নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ বাবে লকডাউনৰ প্ৰয়োজন নাইঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

 নিয়মীয়া বাৰ্তা ২৫ এপ্ৰিলঃ অসমৰ স্বাস্থ্য, বিত্ত আৰু শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনত কভিডৰ বিৰুদ্ধে যুঁজ দিবলৈ লকডাউন দিয়াৰ প্ৰয়োজনীয়তা তেওঁ অনুভৱ নকৰে।

মন্ত্ৰী গৰাকীয়ে লগতে দাবী কৰে যে কভিডৰ বিৰুদ্ধে যুঁজিবলৈ অসমত পৰ্যাপ্ত সম্পদ আছে। গতিকে ৰাজ্যখনত লকডাউন দিব লগীয়া পৰিস্থিতি অহা নাই

ড০ শৰ্মাই কয় যে “মই লকডাউন দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ নকৰো। চিকিৎসালয়ত অক্সিজেন, ঔষধ বা কিটৰ অভাৱ হ’লে তাৎক্ষণিক সকাহ পাবলৈ লকডাউন দিয়া হয়। দিল্লীত লকডাউন জাৰি কৰা হৈছে কিয়নো মুখ্যমন্ত্ৰীয়ে নিজেই অক্সিজেনৰ অভাৱ স্বীকাৰ কৰিছে। কিন্তু এতিয়ালৈকে অসমত সকলো সম্পদ আছে। সেয়েহে, আমি অসমত লকডাউন দিয়াৰ প্ৰয়োজনীয়তাৰ প্ৰয়োজন হোৱা নাই,”।

স্বাস্থ্য মন্ত্ৰীয়ে লগতে কয় যে মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্যখনত সকলো ব্যৱস্থা কৰা হৈছে।

You might also like