নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্রিক পৰীক্ষা বাতিল নকৰাৰ ইংগিত শিক্ষামন্ত্রীৰ

নিয়মীয়া বাৰ্তা ১৭ এপ্ৰিলঃ ক’ভিড-১৯ৰ ভয়ংকৰ সংক্ৰমণৰ  প্রতি লক্ষ্য ৰাখি ইতিমধ্যে বাতিল। কৰা হৈছে চি বি এছ ইৰ দশম শ্রেণীৰ পৰীক্ষা। একেদৰে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাও পিছুৱাই দিয়া হৈছে। এনে প্রেক্ষাপটত অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ দ্বাৰা পৰিচালিত এইবাৰৰ হাইস্কুল শিক্ষান্ত বা মেট্রিক পৰীক্ষা বাতিল কৰা হ’ব নেকি, তাক লৈ চলিছে। চর্চা। ইয়াৰ মাজতে শিক্ষামন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মেট্রিক পৰীক্ষা বাতিল নকৰাৰ ইংগিত দিছে।

বিষয়টোক লৈ শিক্ষামন্ত্রী ড° শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়— আমাৰ ইয়াত কিছুমান বিশেষ সমস্যা আছে। চি বি এছ ইৰ আভ্যন্তৰীণ মূল্যায়ন হয়। কিন্তু আমাৰ ইয়াৰ আভ্যন্তৰীণ মূল্যায়ন নহয়। আমি যদি আজি ছাত্ৰ-ছাত্ৰীক মেট্রিক উত্তীর্ণ কৰাই দিওঁ, তেন্তে কটন বিশ্ববিদ্যালয়ত কোনে নামভৰ্তি কৰিব, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত কোনে নামভৰ্তি কৰিব, আর্য বিদ্যাপীঠ মহাবিদ্যালয়ত কোনে নামভৰ্তি কৰিব, সেই সিদ্ধান্ত আমি ল’ব নােৱাৰোঁ। দ্বিতীয়তে আমাৰ ইয়াত অনলাইন পৰীক্ষা হ’ব নােৱাৰে।। কাৰণ গাঁৱৰ বহু ছাত্ৰ-ছাত্ৰীৰ অনলাইন ব্যৱস্থা নাই। গতিকে ক’ভিডৰ সম্ভাব্য পৰিস্থিতি আৰু আমাৰ ইয়াৰ ব্যৱহাৰিক অসুবিধা, এই গােটেইবােৰ চাই এটা সিদ্ধান্ত ল’ব লাগিব। মেট্ৰিক পৰীক্ষাৰ বাবে ছেবাই নিজে প্রস্তুত হৈ থাকিব বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে সকলােকে উত্তীর্ণ কৰাই দিয়াৰ ভাৰত চৰকাৰে যিটো সিদ্ধান্ত লৈছে, সেইটো আমাৰ ইয়াত সম্ভৱ নহয়। গতিকে মেট্রিক পৰীক্ষা আজি বা কাইলৈ পাতিবই লাগিব।

সেই কাৰণে আমি এইটোৱেই চাব খুজিছোঁ— বিহুৰ পাছৰ পৰা মেট্রিক পৰীক্ষাৰ এসপ্তাহৰ আগলৈকে ক’ভিডৰ পৰিৱেশ কি হ’ব। কাৰণ মেট্রিক পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্রছাত্রীসকল স্কুললৈ যােৱা নাই। তেওঁলােক এতিয়া ঘৰতে আছে। বিষয়টোৰ সিদ্ধান্ত নতুন চৰকাৰে ল’লে ভাল হ’ব বুলিও শিক্ষামন্ত্রী ড° শৰ্মাই নিজৰ দৃষ্টিভংগী ব্যক্ত কৰে। তেওঁ কয় যে ২ মে’ৰ আগত ইয়াৰ ওপৰত সিদ্ধান্ত লােৱাৰ সম্ভাৱনা খুব কম। গতিকে নতুন চৰকাৰৰ ওপৰতেই মেট্রিক-উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সিদ্ধান্ত হ’ব। তদুপৰি নির্বাচনী আদর্শ আচৰণবিধি চলি থকা অৱস্থাত আমি এনেকুৱা সিদ্ধান্ত ল’ব খােজা নাই। কাৰণ আমি যি সিদ্ধান্ত লওঁ, তাত আকৌ নির্বাচন আয়ােগৰ অনুমােদন লাগিব। সেয়েহে ২ মে’ৰ আগতে আমি সিদ্ধান্ত ল’ব বিচৰা নাই। মেট্রিক পৰীক্ষা যিহেতু ১১ মে’ত আছে, সেয়েহে তিনি বা চাৰি মে’ত সিদ্ধান্ত ল’লেও ই কার্যকৰী হ’ব।

You might also like