শ্যামথাইবাৰীৰ পেট্ৰ’ল পাম্পত হঠাতে জ্বলি উঠিল মাৰুতি ভেন
নিয়মীয়া বাৰ্তা, ২৫এপ্ৰিল: চিৰাং জিলাৰ গৰুভাষা আৰক্ষী চকীৰ অন্তৰ্গত শ্যামথাইবাৰীত আজি বিয়লি প্ৰায় চাৰি বজাত এখন মাৰুতি ভেনত হোৱা অগ্নিকাণ্ডৰ ফলত অঞ্চলটোত চাঞ্চল্য সৃষ্টি হয়। প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে ভূটান সীমান্তৱৰ্তী হাতীসাৰ (দাদগিৰি)ৰ ২নং মৈনাগুৰি নিবাসী কিষণ নাৰ্জাৰীয়ে আজি নিজৰ এ এছ ১৯ জি-৯৮৫৬ নম্বৰ মাৰুতি ভেনখনত শ্যামথাইবাৰীৰ অসম তেল ডিপোত পেট্ৰ’ল ভৰোৱাৰ পিছত হঠাতে ভেন খন জ্বলি উঠে। মুহূৰ্তৰ ভিতৰতে জুয়ে বিশাল ৰূপ ধাৰণ কৰাত তেল ডিপোৰ কৰ্মচাৰী আৰু ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়। উক্ত অগ্নিকাণ্ডত তেল ডিপোটো কথমপি ৰক্ষা পৰে যদিও ভেনখন সম্পূৰ্ণৰূপে জুইত জাহ যোৱাৰ লগতে ভেনত থকা নগদ ৮০হেজাৰ টকা আৰু গাড়ীৰ নথিপত্ৰ জ্বলি ছাঁই হয়। অগ্নিকাণ্ডৰ খবৰ অগ্নিনিৰ্বাহক বাহিনীক দিয়া হয় যদিও অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ পূৰ্বে ভেনখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নি কাণ্ডত ভস্মীভূত হোৱা ভেনখন এমাহ পূৰ্বে হাতীসাৰ নিবাসী বিপিন প্ৰসাদৰ পৰা ক্ৰয় কৰিছিল বুলি কিষণ নাৰ্জাৰীয়ে জানিবলৈ দিয়ে।।