আজি মুম্বাই ইণ্ডিয়ানছৰে যুঁজ দিল্লী কেপিটেলছৰ
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ আজি চেন্নাইত হ’বলগীয়া মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব দিল্লী কেপিটেলছ আৰু ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে৷
আজিৰ এই মেচখন অধিক আকর্ষণীয় হৈ উঠাৰ পূর্ণ সম্ভাৱনা আছে৷ যোৱানিশা পঞ্জাব কিংছক পৰাস্ত কৰি আত্মবিশ্বাস তুংগত আছে দিল্লী কেপিটেলছৰ৷ ইফালে, মুম্বাই ইণ্ডিয়ানছেও শেহতীয়া মেচখনত ছানৰাইজার্ছ হায়দৰাবাদৰ বিপক্ষে ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰি অধিক আত্মবিশ্বাসী হৈ আছে৷
আজিৰ মেচখনৰ পূর্বে মিডল অর্ডাৰত বেটছমেনৰ ব্যর্থতাই কিছু পৰিমাণে চিন্তিত কৰি ৰাখিছে মুম্বাই দলটোৰ অধিনায়ক ৰোহিত শর্মাক৷ ছানৰাইজার্ছৰ বিপক্ষে খেলা মেচখনৰ মিডল অ’ভাৰত বেটছমেনসকলে বিশেষ উন্নত প্রদর্শন দাঙি ধৰিব নোৱৰাৰ বাবেই মুম্বায়ে বৃহৎ স্ক’ৰ সংগ্রহ কৰাত ব্যর্থ হৈছিল৷
অৱশ্যে বলাৰসকলৰ দুর্দান্ত বলিঙৰ বাবে মেচখনত মুম্বায়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়৷ আজিৰ মেচখনত বেটছমেনসকলে নিজৰ ছন্দ অনুসাৰে খেলি দিল্লীক চাপত ৰাখিব পাৰিব বুলি আশা ব্যক্ত কৰি অধিনায়ক ৰোহিত শর্মাই কয় যে কাইলৈৰ মেচখনত মূল একাদশত বিশেষ সালসলনি হোৱাৰ সম্ভাৱনা নাই৷ আশা কৰিছোঁ সতীর্থসকলে উন্নত প্রদর্শন দাঙি ধৰিব পাৰিব৷
ইফালে, দেওবাৰে নিশা পঞ্জাবক হৰুৱাই আত্মবিশ্বাস তুংগত থকা দিল্লী দলটোৰ অধিনায়ক ঋষভ পণ্টে কয় যে আজিৰ মেচখনতো শিখৰ ধাৱনৰ ওপৰত দলটোৰ ভাগ্য বহুখিনি নির্ভৰ কৰিব৷ বর্তমান ধাৱন দুর্দান্ত ফর্মত আছে আৰু আজিও তেওঁ দীঘলীয়া ইনিংছ খেলিব পাৰিব৷ আজিৰ মেচখনত আজিংক্য ৰাহানেই দললৈ প্রত্যাৱর্তন কৰাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে দলটোৰ অধিনায়কগৰাকীয়ে৷
খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷