নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৈদ্যুতিক বাহন নির্মাণত বিশ্বৰ এক নম্বৰ হ’ব ভাৰত

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ শীঘ্রেই বৈদ্যুতিক বাহন নির্মাতা হিচাপে ভাৰতে এক নম্বৰ স্থানত উপনীত হ’ব৷ আমাজনৰ সম্ভৱ সন্মিলন ভাছুৱেলী সম্বোধন কৰি কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰিয়ে এই মন্তব্য কৰে৷

কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে তেওঁৰ সম্পূর্ণ বিশ্বাস আছে ভাৰতত লিঠিয়াম আয়ন বেটাৰী সম্পূর্ণকৈ নির্মাণ কৰিব পাৰিব৷ পৰৱর্তী ছমাহৰ ভিতৰতে এয়া সম্ভৱ হৈ উঠিব, যিয়ে ভাৰতক বৈদ্যুতিক বাহন নির্মাণৰ ক্ষেত্রত বিশ্বৰ শীর্ষ স্থানলৈ লৈ যাব৷ তদুপৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে পৰৱর্তী দুবছৰৰ ভিতৰত পেট্র’ল আৰু ডিজেল চালিত বাহনৰ তুলনাত বৈদ্যুতিক বাহনৰ ব্যয় নিম্ন হ’ব৷ এই বৈদ্যুতিক বাহনবোৰ আন্তর্জাতিক মানৰ সমান হ’ব৷ চৰকাৰে বৈদ্যুতিক বাহনৰ সমান্তৰালকৈ ইথানল, মিথানল, বায়’–চিএনজি, বৈদ্যুতিক আৰু হাইড্র’জেন ইন্ধনৰ প্রয়োগত গুৰুত্ব আৰোপ কৰি আহিছে৷ এই লৈ চৰকাৰে হাইড্র’জেন ইন্ধন চেল প্রযুক্তি মুকলি কৰাৰ বাবেও কাম কৰি থকা বুলি উল্লেখ কৰে মন্ত্রীগৰাকীয়ে৷

জীৱাশ্ম ইন্ধনৰ প্রয়োগ হ্রাস কৰাৰ বাবেই চৰকাৰে হাইড্রজেন আৰু অক্সিজেনৰ মাজত ৰাসায়নিক বিক্রিয়া ঘটাই বৈদ্যুতিক শক্তি উৎপাদন কৰিব৷ দেশত প্রদূষণমুক্ত পৰিবহণ ব্যৱস্থা গঢ়ি তুলিবলৈ গুৰুত্বপূর্ণ সঁজুলি হিচাপে ই–মবিলিটি ব্যৱস্থাক প্রাধান্য দিয়া হ’ব বুলিও কয় মন্ত্রীগৰাকীয়ে৷

উল্লেখ্য যে অলপতে কেন্দ্রীয় পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রালয়ে ৰাজহুৱা তেল কোম্পানী ইণ্ডিয়ান অইল আৰু ইজৰাইলৰ ফিনার্জী নামৰ কোম্পানীৰ সৈতে ভাৰতত এলুমিনিয়াম–এয়াৰ ছিষ্টেম গঢ়াৰ বাবে অংশীদাৰিত্ব ঘোষণা কৰিছে৷

You might also like