নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উদ্যোগত ভিতালী দাসলৈ গভীৰ শ্ৰদ্ধাঞ্জলি

উচুপি উঠিল শিল্পী গৰাকীৰ কেইবাজনো শুভাকাংক্ষী

নিয়মীয়া বাৰ্তা ,২৪ এপ্ৰিল : উত্তৰ গুৱাহাটী মাজগাৱৰ এটি সাংস্কৃতিক পৰিয়াল । ৪ জনীয়া পৰিয়ালটোৰ আটাইতকৈ কণিষ্ঠ সদস্যা গৰাকীক পিতৃয়ে মৰমতে মাতে সোনা বুলি । জোনা বুলি মাতে মাতৃয়ে । বগা ৰঙৰ ফ্ৰক পিন্ধি ভাল পোৱা কনমানি জোনাৰ সৰুৰে পৰা সংগীতৰ ক্ষেত্ৰত আছিল এক ব্যতিক্ৰমী প্ৰতিভা । পৰবৰ্তী সময়ত এই জোনাই উত্তৰ গুৱাহাটীক দিছিল এক সুকীয়া পৰিচয় । এটা দুটা নহয় ৫০০০ তকৈয়ো অধিক গীতত কন্ঠ দান কৰি মুগ্ধ কৰিছিল অসমৰ অগণন সংগীত প্ৰেমীক । কিন্তু নিয়তিৰ কি পৰিহাস জীৱনৰ মাত্ৰ ৫০ টা বসন্ত পাৰ কৰা মৰমৰ জোনাক যোৱা ২১ এপ্ৰিলত বগা কাপোৰেৰে ধাকি লৈ যোৱা হ’ল গুৱাহাটীৰ নৱগ্ৰহ শ্মশানলৈ । অসমৰ লাখ লাখ সংগীত প্ৰেমীক কন্দুৱাই পঞ্চভূতত বিলীন হ’ল উত্তৰ গুৱাহাটীৰ সম্পদ মৰমৰ জোনা জনী । আৰু সেই জোনা জনীয়েই হৈছে সদ্যপ্ৰয়াত ভিতালী দাস — ”

উল্লেখ্য, উত্তৰ গুৱাহাটী সাংবাদিক সন্থা’ৰ উদ্যোগত আজি উত্তৰ গুৱাহাটী মহাবিদ্যালয় প্ৰাংগনত সদ্য প্ৰয়াত ভিতালী দাসৰ স্মৃতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানটিৰ আত ধৰি উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি দিগন্ত বৰদলৈয়ে জোনাৰ প্ৰসংগৰে ভিতালী দাসে ৰাজ্যৰ লগতে সমগ্ৰ উত্তৰ গুৱাহাটীৰ বাবে দি থৈ যোৱা গৌৰৱৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰি আৱেগ গধুৰ কৰি তোলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি ।

আৰম্ভণিতে, প্ৰবীণ অনাতাঁৰ শিল্পী ড’ বন্তি দত্ত বৰাই ভিতালী দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি কয় যে ভিতালী দাসৰ কন্ঠত আছিল এক সুকীয়া মাদকতা । ভিতালী দাসক জীয়াই ৰাখিবলৈ হ’লে তেওৰ গীত সমূহ নৱপ্ৰজন্মৰ মাজত শুদ্ধ ৰূপত দাঙি ধৰাৰ পোষকতা কৰে প্ৰবীণ অনাতাঁৰ শিল্পী জনে । কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি মধুসূধন মেধিয়ে ভিতালী দাসৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণ কৰি কয় যে উত্তৰ গুৱাহাটী হৈছে এখন সাংস্কৃতিক ৰাজধানী । এই অঞ্চলৰ বহু স্বনামধন্য শিল্পীয়ে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰলৈ অনন্য বৰঙণি আগবঢ়াই থৈ গৈছে । তাৰভিতৰত ভিতালী দাসৰ বৰঙণিৰ কথা সদায় সকলোৱে মনত ৰাখিব ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সম্পাদক ৰূপক ডেকাই ভিতালী দাসৰ স্মৃতিত সন্থাৰ ফালৰ পৰা ৰাজ্যিক ভিত্তিত এটা বটা প্ৰচলন কৰিব বুলি ঘোষণা কৰে । ইফালে,গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উত্তৰ গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক গৌৰিকান্ত কাকতি, শিল্পী ধীৰেশ্বৰ বড়ো, উত্তৰ গুৱাহাটী ৰাজশ্ৰী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা পিংকুমনি চৌধুৰী, উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ড’দিলীপ দাস, তিনিমহীয়া আলোচনী ‘কলম’ৰ সম্পাদক ড’তাৰিণী কান্ত হালৈ, সমাজকৰ্মী ৰমেন নাথ, সমাজ সেবিকা প্ৰাণজিতা কৃষ্ণ তামুলীকে ধৰি কেইবাজনো বক্তাই ভাষণ প্ৰদান কৰি ভিতালী দাসৰ অকাল মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ এক অপূৰণীয় ক্ষতি বুলি উল্লেখ
কৰে ।

You might also like