নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্রান্ত লক্ষ্ণৌৰ ৩০ শতাংশ চিকিৎসক–স্বাস্থ্যকৰ্মী

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ উত্তৰ প্রদেশৰ ৰাজধানী লক্ষ্ণৌত ক’ভিড–১৯সৃষ্ট পৰিস্থিতি অতি ভয়াৱহতাৰ দিশে আগবাঢ়িছে৷ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে হাস্পতালৰ চিকিৎসক–স্বাস্থ্যক৷ তথ্য অনুসৰি লক্ষ্ণৌৰ অধিকাংশ প্রখ্যাত চিকিৎসালয়ৰে ৩০ শতাংশ চিকিৎসক–স্বাস্থ্যক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াকে লৈ ক’ৰোনাত আক্রান্ত ৰোগীৰ চিকিৎসা সেৱাত ব্যাঘাত জন্মিছে৷ কিং জর্জ মেডিকেল ইউনিভাৰছিটীৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকে প্রকাশ কৰা মতে এদিনতে ৪০তকৈ অধিক চিকিৎসক আৰু স্বাস্থ্যকর্মী ক’ৰোনা পজিটিভ হৈছে৷

প্রতিদিনেই চিকিৎসক–স্বাস্থ্যক আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ ১৪ দিনৰ কর্তব্য সামৰি যোৱাৰ পিছতেই চিকিৎসক–স্বাস্থ্যক দেহত ক’ভিড ধৰা পৰিছে৷ এই আক্রান্তৰ ভিতৰত একাংশ চিকিৎসালয়ত ভর্তি হ’বলগীয়া হৈছে৷ আনপিনে একাংশ হোম আইছ’লেচনত আছে৷

লক্ষণীয় যে ৰামমনোহৰ লোহিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েঞ্চৰ ২০০০ কর্মচাৰীৰ ভিতৰত ৬০০জন আক্রান্ত হৈছে৷ পৰিণতিত এনে আক্রান্ত স্বাস্থ্যকর্মীসকলে কর্মৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাত স্বাস্থ্য বিভাগ সংকটত পৰিছে৷

You might also like