নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যশস্বী অভিনেতা ৰণধীৰ কাপুৰ ক’ভিড–১৯ মহামাৰীত আক্রান্ত

নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ বলীউডৰ জনপ্রিয় অভিনেতা ৰণধীৰ কাপুৰ ক’ভিড–১৯ত আক্রান্ত হৈছে৷ অভিনেতা তথা চলচ্চিত্রকাৰ ৰণধীৰ কাপুৰক মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পতালত চিকিৎসা প্রদান কৰি থকা বুলি পৰিয়ালৰ সূত্রই সদৰী কৰিছে৷ যোৱানিশা হাস্পতালখনত ভর্তি কৰোৱা হৈছে কাপুৰক৷ হাস্পতালৰ মুখ্য কার্যবাহী বিষয়া তথা কার্যবাহী সঞ্চালক ডাঃ সন্তোষ ছেট্টীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি অভিনেতা তথা চলচ্চিত্রকাৰগৰাকী স্বাস্থ্য বর্তমান সুস্থিৰ৷

অভিনেত্রী কৰীশ্মা আৰু কৰীণা কাপুৰৰ পিতৃ ৭৪ বছৰীয়া ৰণধীৰ কাপুৰৰ আশু আৰোগ্য কামনা কৰিছে তেওঁৰ অনুৰাগীসকলে৷ উল্লেখনীয় যে বলীউডৰ একালৰ জনপ্রিয় অভিনেত্রী ববিতাৰ স্বামী ৰণধীৰ কাপুৰ শেহতীয়াকৈ সংবাদ শিৰোনামলৈ আহিছিল তেওঁৰ প্রয়াত ভাতৃ ৰাজীৱ কাপুৰৰ বিবাহ বিচ্ছেদৰ গোচৰক কেন্দ্র কৰি৷

You might also like