নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানৰ পঞ্চতাৰকা হোটেল এৰি গুৱাহাটীত কংগ্ৰেছ-এআইইউডিএফৰ প্ৰাৰ্থী

নিয়মীয়া বাৰ্তা ১৭ এপ্ৰিলঃ ২ মেৰ পাছত ৰাজ্যত কোন দলে চৰকাৰ গঠন কৰিব তাক লৈ চলি থকা   কোন দলে চৰকাৰ গঠন কৰিব, তাক লৈ চলি থকা ৰাজনৈতিক সমীকৰণৰ মাজতে হৰ্ছ ট্রেডিঙৰ শংকা লৈ ৰাজস্থানৰ জয়পুৰৰ পঞ্চতাৰকা হােটেলত বাহৰ পতা কংগ্ৰেছ-এ আই ইউ ডি এফৰ ১৮গৰাকী প্রার্থী আজি উভতি আহিল অসমলৈ। তৃতীয় তথা অন্তিম পর্যায়ৰ ভােটগ্রহণৰ দুদিন পাছতেই হঠাতে বিশেষ বিমানযােগে ৰাজস্থানলৈ উৰা মাৰিছিল  ৰাজস্থানৰ পঞ্চতাৰকা হােটেল এৰি গুৱাহাটীত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ ২২জনকৈ প্রার্থী। হৰ্ছ ট্রেডিঙৰ ভূতে খেদা কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ নেতৃত্বই নিজ দলৰ প্ৰাৰ্থীসকলক বিজেপিৰ পৰা বচাবলৈ কংগ্ৰেছশাসিত ৰাজ্য ৰাজস্থানলৈ বিশেষ বিমানযােগে নি পঞ্চতাৰকা হােটেলত আবদ্ধ কৰি ৰাখিছিল। মহাজোঁটৰ প্ৰাৰ্থীসকলক কোনাে কাৰণতেই যাতে বিজেপিয়ে ক্ৰয় কৰিব নােৱাৰে, তাৰ বাবে হঠাৎ তৎপৰ হৈ পৰা কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ নেতৃত্বই আনকি বি পি এফৰ প্ৰাৰ্থীসকলকো ছত্তিশগড়লৈ নিয়াৰ ব্যৱস্থা কৰিছিল। ৰাজ্যত হৰ্ছ ট্রেডিঙৰ বিষয়টোক লৈ চলি থকা ব্যাপক চৰ্চাৰ মাজতে যােৱা দুদিন পূর্বে ৰাজস্থানৰ পৰা কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ কেইজনমান প্রার্থী উভতি আহে যদিও আন ১৮গৰাকী প্রার্থী জয়পুৰৰ ফেয়াৰমণ্ট পঞ্চতাৰকা হােটেলখনতে বাহৰ পাতি আছিল। আগতীয়াকৈ অসমলৈ উভতি অহা মহাজোট প্রার্থীসকলৰ মন্তব্য আছিল— হৰ্ছ ট্রেডিঙৰ বাবে নহয়, অৱসাদ আঁতৰাবলৈহে জয়পুৰলৈ ফুৰিব গৈছিল তেওঁলােক।

এনে প্রতিক্রিয়াৰ মাজতে দেশজুৰি আৰম্ভ হােৱা কৰােনাৰ দ্বিতীয় ঢৌৰ প্ৰভাৱৰ পৰা নিজকে বচাবলৈ অসমলৈ উভতি আহিবলৈ বাধ্য হ’ল বহিঃৰাজ্যত বাহৰ পাতি থকা আন ১৮জনীয়া দলটো। আজি ৬ই-৯৩৯৭ নম্বৰৰ বিমানখনেৰে গুৱাহাটীত উপস্থিত হােৱা কংগ্ৰেছ-এ আই ইউ ডি এফৰ প্ৰাৰ্থীসকলৰ মন্তব্য নির্বাচনৰ ব্যস্ততাপূর্ণ সূচীৰ পাছত সাময়িক বিৰতি ল’বলৈ জয়পুৰলৈ গৈছিল তেওঁলােক। জয়পুৰৰ  ভ্ৰমণ কৰি মানসিক অৱসাদ আঁতৰ কৰাৰ পাছত অসমলৈ ঘূৰি আহিছে।

মহাজোঁটৰ এই প্রার্থীসকলৰ এনে মন্তব্যৰ বিপৰীতে কিন্তু এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক তথা মানকাচৰ সমষ্টিৰ প্রার্থী আমিনুল ইছলামৰ মন্তব্য বিজেপিয়ে আমাক হৰ্ছ ট্রেডিঙৰ বাবে চেষ্টা কৰিব পাৰে। বিজেপিয়ে ইতিমধ্যে মেঘালয়, মণিপুৰ, গােৱা এইবােৰ ৰাজ্যত হৰ্ছ ট্রেডিং কৰিছে। গতিকে আমাকো ট্রেডিং কৰিবলৈ চেষ্টা কৰিব পাৰে। ইয়াৰ বিপৰীতে আন প্রার্থীসকলৰ মন্তব্য— কোনােধৰণৰ হৰ্ছ ট্রেডিঙৰ শংকাত নহয়, ফুৰিবলৈহে জয়পুৰলৈ যােৱা হৈছিল। আনহাতে এ আই ইউ ডি এফৰ প্রার্থী ৰফিকুল ইছলামৰ মতে, বিজেপিয়ে এইবাৰ যথেষ্ট কমসংখ্যক আসন পাব। গতিকে বিজেপিয়ে নিজকে চম্ভালা দিগদাৰ হ’ব। আমাৰ প্ৰাৰ্থীসকল যথেষ্ট শক্তিশালী। এইবাৰ ৰাজ্যত মহাজোটৰ চৰকাৰ হ’ব। আনহাতে, কংগ্ৰেছ প্রার্থী নুরুল হুদা আৰু এ আই ইউ ডি এফৰ জ্যেষ্ঠ নেতা হাফিজ বছিৰ আহমেদে কয় যে ৰাজস্থানৰ আজমেৰ শৰীলৈ দোৱা ল’বলৈ গৈছিল তেওঁলােক। উল্লেখ্য যে আজি ৰাজস্থানৰ পৰা গুৱাহাটীত উপস্থিত হােৱা কংগ্ৰেছ-এ আই ইউ ডি এফৰ প্রার্থীসকলৰ ভিতৰত আছিল– হাফিজ বছিৰ আহমেদ, আমিনুল ইছলাম, নজৰুল হক, নজৰুল ৰহমান, ছামচুল হুদা, ফণীধৰ তালুকদাৰ, জাকিৰ হুছেইন লস্কৰ, নিজামউদ্দিন চৌধুৰী, আমিনুল ইছলাম, মীনাক্ষি ৰহমান, ৰাজীৱ আহমেদ, জয়প্রকাশ দাস, আছমা খাতুন, নুরুল হুদা, আব্দুল আমিন ৰেজা, সুজাউদ্দিন লস্কৰ, ৰফিকুল ইছলাম, আৰু আশ্রাফুল হুছেইন।

You might also like