নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও–জামুগুৰিত মহিলাৰ মৃত্যু চন্দ্রপুৰ–তেজপুৰত্ প্রাণ গ’ল দুজনৰ

বিধ্বংসী ভূমিকম্পৰ মাজতে শেষ নিশ্বাস ত্যাগ চাৰি ব্যক্তিৰ

নিয়মীয়া বাৰ্তা ২৯ এপ্ৰিলঃ  বুধবাৰে পুৱা জোকাৰি যোৱা প্রবল ভূমিকম্পৰ ফলত গুৱাহাটী মহানগৰীৰ সমীপৱর্তী চন্দ্রপুৰৰ তাঁতীমাৰাৰ এজন লোকৰ হূদযন্ত্রৰ ক্রিয়া বন্ধ হৈ মৃত্যু হৈছে৷ মৃত্যু হোৱা লোকজন প্রসন্ন কলিতা (৭৭) বুলি জানিব পৰা গৈছে৷ প্রাপ্ত তথ্য অনুসৰি মৃত্য়ু লোকজন দীর্ঘদিনৰ পৰা হূদযন্ত্রৰ ৰোগত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছিল৷ কেইদিনমান পূর্বে চিকিৎসালয়ৰ পৰা অনা ৰোগীজন পুৱা বিছনাত আছিল৷ পৰিয়ালৰ আন সদস্যসকলৰ আগত কথা পাতি থকা অৱস্থাত প্রথমটো ভূমিকম্প অহাৰ লগে লগে অচেতন হৈ পৰে লোকজন৷ পৰৱর্তী সময়ত মৃত্যু হোৱা বুলি নিশ্চিত হয় পৰিয়ালৰ লোক৷ ইফালে ভূমিকম্পৰ ফলত সৃষ্টি হোৱা আতংকময় পৰিস্থিতিৰ বাবে হূদযন্ত্রৰ ক্রিয়া বন্ধ হৈ মৃত্যুমুখত পৰে ৰাজ্যৰ ভিন্ন স্থানৰ আন কেইবাগৰাকীও লোক৷ জামুগুৰিৰ কুসুমতোলাৰ অনু বৰা (৭৮) নামৰ মহিলাগৰাকীৰো অনুৰূপ কাৰণতে মৃত্যু হয়৷ তেওঁ আছিল তেজপুৰ জিলা কৃষি বিষয়াৰ কার্যালয়ৰ উচ্চ বর্গৰ অৱসৰপ্রাপ্ত সহায়িকা৷ একেদৰে তেজপুৰৰ গৰৈমাৰীৰ নিকটৱর্তী বেতনিঝাৰৰ কৈৱর্ত গাঁৱৰ কৃষ্ণ দাস নামৰ এজন লোকৰো ভূমিকম্পৰ সময়তে হূদক্রিয়া বন্ধ হৈ পৰে৷ নিজ বাসগৃহতে তেওঁৰ মৃত্যু হয়৷ ভূমিকম্পৰ ফলত হোৱা মৃত্যুৰ আন এটা ঘটনা সংঘটিত হৈছে নগাঁৱত৷ জিলাখনৰ বেবেজীয়াৰ লাৱণ্য শইকীয়া (৪৫) নামৰ মহিলাগৰাকী জোকাৰণিৰ সময়ত বিছনাৰ পৰা মজিয়াত পৰি থিতাতে তেওঁৰ মৃত্যু হয়৷ এইদৰে ভূমিকম্পৰ আতংকময় পৰিস্থিতিত মৃত্যুমুখত পৰে ৰাজ্যৰ চাৰিগৰাকী লোক৷ ইফালে ভিন্ন স্থানত ভূমিকম্পৰ জোকাৰণিৰ ফলত সৃষ্টি হোৱা ভয়াৱহ পৰিৱেশত বহু লোক আঘাতপ্রাপ্ত হ’বলগীয়া হয়৷ কেইবাগৰাকীও আহত চিকিৎসাধীন হৈ আছে৷
জামুগুৰিহাটত ভূমিকম্পত হূদযন্ত্রৰ ক্রিয়া বন্ধ হৈ মহিলাৰ মৃত্যু
বুধবাৰে পুৱা ৭.৫২ বজাত অহা ভূমিকম্পৰ তীব্র জোকাৰণিৰ ফলত জামুগুৰিহাটতো বিস্তৰ ক্ষতি হয়৷ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ১নং বৰদিকৰাই ৰায়পুৰত ভূমিকম্পৰ জোকাৰণিৰ ফলত পথাৰৰ মাটি ফাটি গাঁত সৃষ্টি হোৱাৰ লগতে ভূগর্ভৰ পৰা পানী ওলাই পথাৰ উপচি পৰে৷ উত্তৰ জামুগুৰিৰ এটা ইটাভাতাৰ চিমনি ভূমিকম্পৰ জোকাৰণিৰ ফলত খহি পৰাৰ লগতে ১৫নং ৰাষ্ট্রীয় ঘাইপথতো ফাট মেলা পৰিলক্ষিত হয়৷ জামুগুৰি ব্যৱসায়িক কেন্দ্রস্থলৰ নিচেই সমীপতে থকা ডাকঘৰৰ এখন বৃহৎ দেৱাল ভূমিকম্পৰ ফলত তাচপাতৰ দৰে খহি পৰে৷ ইয়াৰ উপৰি অঞ্চলটোৰ বিভিন্ন স্থানত ৰাজহুৱা সম্পত্তিৰ লগতে ব্যক্তিগত বহুসংখ্যক লোকৰ গৃহত ৬.৭ ৰিখ্টাৰ স্কেলত অহা প্রবল জোকাৰণিয়ে ক্ষতি কৰাৰ বিষয়ে জানিব পৰা গৈছে৷ পুৱাৰ ভাগত দহ মিনিটৰ ব্যৱধানত অহা পাঁচটাকৈ জোকাৰণিৰ ফলত জামুগুৰিবাসী ৰাইজৰ মাজতো আতংকময় পৰিৱেশ সৃষ্টি হয়৷
নগাঁও জিলাত ভূমিকম্পত বিস্তৰ ক্ষতি ঃ এগৰাকী মহিলাৰ মৃত্যু ঃ আহত একাধিক
বিশেষ বার্তা, নগাঁও ঃ আজি পুৱা অহা প্রচণ্ড ভূঁইকঁপত নগাঁও জিলাত বিস্তৰ ক্ষতি হয়৷ ভূমিকম্পৰ সময়ত জিলাখনৰ বেবেজীয়াত বিছনাৰ পৰা পৰি লাৱণ্য শইকীয়া নামৰ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ উপৰি একাধিক লোক আহত হয়৷ আহত হোৱা ৪জনকৈ লোকক নগাঁও জি ডি নার্ছিং হোমত ভর্তি কৰোৱা হৈছে৷ ভূমিকম্পত আহত হৈ নার্ছিং হোমখনত চিকিৎসাধীন হৈছে নগাঁও বঢ়মপুৰৰ ভৱভূষণ ভাৰতী, হাফিজুল আলম, নগাঁও গান্ধীবৰীৰ নিৰন কুমাৰ নাথ আৰু এটি কণমানি শিশু৷ তদুপৰি ভূমিকম্পটোত চহৰখনৰ পার্শ্বৱর্তী ম’হখুলিৰ ফাৰুক নামৰ এজন ব্যক্তি আহত হোৱাৰ লগতে এটি কণমানি শিশুসহ মুঠ ৫জনকৈ লোক আহত হয়৷ উল্লেখ্য যে ৬.৭ প্রাবল্যৰ ভূঁইকঁপটোত নগাঁও জিলাত বিস্তৰ ক্ষতি হোৱা দেখা পোৱা গৈছে৷ নগাঁও জিলা উপায়ুক্তৰ বাসভৱনৰো কিছু ক্ষতি হয়৷ চহৰখনত থকা দণ্ডাধীশ কলনীৰ দেৱালৰ ক্ষতি হয়৷ প্রচণ্ড ভূমিকম্পত নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ কাঠমিল চাৰিআলিত হেলনীয়া হৈ পৰিল এটা নৱনির্মিত সুউচ্চ অট্টালিকা৷ ভূমিকম্পৰ ফলত অট্টালিকাটো হাউলি গৈ কাষৰ এটা অট্টালিকাৰ গাত লাগি যায়৷ অট্টালিকাটো চহৰখনৰ ফৌজদাৰীপট্টিৰ কাঠমিল চাৰিআলিস্থিত জগদীশ প্রসাদ নামৰ এগৰাকী ঠিকাদাৰৰ আছিল৷ ভূমিকম্পৰ সময়ত অট্টালিকাটোত দুটা পৰিয়ালৰ ৫জন সদস্য আছিল যদিও সৌভাগ্যক্রমে তেওঁলোক ৰক্ষা পৰে৷ আজিৰ বৰ ভূমিকম্পত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পৱিত্র জন্মস্থান বটদ্রৱাৰ ইতিহাসপ্রসিদ্ধ কীর্তন ঘৰ আৰু পদশিলাত ফাট মেলা পৰিলক্ষিত হয়৷ তদুপৰি জিলাখনৰ পুৰণিগুদামৰ ভেৰভেৰীৰ এছিয়া মহাদেশৰ ভিতৰতে সবাতোকৈ ওখ শিৱলিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰৰো কিছু অংশ ফাট মেলে৷ আনহাতে, নগাঁও চহৰৰ কলঙৰ ওপৰত থকা ৰত্নকান্ত বৰকাকতি সেতুৰ লগতে চহৰখনৰ পার্শ্বৱর্তী গৰৈমাৰীত নগাঁও–ধিং পথৰ পকী দলঙতো ফাট মেলিছে৷ ভূমিকম্পত চহৰখনৰ বিশাল মেগা মার্টত বহু বয়–বস্তুৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে৷ তদুপৰি নগাঁও চহৰৰ বিভিন্ন বিপণীৰ লগতে সুৰা বিপণী আৰু টাইলছৰ বিপণীসমূহৰো মজুত ৰখা সামগ্রীৰ ব্যাপক ক্ষতি হয়৷ চহৰখনৰ গাতে লাগি থকা মৰিকলঙৰ লাইলা স্কুলৰ এটা হোষ্টেলৰ দেৱালৰ ক্ষতি হয়৷ ফলত কাষতে ৰৈ থকা কেইবাজনো লোকৰ কথমপিহে প্রাণৰক্ষা পৰে৷ জিলাখনৰ নগাঁও চহৰৰ সমীপৰ ছোট ৰূপহীৰ দলঙতো ফাট মেলা পৰিলক্ষিত হয়৷ জিলাখনৰ কলিয়াবৰ, আমবাগান, চামগুৰি, পুৰণিগুদাম, কামপুৰ, ৰহা, হাতিচুং, বঢ়মপুৰ আদিতো ভূমিকম্পই বিস্তৰ ক্ষতি কৰে৷ নগাঁও চহৰৰ আমোলাপট্টিৰ মুকুল বৰা নামৰ এজন লোকৰ ঘৰৰো কিছু ক্ষতি হয়৷
বৰভূঁইকঁপৰ ফলত দৰঙত পাঁচ আঘাতপ্রাপ্ত
বুধবাৰে পুৱাৰ বৰভূঁইকঁপৰ ফলত দৰং জিলাত শিশু, মহিলা আৰু বয়োবৃদ্ধ লোককে ধৰি পাঁচজন লোক আঘাতপ্রাপ্ত হৈ চিকিৎসাধীন হ’বলগীয়া হয়৷ ইয়াৰে দুজন ঘৰৰ ইটা ভাগি পৰি আৰু আনকেইজন আতংকত দৌৰাদোৰি কৰি দুর্ঘটনাগ্রস্ত হ’বলগীয়া হয়৷ এওঁলোকক ক্রমে গুৱাহাটী আৰু মঙলদৈত চিকিৎসা প্রদান কৰি থকা হৈছে৷ জিলাখনৰ পাথৰিঘাট ৰাজহ চক্রৰ অন্তর্গত চমৰীয়া গাঁৱৰ উমাকান্ত ডেকা (৭৫) নামৰ ব্যক্তি এজনৰ মূৰত বেৰ ভাগি ইটাই আঘাত কৰাত তেওঁ গুৰুতৰভাৱে আহত হৈ গুৱাহাটীত চিকিৎসাধীন হ’বলগীয়া হয়৷ ইফালে মঙলদৈৰ এগৰাকী মহিলাৰ মূৰত বেৰৰ ইটা খুলি পৰাত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভর্তি হ’বলগীয়া হয়৷ আনহাতে আতংকত দৌৰাদোৰি কৰি দুর্ঘটনাগ্রস্ত হৈ কান্ধত বেয়াকৈ আঘাত পোৱা মঙলদৈৰ সদানন্দ দাস নামৰ ব্যক্তি এজনক উন্নত চিকিৎসাৰ বাবে মঙলদৈৰ পৰা গুৱাহাটীলৈ প্রেৰণ কৰা হয়৷ ইফালে ভঁূইকঁপৰ ফলত খাৰুপেটীয়াত অৱস্থিত কুঁৱৰী পুখুৰী আদর্শ চিকিৎসালয়ৰ ভৱন আৰু খাৰুপেটীয়া চহৰৰ তিনি নম্বৰ ৱার্ডৰ এটা ব্যক্তিগত পকী গৃহ বেয়াকৈ ক্ষতিগ্রস্ত হয়৷ সেইদৰে দলগাঁও ৰাজহ চক্রৰ  অধীনৰ বেছিমাৰীকে ধৰি কেইবাখনো গাঁৱৰ পথাৰত ফাট মেলে৷

You might also like