নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধিক্ আমেৰিকা! দিল্লীক ভেকচিনৰ কেঁচা মাল নিদি বিশ্বজুৰি নিন্দিত হোৱাইট হাউছ

নিয়মীয়া বাৰ্তা ২৬ এপ্ৰিলঃ মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণে সম্প্রতি ভাৰতত মহা দুর্যোগৰ সৃষ্টি কৰিছে৷ দিনকদিনে বৃদ্ধি পাব ধৰিছে ক’ৰোনাত আক্রান্ত আৰু মৃত লোকৰ সংখ্যা৷ এনে পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ প্রতিষেধক প্রস্তুতৰ কেঁচা সামগ্রী ৰপ্তানিৰ বাবে ভাৰতে আমেৰিকাৰ ওচৰত আর্জি জনাইছিল৷ পিছে মহাদুর্যোগ কালতো ‘বিপদৰ বন্ধু’ ভাৰতৰ ফালে কার্যতঃ পিঠি দিলে আমেৰিকাই৷ মহাশক্তিধৰ দেশখনৰ তৰফৰ পৰা ভাৰতে পূর্বে কৰা সহায়ৰ কথা কার্যতঃ পাহৰি গৈ স্পষ্টভাৱে কোৱা হৈছে যে আমেৰিকাৰ প্রতিজন নাগৰিকক প্রতিষেধক প্রদানৰ পিছতে বিদেশলৈ ৰপ্তানি কৰা হ’ব৷ এই প্রসংগত আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেন আৰু ভাৰতীয় বংশোদ্ভৱ উপ–ৰাষ্ট্রপতি কমলা হেৰিছে সম্পূর্ণভাৱে মৌনতা অৱলম্বন কৰিছে৷

ধিক্ আমেৰিকা ভাৰতৰ প্রয়োজনৰ সময়ত এইদৰে পিঠি দিয়াৰ বাবে বিশ্বজুৰি নিন্দিত আৰু সমালোচিত হৈছে হোৱাইট হাউছ৷ আনকি খোদ আমেৰিকাতেই বাইডেন প্রশাসনক বহুতে তীক্ষ্ণ কটাক্ষ কৰিছে৷ উল্লেখ্য যে বিগত বর্ষত ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত ৰপ্তানিৰ ওপৰত থকা নিষেধাজ্ঞা তাৎক্ষণিকভাৱে ৰদ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আমেৰিকালৈ প্রেৰণ কৰিছিল হাইড্রক্সিক্ল’ৰ’কুইন৷ সেই সময়ৰ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিশ্বাস আছিল– মেলেৰিয়াৰ ঔষধ হাইড্রক্সিক্ল’ৰ’কুইন ক’ৰোনা ভাইৰাছ প্রতিৰোধত কার্যকৰী৷ সমগ্র বিশ্বৰ ভিতৰতে ভাৰতে আটাইতকৈ বেছি হাইড্রক্সিক্ল’ৰ’কুইন উৎপাদন কৰে৷ তাৰ প্রতি লক্ষ্য ৰাখিয়েই তদানীন্তন মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে হাইড্রক্সিক্ল’ৰ’কুইন বিচাৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীক অনুৰোধ জনাইছিল৷ কিন্তু হাইড্রক্সিক্ল’ৰ’কুইন ৰপ্তানিৰ ক্ষেত্রত আৰোপিত আছিল নিষেধাজ্ঞা৷ সেই নিষেধাজ্ঞা তাৎক্ষণিকভাৱে ৰদ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উদ্যোগত বিগত বর্ষৰ এপ্রিল মাহত হাইড্রক্সিক্ল’ৰ’কুইনৰ পাঁচ কোটি টেবলেট বিমানযোগে আমেৰিকালৈ প্রেৰণ কৰা হয়৷

ক’ৰোনাৰ দ্বিতীয় জোৱাৰে এইবাৰ ভাৰতত সংহাৰী ৰূপ ধাৰণ কৰিছে৷ ক’ৰোনাৰ প্রতিষেধক প্রস্তুত কৰিবলৈ ভাৰতক প্রয়োজন কেঁচা সামগ্রী৷ যিটো আমেৰিকাই দিব পাৰে৷ সেয়েহে আমেৰিকাৰ নতুন ৰাষ্ট্রপতি জ’ বাইডেন প্রশাসনৰ দ্বাৰস্থ হৈছিল ভাৰত৷ ৰাষ্ট্রপতি নির্বাচনৰ সময়ত ‘ভাৰতৰ বন্ধু’ হিচাপে পৰিচিত বাইডেন কিন্তু এই অনুৰোধক লৈ বর্তমান পর্যন্ত সম্পূর্ণৰূপে নির্বিকাৰ৷ বৰং বাইডেন প্রশাসনে ক’ৰোনা প্রতিষেধক প্রস্তুতৰ বাবে প্রয়োজনীয় কেঁচা সামগ্রী ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞাহে জাৰি কৰিছে৷ বাইডেন প্রশাসনৰ এনে কার্যৰ বিপৰীতে ইউএছ চেম্বার্ছ অৱ কমার্চে ভাৰতলৈ প্রতিষেধক তথা কেঁচা সামগ্রী প্রেৰণ কৰাৰ আর্জি জনাইছে৷ চেম্বার্ছ অৱ কমার্চৰ কার্যবাহী উপাধ্যক্ষ মাইৰন ব্রিলিয়েণ্টে কয়– আমেৰিকাৰ ওচৰত পর্যাপ্ত প্রতিষেধক মজুত আছে৷ এই মুহূর্তত আমেৰিকাত যি ধৰণে প্রতিষেধক উৎপাদন কৰি থকা হৈছে, তাৰ দ্বাৰাই মজুত থকা প্রতিষেধকক বাদ দিলেও জুন মাহৰ ভিতৰত প্রতিজন নাগৰিকক প্রতিষেধক প্রদান কৰিব পৰা যাব৷ সেয়েহে ভাৰত, ব্রাজিলৰ দৰে দেশলৈ প্রয়োজনীয় প্রতিষেধক ৰপ্তানি কৰা উচিত৷

বাৰাক অ’বামা মার্কিন ৰাষ্ট্রপতি হৈ থকাৰ সময়ত ইউএছ এছিষ্টেণ্ট ছেক্রেটৰী অৱ ষ্টেট (দক্ষিণ এছিয়া) নিশা বিছৱালে এই সন্দর্ভত এক টুইটযোগে কৰা মন্তব্য আছিল এনেধৰণৰ – সম্প্রতি ভাৰতত যি অৱস্থা, তাৰ প্রতি লক্ষ্য ৰাখি আমেৰিকা আৰু আন্তর্জাতিক মহলৰ সাহায্যৰ প্রয়োজন৷ যেতিয়াই অন্য দেশক সাহায্যৰ প্রয়োজন হৈছে তেতিয়াই ভাৰত আগবাঢ়ি আহিছে৷ এতিয়া আমেৰিকাই সহায় কৰা উচিত৷ কেৱল যে প্রশাসনিক বা কূটনৈটিক স্তৰতেই আমেৰিকাৰ সিদ্ধান্তত প্রতিবাদ হৈছে এনে নহয়, আমেৰিকাৰ সর্বসাধাৰণ জনতায়ো ইয়াৰ বিৰোধিতা কৰিছে৷ বিভিন্নজনে টুইটাৰকে ধৰি সামাজিক মাধ্যমত চোকা সমালোচনা কৰিছে মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনক।

You might also like