দেওবাৰে ক’ভিডত মৃত্যু ৩০; মৃতকৰ ১২জনেই গুৱাহাটীৰ
নিয়মীয়া বাৰ্তা, ৩ মে’: ৰাজ্যত ক’ৰোনাৰ সংক্রমণে অধিক ভয়াৱহ ৰূপ লৈছে৷ এমাহতে ক’ৰোনাত আক্রান্তৰ সংখ্যা চাৰিগুণ বৃদ্ধি হোৱাৰ সমান্তৰালকৈ মৃত্যুৰ সংখ্যাও বঢ়াই তুলিছে৷ শনিবাৰৰ দিনটোত ২৩জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে দেওবাৰে ৩০গৰাকী লোকৰ মৃত্যু হয়৷
কার্যতঃ প্রতি সপ্তাহতে ক’ৰোনাই চৰিত্র সলনি কৰিছে৷ দেওবাৰৰ দিনটোত আক্রান্ত হৈছে ২,৩৮৫গৰাকী৷ ৰাষ্ট্রীয় স্বাস্থ্য মিছনে প্রকাশ কৰা তথ্য অনুসৰি দেওবাৰ ৰাজ্যত ২৩,৮১৮গৰাকী লোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হৈছিল৷ এইসকলৰ মাজৰ ২,৩৮৫গৰাকী লোক ক’ৰোনা আক্রান্ত ৰূপে চিহ্ণিত হৈছে৷ আক্রান্তৰ হাৰ হ’ল ১০.০১ শতাংশ৷
ইফালে, দেওবাৰে ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱাসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ১২গৰাকী, বৰপেটা জিলাৰ ৪গৰাকী, ওদালগুৰি জিলাৰ ৩গৰাকী, বঙাইগাঁও জিলাৰ ২গৰাকী, ডিব্রুগড় জিলাৰ ২গৰাকী, শোণিতপুৰ জিলাৰ ২গৰাকী, গোৱালপাৰা, হোজাই, যোৰহাট আৰু কামৰূপ জিলাৰ এগৰাকীকৈ লোক আছে৷ দেওবাৰৰ দিনটোত কামৰূপ মহানগৰ জিলাত ১,০০৯গৰাকী আক্রান্ত হোৱাৰ বিপৰীতে তিনিচুকীয়া জিলাত ১৮১গৰাকী, ডিব্রুগড় জিলাত ১৪৮গৰাকী আৰু নগাঁও জিলাত ৯০গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ আনহাতে, দেওবাৰৰ দিনটোত ক’ৰোনামুক্ত হৈছে ২,৮৩১গৰাকী লোক৷ এতিয়াও ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ২৪,৫৫১গৰাকী লোক৷