শিক্ষার্থীৰ শৈক্ষিক জীৱনক আগস্থান দিবলৈ ছেবাক আহ্বান আছুৰ
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড মহামাৰীৰ প্রাদুর্ভাৱ৷ ইয়াৰ মাজতে চমু চাপি আহিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন৷ কিন্তু ক’ভিডে জটিল ৰূপ ধাৰণ কৰাত দেশৰ বিভিন্ন ৰাজ্যত শিক্ষান্ত পৰীক্ষা ইতিমধ্যে বাতিল কৰিছে৷ অসমতো পৰিস্থিতি দিনক দিনে জটিলতৰ হৈ গৈ আছে৷ তেনে প্রেক্ষাপটত শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষার্থী তথা অভিভাৱকসকলে উদ্বিগ্নতাৰ মাজত দিন কটাইছে৷ এনে এক জটিল পৰিস্থিতিত ছাত্র–ছাত্রীৰ শৈক্ষিক জীৱনক আগস্থান দি ফলপ্রসূ সিদ্ধান্ত গ্রহণ কৰিবলৈ সদৌ অসম ছাত্র সন্থাই অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ অধ্যক্ষক আহ্বান জনাইছে৷ এই সন্দর্ভত ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত ছাত্র সন্থাৰ এটা প্রতিনিধি দলে আজি ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনক সাক্ষাৎ কৰি এক বৈঠকত মিলিত হয়৷
বৈঠকত ছাত্র সন্থাৰ দলটোৱে অধ্যক্ষ জৈনক কয়– শিক্ষার্থীসকলৰ বহুমূলীয়া শৈক্ষিক বর্ষ কোনো কাৰণতে নষ্ট হ’ব নালাগিব৷ একে সময়তে ছাত্র–ছাত্রীসকলৰ স্বাস্থ্যৰ প্রতিও কোনো ধৰণৰ ভাবুকি আহিব নালাগিব৷ সেয়েহে এই দুয়োটা দিশলৈ লক্ষ্য ৰাখি শীঘ্রেই যথা সময়ত ছাত্র–ছাত্রীৰ শৈক্ষিক জীৱনক আগস্থান দি ফলপ্রসূ সিদ্ধান্ত গ্রহণ কৰিব লাগিব৷ এইক্ষেত্রত ফলপ্রসূ পদক্ষেপ গ্রহণ কৰিবলৈ ছাত্র সন্থাৰ দলটোৱে অধ্যক্ষ জৈনক আহ্বান জনায়৷ ইফালে, যোৱা ১২ এপ্রিলত ছেবাই জাৰি কৰা জাননীখন সম্পূর্ণৰূপে বাতিল কৰিবলৈ প্রতিনিধি দলটোৱে অধ্যক্ষ জৈনক দাবী জনায়৷ লগতে অসমীয়া ভাষা সন্দর্ভত নীতিগত সিদ্ধান্ত বাহাল ৰাখিবলৈ দাবী জনায়৷
উল্লেখ্য যে ছেবাই জাৰি কৰা জাননীখনত কোৱা হয় যে অসমীয়া ভাষাটো কোনো ছাত্র বা ছাত্রীয়ে মুখ্য বিষয় (আধুনিক ভাৰতীয় ভাষা) হিচাপে নলৈ ঐচ্ছিক বিষয় হিচাপে ল’ব পাৰিব আৰু যদি মুখ্য বা ঐচ্ছিক কোনো এটা শিতানতেই ল’ব নোখোজে তেতিয়াও নম্বৰৰ তালিকাত যোগ নোহোৱা এটি বিষয় হিচাপে পঢ়িব লাগিব৷ অর্থাৎ অসমীয়া মাতৃভাষা কোৱা ছাত্র–ছাত্রীয়েও অসমীয়া বিষয় নপঢ়াকৈ শিক্ষা সাং কৰিব পাৰিব৷ এনে সিদ্ধান্ত অসমীয়া আৰু অসমবিৰোধী বুলি উল্লেখ কৰি অসমীয়া ভাষাৰ ক্ষেত্রত ছাত্র সন্থা, শিক্ষাবিদ আৰু পৰিষদৰ কর্তৃপক্ষৰ মাজত হোৱা পূর্বৰ আলোচনাৰ নীতিগত সিদ্ধান্ত বাহাল ৰাখিবলৈ প্রতিনিধি দলটোৱে অধ্যক্ষ জৈনক দাবী জনায়৷ বৈঠকত ছাত্র সন্থাৰ উপ–সভাপতি উৎপল শর্মা, শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, সাংগঠনিক সম্পাদক ৰাইফুদ্দিন আহমেদ, দিব্যজ্যোতি মেধি, সদৌ কামৰূপ জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক টুটুমণি কলিতা আৰু সদৌ গুৱাহাটী ছাত্র সন্থাৰ সভাপতি আনোৱাৰ হুছেইন উপস্থিত থাকে৷