােক কৰােনাত আক্ৰান্ত হৈছে। কোকৰাঝাৰ ৰূপনাথ ব্রহ্ম অসামৰিক চিকিৎসালয়ত আজি ৩৫০গৰাকী লােকৰ ক’ভিড পৰীক্ষা কৰা হয়। এইসকল | লােকৰ মাজৰ পৰা ১০গৰাকী পজিটিভ ৰূপে চিনাক্ত হয়।

সােণাপুৰত ক’ভিড আক্রান্ত এজন

সােণাপুৰত এজন যুৱক কৰােনাত আক্ৰান্ত হৈছে। সােণাপুৰ থানাৰ অন্তৰ্গত ওৰল কছাৰীবস্তিৰ ৰঞ্জিত দৈমাৰী (৩৪) নামৰ লােকজন কৰােনা আক্রান্ত ৰূপে চিনাক্ত হয়। উল্লেখ্য যে কিছুদিন পূর্বে সােণাপুৰ টেপেছিয়াৰ এল এণ্ড আই পি শিক্ষা প্রতিষ্ঠানৰ ৫২জন লােক কৰােনাত আক্ৰান্ত হৈছিল।

You might also like