নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰভূঁইকঁপৰ প্রচণ্ড জোকাৰণিত মাটি ফাটি ১০ ফুট উচ্চতালৈ ছিটিকিল পানী

অভিকেন্দ্রস্থল ঢ়েকীয়াজুলিত পূর্বে কেতিয়াও নেদেখা অদ্ভুত পৰিঘটনা

নিয়মীয়া বাৰ্তা ২৯ এপ্ৰিলঃ প্রকৃতি মহামাৰী ক’ৰোনাই সর্বস্তৰৰ জনসাধাৰণক ভীতিগ্রস্ত কৰি ৰখাৰ মাজতে বৰভূঁইকঁপে জোকাৰি গ’ল ৰাজ্য৷ বুধবাৰে পুৱা প্রায় ৭.৫২ বজাত ৰিখ্টাৰ স্কেলত ৬.৪ প্রাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়৷ অভিকেন্দ্র শোণিতপুৰ জিলাৰ ঢ়েকীয়াজুলিৰ পৰা প্রায় ৫ কিলোমিটাৰ দূৰত্বৰ তিনিখৰীয়া চাহ বাগিচা৷ ঢ়েকীয়াজুলিৰ লগতে সমগ্র ৰাজ্যতে আতংকৰ সৃষ্টি কৰা এই বৰভূঁইকঁপটোৰ পাছতো বিয়লি ৫.৪০ বজা পর্যন্ত ২.৯ৰ পৰা ৪.৭ প্রাবল্যৰ আন ১০টা ‘আফটাৰ শ্বক’–এ কঁপাই তোলে ধৰাতল৷ ভূমিকম্পৰ ফলত অভিকেন্দ্রস্থল ঢ়েকীয়াজুলিৰ বিভিন্ন অঞ্চলৰ ৰাইজে প্রত্যক্ষ কৰিলে পূর্বে কাহানিও নেদেখা কেতবোৰ অদ্ভুত পৰিঘটনা৷ বহু ঠাইত মাটিত বৃহৎ ফাট মেলাৰ লগতে ভূগর্ভৰ পৰা নির্গত হয় পানী আৰু কেতবোৰ জুলীয়া পদার্থ৷ এই দৃশ্য প্রত্যক্ষ কৰি স্থানীয় ৰাইজ হতচকিত হৈ পৰে৷

এই পৰিঘটনাৰ পাছতে কেইবাজনো ভূ–তত্ত্ববিদ ঘটনাস্থলীত উপস্থিত হৈ সমগ্র দৃশ্যাৱলী জিপিআৰএছ কেমেৰাৰে সংগ্রহ কৰি ঊর্ধ্বতন কর্তৃপক্ষলৈ প্রেৰণ কৰে৷ ঢ়েকীয়াজুলি ৰাজহ চক্রৰ অন্তর্গত তৰাজান বঙালী গাঁৱত গড়জুলি নৈৰ কাষত ভূমিকম্পৰ প্রচণ্ড জোকাৰণিত মাটি ফাটি ভূগর্ভৰ পৰা পানী নির্গত হয়৷ প্রবল ভূমিকম্পৰ ফলত এক বৃহৎ শব্দ কৰি মাটি ফাটি প্রায় ১০ ফুট উচ্চতালৈকে পানী চিটিকি পৰে৷ এই পানী বহুসময় নির্গত হৈ থাকে বুলি স্থানীয় ৰাইজে সাংবাদিকক জনায়৷ একেদৰে ঢ়েকীয়াজুলি ৰাজহ চক্রৰ অন্তর্গত সূর্যপুৰ, নাৰায়ণপুৰ, হুগ্রাজুলী, নিছলামাৰী, মিছামাৰী, গড়জুলি, মিছা, গৰুবন্ধা আদিকে ধৰি বহু ঠাইৰ পথাৰ ফাটি ভূগর্ভৰ পৰা পানী নির্গত হয়৷ প্রচণ্ড ভূমিকম্পৰ ফলত অঞ্চলটোৰ বহু লোকৰ পকীঘৰ আৰু বিদ্যালয়–মহাবিদ্যালয়, চৰকাৰী অনুষ্ঠান–প্রতিষ্ঠানৰ্ পকীঘৰত ফাট মেলা বুজি জনা গৈছে৷ ভূমিকম্পৰ প্রচণ্ড জোকাৰণিৰ ফলত ঢ়েকীয়াজুলিৰ চিৰাজুলি আদর্শ চিকিৎসালয়ৰ কেইবাখনো দেৱালত বৃহৎ ফাট মেলাৰ লগতে চিকিৎসালয়খনৰ চিলিংবোৰো খহি পৰাৰ লগতে আচবাবৰ বিস্তৰ ক্ষতিসাধন হয়৷ ঢ়েকীয়াজুলি চহৰৰ কেইবাটাও ব্যৱসায়িক প্রতিষ্ঠানৰ ঘৰতো ফাট মেলা বুলি জনা গৈছে৷ প্রবল ভূমিকম্পৰ ফলত মিছামাৰী তাঁতশাল গাঁৱত শুকান পথাৰৰ মাটি ফাটি পানী ওলোৱাৰ লগতে কেঁকোৰা ওলায় বুলি জনায় স্থানীয় ৰাইজে৷

ঢ়েকীয়াজুলিৰ গড়মাৰা জীম চেণ্টাৰৰ চিলিঙত ফাট মেলাৰ লগতে মিছামাৰীৰ গৰুবন্ধা জীম চেণ্টাৰৰ ৱালতো ফাট মেলে বুলি জনায় স্থানীয় ৰাইজে৷ ইয়াৰ উপৰি গড়মাৰা গাঁৱৰ নৱনির্মিত বিবাহ ভৱনৰ ৱালতো ফাট মেলে বুলি জনায় ৰাইজে৷ অৱশ্যে এইপর্যন্ত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই৷ ইপিনে, একেৰাহে ১১ বাৰকৈ হোৱা ভূমিকম্পৰ জোকাৰণিৰ আতংক ৰাইজৰ মনৰ পৰা বাতৰি লিখা পৰলৈকে আঁতৰা নাই৷ ৰাইজে নিজৰ ঘৰত সোমাই থাকিবলৈও শংকিত হৈ আছে৷

ইফালে, মাটি ফাটি পানী ওলোৱাটো বৃহৎ ভূমিকম্পৰ আগজাননী বুলিও ৰাইজৰ মাজত চর্চা চলিছে৷ বৃহত্তৰ অঞ্চলটোৰ ৰাস্তা, পথাৰ আদি বহু ঠাইত দীঘলীয়াকৈ বৃহৎ ফাট মেলিছে৷ চিৰাজুলিৰ সমীপৱর্তী নুৰপুৰজুট অঞ্চলৰ কেইবাবিঘা পথৰুৱা মাটিত দীঘলীয়াকৈ বৃহৎ ফাট মেলাত ৰাইজ উদ্বিগ্ণ হৈছে৷ ঢ়েকীয়াজুলি চাহ বাগিচা আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ মাটিত ভূমিকম্পৰ ফলত ফাট মেলে৷ বৰছলাৰ ১নং বছাশিমলু অঞ্চলত একাধিক আৱাসগৃহ আৰু চিতলমাৰী এলেকাত কেতবোৰ বজাৰ গৃহ ভূমিকম্পৰ ফলত ক্ষতিসাধন হয়৷ ঢ়েকীয়াজুলিৰ মাজৰৌমাৰী অঞ্চলত একাধিক কুঁৱাৰ পানী হ্রাস পোৱাৰ উপৰি অমিয়পুৰ এলেকাত টিউবৱেলৰ পানী ঘোলা হৈ পৰা বুলিও বাতৰি পোৱা গৈছে৷ নাহৰবাৰী নামঘৰৰ নৱনির্মিত তোৰণখনো ভূমিকম্পত ক্ষতিগ্রস্ত হোৱা বুলি জানিব পৰা গৈছে৷ মাজৰৌমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰো ৱাল ফাটি আৰু চিলিং ভাগি যথেষ্ট ক্ষতিসাধন হয়৷
ঢ়েকীয়াজুলিত মুখ্যমন্ত্রী সোণোৱাল
বুধবাৰে পুৱাৰ প্রচণ্ড ভূমিকম্পৰ অভিকেন্দ্রস্থল শোণিতপুৰ জিলাৰ শ্বহীদনগৰী ঢ়েকীয়াজুলিত উপস্থিত হয় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল৷ মুখ্যমন্ত্রী সোণোৱালে প্রথমে পৰিদর্শন কৰে ঢ়েকীয়াজুলিৰ চিৰাজুলি আদর্শ চিকিৎসালয়৷ পৰিদর্শনকালত মুখ্যমন্ত্রী সোণোৱালৰ লগত উপস্থিত থাকে ঢ়েকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংঘালৰ লগতে মুখ্যমন্ত্রীৰ প্রেছ উপদেষ্টা হূষীকেশ গোস্বামী৷ মুখ্যমন্ত্রী সোণোৱালে ভূমিকম্পৰ ফলত ঢ়েকীয়াজুলিৰ তৰাজানত গড়জুলি নৈৰ কাষত মাটি ফাটি ভূগর্ভৰ পৰা পানী নির্গত হোৱা স্থানো পৰিদর্শন কৰে৷ তদুপৰি তেওঁ মাটি ফাটি ভূগর্ভৰ পৰা পানী নির্গত হোৱা শোণিতপুৰ জিলাৰ ঢ়েকীয়াজুলিৰ তৰাজান বঙালী গাঁৱতো উপস্থিত হয়৷

ঘটনাস্থলী পৰিদর্শন কৰাৰ পাছত মুখ্যমন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়– এইটো এটা ৰাজ্যখনৰ বাবে যথেষ্ট চিন্তনীয় বিষয়৷ সেইবাবে আজি অভিকেন্দ্রত নিজে আহি স্থানীয় ৰাইজৰ অভিজ্ঞতা জানিবলৈ চেষ্টা কৰিলোঁ৷ আমি এটা অতি ভূমিকম্পপ্রৱণ অঞ্চলত বসবাস কৰোঁ৷ আগন্তুক দিনত এইক্ষেত্রত ল’বলগা যিখিনি সাৱধানতা, আমি নিশ্চিতভাৱে অত্যন্ত নিষ্ঠাৰে ল’ব লাগিব৷ ৰাজ্যৰ জনতাই অনাগত দিনত এনেধৰণৰ প্রাকৃতিক দুর্যোগৰ সন্মুখীন হ’বলগা হ’লে যিখিনি সাৱধানতা ল’বৰ প্রয়োজনীয়তা আছে এইক্ষেত্রত নিশ্চিতভাৱে আগন্তুক দিনত পদক্ষেপ ল’ব লাগিব৷ অসমৰ ৰাইজক ইয়াৰ পৰাই আহ্বান জনাইছোঁ আপোনালোক শংকতি নহ’ব৷ মানৱ সমাজে যুগ যুগ ধৰি এনে প্রত্যাহ্বানৰ সন্মুখীন হৈ অতিক্রম কৰি আহিছে৷ মানৱ সভ্যতাৰ যি মর্যাদা সেইটো অটুট ৰাখিছে৷ আগন্তুক দিনত আমি ল’বলগীয়া যাৱতীয় ব্যৱস্থাখিনি নিশ্চিতভাৱে ল’ব লাগিব৷ আমি পৰিস্থিতিৰ লগত মোকাবিলা কৰিব লাগিব, কোনোৱে ভয় খাব নালাগে, আতংকিত হ’ব নালাগে৷ আমি সাৱধান আৰু সতর্কতাৰে এই পৰিস্থিতিৰ লগত মোকাবিলা কৰি আমাৰ সমাজখনক সুৰক্ষিত কৰি ৰাখিব লাগিব৷

You might also like