নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিউবাৰ ৰাজনীতিৰ নতুন যুগ

আটলাণ্টিক মহাসাগৰৰ এখন ক্ষুদ্র দ্বীপৰাষ্ট্র হৈছে কিউবা৷ ১৯৫৯ চনত আমেৰিকাৰ মদতপুষ্ট জেনেৰেল ফুলজেনচি’ বেটিষ্টাক উৎখাত কৰি এই দ্বীপ ৰাষ্ট্রখনত বিপ্লৱ সফল কৰিছিল ফিডেল কাষ্ট্র’ৰ বিপ্লৱী বাহিনীয়ে৷ তেতিয়াৰ পৰা আমেৰিকাৰ বিৰুদ্ধে কেৱল প্রতিবাদ আৰু প্রতিৰোধৰ প্রাচীৰ গঢ়ি আহিছে কিউবাই৷ সাম্রাজ্যবাদ তথা আধিপত্যবাদবিৰোধী বিশ্বৰ সংগ্রামত কিউবাক বিভিন্ন দেশে প্রতিৰোধৰ মহাকাব্য আখ্যা দি আহিছে৷ বিপ্লৱী নেতা ফিডেল কাষ্ট্র’ৱে প্রায় অর্ধশতাব্দীকাল দেশখনক শাসন কৰিছিল৷ আমেৰিকাৰ কঠোৰ বাণিজ্যিক তথা অর্থনৈতিক নিষেধাজ্ঞাৰ বাবেই সংকটৰ সন্মুখীন হৈও বিপ্লৱী নেতা ফিডেল কাষ্ট্র’ৰ সুদক্ষ পৰিচালনাৰ ফলত স্বাস্থ্য, শিক্ষা আদি দিশত কিউবা হৈ পৰিছিল পৃথিৱীৰ শীর্ষত থকা দেশ৷ ২০০৬ চনত ফিডেল কাষ্ট্র’ৱে বিপ্লৱৰ ক্ষেত্রখনত সতীর্থৰ দায়িত্ব পালন কৰা ভাতৃ ৰাউল কাষ্ট্র’ৰ হাতত গতাইছিল কিউবাৰ শাসনভাৰ৷ ৰাউলৰ প্রতিও দেশবাসীৰ আছিল গভীৰ সমর্থন৷ ইয়াৰ উপৰি ফিডেলে যি বিপ্লৱী আদর্শ আধুনিক কিউবাৰ নির্মাণৰ বাবে বুনিয়াদ হিচাপে প্রক্ষেপ কৰিছিল দেশবাসীয়ে তাক আজিও মানি চলিছে৷ কিউবাৰ বিপ্লৱৰ ভেটিটো নির্মাণ কৰিছে দেশখনৰ কমিউনিষ্ট পার্টীয়ে৷ কমিউনিষ্ট পার্টী হৈছে আধুনিক কিউবাৰ মূল খনিকৰ৷ এই কমিউনিষ্ট পার্টীৰ শীর্ষ নেতাৰ দায়িত্ব দীর্ঘদিন ধৰি পালন কৰিছিল ফিডেল কাষ্ট্র’ৱে৷ ইয়াৰ পিছতেই কমিউনিষ্ট পার্টীৰ সম্পাদকপ্রধানৰ দায়িত্ব অর্পণ কৰা হৈছিল ৰাউল কাষ্ট্র’ৰ হাতত৷ লক্ষণীয়ভাৱে কাষ্ট্র’ বংশৰ হাততেই আছিল কিউবাৰ কমিউনিষ্ট পার্টীৰ দায়িত্ব৷ কিন্তু শেহতীয়াকৈ ৰাউল কাষ্ট্র’ৱে দলৰ সম্পাদকপ্রধানৰ দায়িত্ব ত্যাগ কৰাৰ লগে লগে কমিউনিষ্ট পার্টীত নতুন প্রজন্মৰ নেতাৰ নেতৃত্ব আহি পৰিছে৷ ৰাউল কাষ্ট্র’ৱে শেহতীয়া পার্টী কংগ্রেছত দলৰ শীর্ষ নেতৃত্ব ত্যাগ কৰাৰ সিদ্ধান্ত লোৱাৰ লগে লগে ৰাষ্ট্রপতি মিগুৱেল ডিয়াজ–কানেলক দলৰ শীর্ষ নেতৃত্বও প্রদান কৰা হৈছে৷ লক্ষণীয় বিষয়টো হৈছে কিউবা বিপ্লৱৰ সময়ত মিগুৱেল ডিয়াজ–কানেলৰ জন্মই হোৱা নাছিল৷ কিন্তু কিউবাৰ বিপ্লৱী আদর্শৰ শিক্ষাৰে শিক্ষিত মিগুৱেলে ফিডেলে আগবঢ়োৱা নির্দেশনাৰে দেশক শাসন কৰাৰ সংকল্প গ্রহণ কৰিছে৷
প্রশ্ণটো হৈছে কাষ্ট্র’বিহীন কিউবাৰ শাসন তথা কমিউনিষ্ট পার্টীৰ দায়িত্ব সফল হ’ব পাৰিবনে নাই৷ দীর্ঘদিন ধৰি আমেৰিকাৰ স’তে দেশখনৰ বৈৰিতা অক্ষত আছিল৷ বাৰাক অ’বামাৰ দিনত কিউবাৰ স’তে আমেৰিকাৰ সম্পর্কৰ পথ পুনৰ মুকলি হৈছিল যদিও পৰৱর্তী সময়ত ড’নাল্ড ট্রাম্পে এই সম্পর্কক অগ্রগতি প্রদান কৰাৰ ক্ষেত্রত কোনো ধৰণৰ ব্যৱস্থা গ্রহণ নকৰিলে৷ পৰিণতিত কিউবা–আমেৰিকাৰ সম্পর্ক স্থবিৰ হৈয়ে থাকিল৷ শেহতীয়াকৈ ৮৯ বছৰীয়া ৰাউল কাষ্ট্র’ৱে দলৰ শীর্ষ নেতৃত্ব ত্যাগ কৰাৰ পিছত বিভিন্ন মহলে ধাৰণা কৰিছে যে কমিউনিষ্ট পার্টীৰ অভ্যন্তৰত এতিয়া বিভিন্ন সংস্কাৰ সাধন কৰা হ’ব৷ অর্থাৎ ভৱিষ্যতে হয়তো বহুদলীয় ৰাজনৈতিক ব্যৱস্থাৰ পথ কিউবাত মুকলি হ’ব পাৰে৷ কিন্তু ফিডেল কাষ্ট্র’ৱে কিউবাক যিদৰে গঢ়ি তুলিছে বিশ্বত সেয়া এক নজিৰ হৈ থাকিব৷ বিশ্বৰ বিভিন্ন দেশত এতিয়া কিউবাৰ চিকিৎসক তথা স্বাস্থ্যকর্মীয়ে আগবঢ়াই আছে বিনামূলীয়া সেৱা৷ বিশ্বৰ ভিতৰতে আটাইতকৈ উন্নত কিউবাৰ চিকিৎসা ব্যৱস্থা৷ মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্রত কিউবাই যি ভূমিকা গ্রহণ কৰিছে সেয়া অন্য দেশত সম্ভৱ হোৱা নাই৷ ক্ষুদ্র এই দেশখনত শিক্ষা হৈছে সকলোৰে বাবে বিনামূলীয়া৷ শিক্ষা, স্বাস্থ্যৰ ক্ষেত্রত অধিক গুৰুত্ব প্রদান কৰাৰ ফলত ক্রীড়া ক্ষেত্রতো কিউবাই অনন্য নিদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷ বিগত সময়ছোৱাত সমগ্র লেটিন আমেৰিকাত বাঁও ৰাজনীতিৰ ধুমুহাৰ সৃষ্টি হৈছে কিউবাৰ অনুপ্রেৰণাতেই৷ সমীপত পৰাক্রমী আমেৰিকা থকা সত্ত্বেও লেটিন আমেৰিকাৰ দেশবোৰত সঘনে আধিপত্যবাদৰ বিৰুদ্ধে বজ্রনিনাদ ধ্বনিত কৰি আহিছে অৱদমিত জনসাধাৰণে৷ অকল সেয়াই নহয়, কিউবা বিভিন্ন সময়ত বিশ্বৰ দুর্দশাগ্রস্ত দেশবোৰৰ নেতৃত্বদায়ী শক্তিত পৰিণত হৈছে৷ প্রয়াত ফিডেল কাষ্ট্র’ৱে বিশ্বনেতাৰ ভূমিকা লৈ সাম্রাজ্যবাদী দুর্গৰ বিৰুদ্ধে সৃষ্টি কৰিছিল প্রত্যাহ্বান৷ সেইবাবে কিউবা আটলাণ্টিক বক্ষৰ এক অনির্বাণ বিপ্লৱী শিখা৷ কাষ্ট্র’ বংশৰ আধিপত্যৰ অৱসানৰ পিছত কিউবাই নিজৰ স্থিতি অক্ষত ৰাখিবলৈ সক্ষম হ’বনে নাই সেয়া সময়েহে নির্ণয় কৰিব৷

You might also like