নিয়মীয়া বাৰ্তা, ৩ মে’: দেশৰ ৰাজধানী নতুন দিল্লীত লকডাউন পুনৰ এসপ্তাহ বৃদ্ধি কৰা হৈছে৷ ক’ভিড–১৯ৰ সংক্রমণ দ্রুতগতিত বর্ধিত হোৱাৰ প্রতি লক্ষ্য ৰাখি উৰিষ্যা চৰকাৰে ৫ মে’ৰ পৰা ১৪ দিনীয়া লকডাউন ঘোষণা কৰিছে৷ কঠোৰভাৱে বলৱৎ হ’বলগীয়া এই লকডাউন ৫ মে’ৰ পৰা ১৫ মে’লৈ বাহাল থাকিব৷ এই সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্রী বিশেষকৈ গেলামালৰ পৰা শাক–পাচলি ৰাজ্যখনৰ বাসিন্দাসকলে নিজা বাসগৃহৰ পৰা খোজকাঢ়ি ৫০০ মিটাৰৰ ভিতৰত পুৱা ৭ বজাৰ পৰা দিনৰ ১২ বজালৈ ক্রয় কৰিব পাৰিব৷ অৱশ্যে সপ্তাহান্তিক লকডাউনৰ সময়ত কোনো ধৰণৰ দোকান–পোহাৰ খোলা নাথাকিব৷ অত্যাৱশ্যকীয় সেৱা অথবা স্বাস্থ্যসেৱাৰ ক্ষেত্রত কোনো প্রতিবন্ধকতা নাথাকে৷
You might also like