নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুল গান্ধী ক’ভিড-১৯ প’জিটিভ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধী ক’ভিড-১৯ প’জিটিভ। গান্ধীয়ে আজি নিজে এই বিষয়ে সদৰী কৰে।

‘শৰীৰত মৃদু লক্ষণ অনুভৱ কৰাৰ পিছত মই ক’ভিড পৰীক্ষা কৰোঁ আৰু পজিটিভ বুলি পৰীক্ষাৰ ফলাফল লাভ কৰিছোঁ। শেহতীয়াকৈ মোৰ সম্পৰ্কত অহা সকলোৱে অনুগ্ৰহ কৰি সকলো সুৰক্ষা প্ৰটোকল অনুসৰণ কৰক আৰু সুৰক্ষিত থাকক।’ -ৰাহুল গান্ধীয়ে এইদৰে টুইট কৰে।

উল্লেখ্য, কালি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা কংগ্ৰেছ নেতা ড০ মনমোহন সিং ক’ৰোনাত আক্ৰান্ত হৈ এইমছত ভৰ্তি হৈছিল। আনহাতে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দিয়া তথ্য মতে যোৱা ২৪ ঘণ্টাত ২,৫৯,১৭০টা নতুন ক’ভিড-১৯ সংক্ৰমণ আৰু ১,৭৬১গৰাকী লোকৰ মৃত্যু হৈছে।

You might also like