নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম বিধানসভা নির্বাচনঃ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৪ কেন্দ্রত পুনৰ ভোটগ্রহণ

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ ৰাজ্যৰ তিনি বিধানসভা সমষ্টিৰ চাৰিটা কেন্দ্রত মঙলবাৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত পুনৰ ভোটগ্রহণ সম্পন্ন হয়৷ পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা পুনৰ ভোটগণনা সন্দর্ভত অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ তৰফৰ পৰা দিয়া তথ্য অনুসৰি সন্ধিয়া ৬ বজা পর্যন্ত কাছাৰ জিলাৰ সোণাই বিধানসভা সমষ্টিৰ মধ্য ধনেহৰি এল পি স্কুলৰ ১০৯নং কেন্দ্রটোত ৮১.০১ শতাংশ ভোটাৰে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে৷ সোণাই সমষ্টিত বিজেপি প্রার্থী আমিনুল হক লস্কৰ আৰু কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ প্রার্থী কৰিমুদ্দিন বৰভূঞাৰ মাজতে প্রতিদ্বন্দ্বিতা হ’ব বুলি ধাৰণা কৰা হৈছে৷

কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ ইন্দিৰা এম ভি স্কুল ১৪৯নং (সোঁফাল) কেন্দ্রটোত শান্তিপূর্ণভাৱে সম্পন্ন হয় পুনৰ ভোটগ্রহণ৷ সন্ধিয়া ৬ বজা পর্যন্ত কেন্দ্রটোত ভোটদানৰ হাৰ হ’ল ৫৮.৬৭ শতাংশ৷ ৰাতাবাৰী বিধানসভা সমষ্টিতো বিজেপিৰ বিজয় মালাকাৰ আৰু মহাজোঁটৰ প্রার্থী শম্ভু সিং মাল্লাৰ মাজত প্রতিদ্বন্দ্বিতা হ’ব বুলি ধাৰণা কৰা হৈছে৷

ইফালে, হাফলং সমষ্টিৰ মুৱালদাম এল পি স্কুলৰ ১০৭নং আৰু খোথলিৰ এল পি স্কুলৰ ১০৭ (ক)নং কেন্দ্র দুটাতো আজি পুনৰ ভোটগ্রহণ সম্পন্ন হয়৷ অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ তথ্য অনুসৰি মুৱালদাম এল পি স্কুলৰ কেন্দ্রটোত সন্ধিয়া ৬ বজা পর্যন্ত ভোটদানৰ হাৰ হৈছে ৫৯.২৫ শতাংশ৷ সেইদৰে খোথলিৰ এল পি স্কুলৰ কেন্দ্রটোত ৬৬.৬৭ শতাংশই ভোটদান কৰে৷ উল্লেখ্য যে সোণাই সমষ্টিৰ ৪৬৩নং মধ্য ধনেহৰি এল পি স্কুল কেন্দ্রত ভোটগ্রহণৰ সময়তে গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল৷ সেই সময়ত কেন্দ্রটোত উপস্থিত আছিল সমষ্টিটোৰ বিজেপি প্রার্থী তথা অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ৷ আনকি গুলীচালনাৰ ঘটনাত তিনিজনকৈ লোক আহত হোৱাক লৈ পৰৱর্তী সময়ত লস্কৰৰ ৫জন নিৰাপত্তাৰক্ষীকো নিলম্বন কৰা হৈছিল৷ সেইদৰে ৰাতাবাৰী সমষ্টিৰ ১৪৯নং ইন্দিৰা এম ভি স্কুল কেন্দ্রত ভোটদান সম্পন্ন হোৱাৰ পিছত ই ভি এমটো পাথাৰকান্দি সমষ্টিৰ বিজেপি প্রার্থীজনৰ পত্নীৰ নামত থকা এখন বাহনত উদ্ধাৰ হোৱাক কেন্দ্র কৰি উদ্ভৱ হৈছিল উত্তেজনাময় পৰিস্থিতিৰ৷

লক্ষণীয়ভাৱে হাফলং সমষ্টিৰ ১০৭ (ক)নং খোথলিৰ এল পি স্কুল কেন্দ্রটোত মুঠ ভোটাৰৰ সংখ্যা হ’ল ৯০জন৷ কিন্তু কেন্দ্রটোত ১৮১জনে ভোটাধিকাৰ সাব্যস্ত কৰিছিল৷ নির্বাচন আয়োগৰ পর্যবেক্ষণত এই গুৰুতৰ বিসংগতি ধৰা পৰাৰ পিছতে তাৎক্ষণিকভাৱে কেন্দ্রটোৰ নির্বাচনী দায়িত্বত থকা ৫ বিষয়া–কর্মচাৰীক নিলম্বন কৰা হয়৷ প্রিজাইডিং আৰু প্রথম প’লিং বিষয়াই এইক্ষেত্রত স্বীকাৰ কৰিছিল যে ১০৭নং মুৱালদাম এল পি স্কুলৰ মূল কেন্দ্রত পঞ্জীভুক্ত একাংশ ভোটাৰক তেওঁলোকে অতিৰিক্তভাৱে স্থাপন কৰা ১০৭ (ক)নং খোথলিৰ এল পি স্কুল কেন্দ্রত ভোটদানৰ অনুমতি দিছিল৷ এনে ধৰণৰ খেলিমেলি সংঘটিত হোৱাৰ প্রেক্ষাপটত নির্বাচন আয়োগে যোৱা ১০ এপ্রিলত চাৰিওটা কেন্দ্রতেই পুনৰ ভোটগ্রহণৰ নির্দেশ দিছিল৷ সেই নির্দেশমর্মে মঙলবাৰে চাৰিওটা কেন্দ্রতেই অনুষ্ঠিত হয় পুনৰ ভোটগ্রহণ৷

You might also like