নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত ২৪ ঘণ্টাত ওলাল ৭৩ জনৰ দেহত ক’ভিড

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ গোলাঘাট জিলাত ক’ভিড ১৯ৰ দ্বিতীয়টো লহৰত আক্ৰান্তৰ সংখ্যা ৫৪৭ জনলৈ বৃদ্ধি পায় । আজিৰ দিনটোতে নতুনকৈ ৭৩ জন লোকৰ দেহত কভিড-১৯ৰ ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । জিলাখনত বৰ্তমান সক্ৰিয় কভিড ৰোগীৰ সংখ্যা ৪১৫ জনলৈ বৃদ্ধি পাইছে ।

ইয়াৰে ৩৫৬ জনৰ ঘৰতে আছুতীয়াকৈ থকাৰ বিপৰীতে ৫৯ জন লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । চিকিৎসাধীন হৈ থকা লোকসকলৰ বৰ্তমান ৪৫ জন গোলাঘাট কভিড হাস্পতালত, ১২ জন ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত, যোৰহাট মেডিকেল কলেজত ১ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এজন ৰোগী চিকিৎসাধীন হৈ আছে ।

আজিৰ দিনটোতে ২৮ জন লোক সম্পূৰ্ণ সুস্থ হৈ উঠাত ঘৰলৈ যাবলৈ দিছে চিকিৎসকে । আজি ধৰা পৰা ৭৩ জন আক্ৰান্তৰ ভিতৰত কমাৰবন্ধাৰ ৬ , বোকাখাটৰ ১৮, সৰুপথাৰৰ ২১, মিছামৰাৰ ৯, কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৩, চাৰিঙীয়া ১১, মৰঙী ২ জন আৰু গোলাঘাট নগৰ এলেকাত ৩ জন লোক আক্ৰান্ত হোৱা বুলি চিহ্নিত হৈছে ।

You might also like