জাগুনত বিশেষভাৱে সক্ষম যুৱতীক ধৰ্ষণ
নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত নামফাই নতুন গাঁৱত কালি সন্ধ্যা সংঘটিত হৈছে এক জঘন্য ধৰ্ষণকাণ্ড।
৩৫ বছৰীয়া এজন লম্পট লোকৰ দ্বাৰা ধৰ্ষণৰ বলি হ’ল বিশেষভাৱে সক্ষম ২২ বছৰীয়া এগৰাকী যুৱতীক । লম্পট লোকজন হৈছে নামফাই নতুন গাঁও নিৱাসী সোণটো সোণোৱাল। প্ৰাপ্ত খবৰ অনুসৰি, যুৱতী গৰাকীৰ ঘৰত সন্ধিয়া পৰিয়ালৰ কোনো লোক নথকাৰ সুযোগ লৈ লম্পট সোণোৱালে যুৱতীগৰাকীৰ ঘৰত প্ৰৱেশ কৰি বলপূৰ্বকভাৱে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে।
লোকজনক গাঁৱৰ ৰাইজে কৰায়ত্ত কৰি জাগুন আৰক্ষীক গতাই দিয়ে। ইতিমধ্যে লোকজনৰ বিৰুদ্ধে লেখাপানী থানাত ৪৫৭ আৰু ৩৭৬ ধাৰাৰ অধীনত এক গোছৰ ৰুজু কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। সমগ্ৰ ঘটনাই জাগুনত চাঞ্চল্য সৃষ্টি কৰাৰ লগতে দল-সংগঠনে লম্পট সোণোৱালক কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে।