নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫৫ এদিনতে অর্ধশতাধিকৰ মৃত্যু

অত্যন্ত উদ্বেগজনকভাৱে বৃদ্ধি ৰাজ্যত ক’ভিডৰ সংক্রমণ

নিয়মীয়া বাৰ্তা ৬ মেঃ ঘাতক ভাইৰাছ ক’ৰোনাৰ দ্বিতীয় জোৱাৰে ৰাজ্যত ভয়াৱহ কৰি তুলিছে সামগ্রিক পৰিস্থিতি৷ অক্সিজেন–বিছনাৰ অভাৱত দেশৰ বিভিন্ন প্রান্তত বহু ক’ৰোনা আক্রান্তই মৃত্যুক আঁকোৱালি লোৱাৰ সময়তে অসমতো অতি উদ্বেগজনকভাৱে দ্রুতগতিত নিতৌ বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্রমণ৷ সমান্তৰালভাৱে ক’ৰোনাত প্রাণহানিৰ ঊর্ধ্বমুখী গ্রাফে ৰাজ্যবাসীৰ বুকু কঁপাই তুলিছে৷

বুধবাৰৰ দিনটোতে ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই অতিক্রম কৰিলে অর্ধশতাধিকৰ ঘৰ৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মৃত্যু হৈছে ৫৫জন ক’ভিড আক্রান্তৰ৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি মৃত্যু হোৱা লোকসকলৰ ভিতৰত ১৮জনেই হৈছে কামৰূপ মহানগৰ জিলাৰ৷ সেইদৰে বৰপেটাত মৃত্যু হৈছে ৬গৰাকী ক’ভিড আক্রান্তৰ৷ তদুপৰি গোৱালপাৰা–নগাঁও–শো তিনিগৰাকীকৈ, বঙাইগাঁও–কাছাৰ–ধে দুগৰাকীকৈ আৰু চৰাইদেউ–দৰং–ডিব্রু এগৰাকীকৈ লোকে ক’ভিডত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে৷

ইপিনে বুধবাৰৰ দিনটোত ৰাজ্যত আক্রান্ত হৈছে ৪,৮২৬জন লোক৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ৫২,০৭৪টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ আক্রান্তৰ হাৰ হৈছে ৯.২৭ শতাংশ৷ আজি সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা ২,৯১৬জন৷ সম্প্রতি ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ২৯,৯১৫জন৷ ইপিনে বর্তমানলৈ ৰাজ্যত ক’ভিডত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছে ১,৪৮৫জন৷

উল্লেখ্য যে বিগত এসপ্তাহ জুৰি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা৷ প্রতিদিনে ২০জনতকৈ অধিক লোকে ক’ৰোনাত আক্রান্ত হৈ মৃত্যুক সাবটি লৈছে৷ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ শৱদেহেৰে ভৰি পৰিছে শ্মশান৷ শাৰী শাৰী চিতাৰ জুয়ে আনিছে ৰাজ্যত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ বতৰা৷ একপ্রকাৰ ক’ভিডৰ বাবে নির্ধাৰণ কৰা শ্মশান আৰু কবৰস্তানসমূহত সৎকাৰৰ বাবে ৰখা শাৰী শাৰী মৃতদেহে আগন্তুক সময়ত আনিব পৰা ভয়াৱহ পৰিস্থিতিৰ আগজাননী দিছে৷ ৰাজ্য চৰকাৰে ক’ভিডৰ বিভীষিকাময় পৰিস্থিতি নিয়ন্ত্রণৰ বাবে বিভিন্ন ব্যৱস্থা গ্রহণ কৰিছে যদিও কার্যতঃ একাংশ লোকৰ অসচেতনতাই পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলাৰ আশংকা কৰা হৈছে৷

ৰাজ্য চৰকাৰে বুধবাৰৰ পৰা কার্যকৰী হোৱাকৈ জাৰি কৰিছে কঠোৰ বাধা নিষেধৰ নির্দেশনা সম্বলিত নতুন এছ অ’ পি৷ এই এছ অ’ পি অনুসৰি দিনৰ ২ বজাত চৰকাৰী–বেচৰকাৰী কার্যালয়ৰ লগতে দোকান–পোহাৰ বন্ধ কৰিবলৈ নির্দেশ দিয়া হৈছে৷ তদুপৰি সন্ধিয়া ৬ বজাৰ পৰা বলৱৎ কৰা হৈছে নৈশ সান্ধ্য আইন৷ তৎসত্ত্বেও একাংশ লোকে চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি দিনৰ ২ বজাত দোকান–পোহাৰ বন্ধ কৰাৰ ক্ষেত্রত অৱহেলা কৰা পৰিলক্ষিত হৈছে৷ আৰক্ষীয়ে গৈ তেওঁলোকক দোকান–পোহাৰ বন্ধ কৰিবলৈ নির্দেশ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ একেদৰে কিছুসংখ্যক লোকে নৈশ্য সান্ধ্য আইনৰ সময়তো ঘৰৰ পৰা ওলাই অহা দেখা গৈছে৷ তদুপৰি ক’ৰোনাৰ দ্বিতীয় লহৰে প্রাণনাশী ৰূপ লোৱাৰ সময়তে একাংশই চৰকাৰী নীতি–নির্দেশনা উলংঘাৰে তথা সঠিকভাৱে মাস্ক পৰিধান নকৰাকৈ ৰাজহুৱা স্থানত ঘূৰি ফুৰা পৰিলক্ষিত হৈছে৷ সমান্তৰালভাৱে ৰাজহুৱা স্থানত সামাজিক দূৰত্ব মানি নচলাৰ বাবেও ক’ৰোনাৰ গণসংক্রমণে পৰিস্থিতি অধিক জটিল কৰি তুলিছে৷
অধ্যাপক ৰাজর্ষি কলিতাৰ মৃত্যু
সাহিত্য অকাডেমি বঁটাপ্রাপক তথা বিশিষ্ট লেখিকা অৰূপা পটংগীয়া কলিতা আৰু টংলা কলেজৰ অধ্যাপক ৰাজেন কলিতাৰ একমাত্র পুত্র ৰাজর্ষি কলিতাৰ ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷ প্রায় ৩৫ বছৰীয়া ৰাজর্ষি কলিতা আছিল দিল্লীৰ এখন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক৷
যোৰহাটত পুনৰ ৩জনৰ মৃত্যু, ১৪৩জন আক্রান্ত
যোৰহাটত ক’ভিডৰ দ্রুত সংক্রমণে ভয়াৱহ পৰিস্থিতিৰ আগজাননী দিছে৷ কালি যোৰহাটৰ গডআলি ইউনিয়ন বেংকৰ ৪জন কর্মচাৰীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ পিছত বেংকটো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ পিছত পুনৰ আজি ৰৰৈয়া এছ বি আই বেংকটো কণ্টেইনমেণ্ট ঘোষণা কৰে জিলা প্রশাসনে৷ বেংকটোৰ কেইবাজনো কর্মচাৰীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ ইফালে, আজি জিলাখনত ১৪৩জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ বিপৰীতে ৩জন লোকে মৃত্যুক আঁকোৱালি লৈছে৷ মৃত লোককেইজন হ’ল– যোৰহাট টিলিকীআমৰ অতুল শইকীয়া (৭৬), যোৰহাট নআলিৰ প্রফুল্ল শইকীয়া (৭৩) আৰু পানীচকুৱাৰ কণমাই দাস (৬০)৷ ইয়াকে লৈ জিলাখনত ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮৬জনলৈ বৃদ্ধি পালে৷
ক’ভিডত মৃত্যু হ’ল বিশিষ্ট শিল্পী তথা শিক্ষাবিদ জীৱন শর্মাৰ
বিশিষ্ট শিল্পী, আবৃত্তিকাৰ, অভিনেতা, সমাজকর্মী তথা পূব কামৰূপ মহাবিদ্যালয়ৰ দর্শন বিভাগৰ প্রাক্তন মুৰব্বী আৰু প্রাক্তন উপাধ্যক্ষ জীৱন শর্মাৰ কালি নিশা ক’ভিডত মৃত্যু হয়৷ জানিব পৰা মতে, তিনি দিন আগৰে পৰা জ্বৰ পানীলগা বেমাৰত ভুগি থকাৰ পিছত কালি অর্থাৎ ৪ মে’ৰ দিনৰ ১১ বজাত তেওঁ বিহদিয়া প্রাথমিক স্বাস্থ্য কেন্দ্রত ক’ভিড পৰীক্ষা কৰে আৰু পজিটিভ ধৰা পৰাত শিঙিমাৰী ক’ভিড ইউনিটত ভর্তি হয়৷ তাত অক্সিজেন দিয়াৰ ব্যৱস্থা কৰা হয় যদিও নিশাৰ ভাগত তেওঁৰ মৃত্যু হয়৷ তাৎপর্যপূর্ণ কথা যে এসপ্তাহ আগেয়ে ক’ভিড ভেকচিনৰ প্রথম পালি টিকা লোৱাৰ পিছত ক্রমান্বয়ে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ৷ ১৯৮৬ চনত পূব কামৰূপ মহাবিদ্যালয়ত দর্শন বিভাগৰ প্রবক্তা হিচাপে কর্মজীৱনৰ পাতনি মেলিছিল শর্মাই৷ একেখন মহাবিদ্যালয়ৰ দর্শন বিভাগৰ মুৰব্বী অধ্যাপকৰ পদ অলংকৃত কৰাৰ পিছত ২০২০ চনৰ ৩১ ডিচেম্বৰত উপাধ্যক্ষ হিচাপে অৱসৰ গ্রহণ কৰিছিল৷ অধ্যাপকগৰাকীৰ জন্ম পাঠশালাৰ ভোগপুৰত যদিও পিছলৈ কর্মসূত্রে বাইহাটা চাৰিআলিৰ আগডলা গাঁৱৰ বাসিন্দা হয়৷ মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু এটি পুত্র সন্তানক এৰি যায়৷ তেওঁৰ মৃত্যুত আজি শোকস্তব্ধ হৈ পৰে বাইহাটা চাৰিআলি অঞ্চল৷
চিলাপথাৰত ক’ৰোনাই প্রাণ কাঢ়িলে এজনৰ
ক’ৰোনা ভাইৰাছে প্রাণ কাঢ়িলে চিলাপথাৰ অঞ্চলৰ এজন লোকৰ৷ জানিব পৰা মতে, চিলাপথাৰ থানাৰ অন্তর্গত মাদুৰি পথাৰৰ ধনবাহাদুৰ খৰকা (৪২) নামৰ লোকজনে দুদিনমানৰ পৰা জ্বৰ আৰু কাহত ভুগি থকাত ক’ভিড পৰীক্ষা কৰায়৷ পৰীক্ষাত তেওঁৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাত চিকিৎসকে হোম কোৱাৰেণ্টাইনৰ পৰামর্শ প্রদান কৰে৷ পিছে লোকজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে ডিব্রুগডৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷ অৱশেষত চিকিৎসাধীন অৱস্থাতে কালি বিয়লি লোকজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে৷
শিৱসাগৰত ভয়াৱহ ৰূপ ক’ভিডৰ
২৪ ঘণ্টাত পুনৰ ৮২জন আক্রান্ত, তিনিজনৰ মৃত্যু
শিৱসাগৰ জিলাত আজিৰ দিনটোত ক’ৰোনাত নতুনকৈ আক্রান্ত হৈছে ৮২জনকৈ লোক৷ জিলাখনৰ বিভিন্ন স্বাস্থ্য কেন্দ্রৰ ৰেপিড এণ্টিজেন পৰীক্ষণ কেন্দ্রত আজি পুৱাৰে পৰা বিয়লিলৈকে চলোৱা পৰীক্ষাত চিনাক্ত হৈছে এইসকল আক্রান্ত হয়৷ ইফালে বিগত ২৪ ঘণ্টাত শিৱসাগৰ জিলাখনত তিনিজনকৈ ব্যক্তি ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে৷ মৃত ব্যক্তি তিনিজন হৈছে– দিচাং হালোৱাটিঙৰ মুবিদুল বৰবৰা (৭০), দিচাং মাজগাঁৱৰ তফিজুল আলী (৪৫) আৰু শিৱসাগৰ ধাই আলিৰ চাফিয়া ৰহমান দৌলা (৬৪)৷ ইয়াকে ধৰি ক’ভিডৰ দ্বিতীয়টো লহৰত শিৱসাগৰত মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা হৈছে ৯জন৷
মৰিয়নিত এজনৰ মৃত্যু
আজি মৰিয়নিত এজন ক’ভিডত আক্রান্ত লোকৰ মৃত্যু হৈছে৷ মৃত্যু হোৱা লোকজন মৰিয়নি নগৰৰ ১নং ৱার্ড জয়মতী নগৰৰ দুলাল মজুমদাৰ বুলি জানিব পৰা গৈছে৷ স্বাস্থ্য বিভাগৰ সূত্রই জানিবলৈ দিয়া মতে, প্রায় ৬২ বছৰীয়া লোকজন তিনি দিন পূর্বে ক’ভিডত আক্রান্ত হৈছিল আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল৷ কিন্তু আজি লোকজনৰ মৃত্যু হয়৷ ইফালে, মৰিয়নি নগৰত ভয়াৱহভাৱে বৃদ্ধি পাইছে ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা৷ আজিও পুনৰ মৰিয়নি নগৰত দুজন লোকৰ দেহত ক’ভিড ধৰা পৰে৷ ইয়াকে লৈ মৰিয়নি নগৰত ক’ভিড আক্রান্ত ৰোগীৰ সংখ্যা ৫২জনলৈ বৃদ্ধি পালে৷ আনহাতে মৰিয়নি ৰে’লৱে জংচন হোৱা হেতুকে মৰিয়নিলৈ অহা ৰে’লযাত্রীৰ দেহতো পোৱা গৈছে ক’ভিড৷ কালি নিশা আৰু আজি দিনত বহিঃৰাজ্যৰ পৰা মৰিয়নিলৈ অহা ৰে’লযাত্রীৰ ভিতৰত মুঠ ২২জনৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছে৷
ৰহাত বৃদ্ধাৰ মৃত্যু
ৰহাৰ দীঘলদৰি কাকতিগাঁৱত ক’ভিডত আক্রান্ত হৈ আজি এগৰাকী বৃদ্ধাৰ মৃত্যু হয়৷ বৃদ্ধাগৰাকীৰ নাম ৰূপেমাই দেৱী৷ জানিব পৰা মতে প্রায় আশী বছৰীয়া বৃদ্ধাগৰাকী বার্ধক্যজনিত ৰোগত আক্রান্ত হৈ প্রায় তিনি মাহ শয্যাগত হৈ আছিল৷ কেইদিনমানৰ পৰা বৃদ্ধাগৰাকীৰ জ্বৰ, চর্দি, পায়খানা, গাৰ বিষ হৈ আছিল যদিও ক’ভিড টেষ্ট কৰা হোৱা নাছিল৷ গাঁওখনত বহুকেইজনৰ ক’ভিড পজিটিভ হোৱাৰ বাবে মৃত্যুৰ পিছত স্থানীয় ৰাইজৰ দাবীত ৰহা স্বাস্থ্য বিভাগে মৃত মহিলাগৰাকীক ক’ভিড পৰীক্ষা কৰোৱাত তেওঁৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে৷
নগাঁৱৰ মহিলাৰ দিল্লীত ক’ভিডত আক্রান্ত হৈ মৃত্যু
নগাঁও জিলাৰ পুৰণিগুদামৰ গণকাআটী হাতীগাঁৱৰ মণিকা শইকীয়া (৫২) নামৰ মহিলাগৰাকী ক’ভিডত আক্রান্ত হৈ আজি পুৱতিনিশা প্রায় ২.৩০ দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়৷ যোৱা কেইবাদিন ধৰি সাধাৰণ জ্বৰত আক্রান্ত হৈ আছিল মহিলাগৰাকীৰ লগতে তেওঁৰ স্বামী৷ কিন্তু মঙলবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ মহিলাগৰাকীক নইদাৰ ৰামা হাস্পতাললৈ নিয়া হয়৷ তাতে স্বামী–স্ত্রীৰ লগতে একমাত্র পুত্রও ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি চিকিৎসকে নিশ্চিত কৰে৷ মহিলাগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত কালি সন্ধিয়াৰ ভাগত প্লাজমা থেৰাপী প্রয়োগ কৰে যদিও আজি পুৱতিনিশা মহিলাগৰাকীয়ে মৃত্যুৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয়৷ তাৎপর্যপূর্ণ কথা যে আজি মৃত মহিলাগৰাকীৰ একমাত্র কন্যাৰ বিবাহৰ দিন ধার্য কৰা আছিল আৰু অহা ২৬ মে’ত বিবাহৰ অভ্যর্থনা অনুষ্ঠানৰো আয়োজন কৰিছিল৷ পুৰণিগুদামৰ ছোৱালী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী গ্রহণ কৰা মণিকা শইকীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী গ্রহণ কৰি মাৰুতি কোম্পানীত কর্মসংস্থাপন লাভ কৰিছিল৷ শেহতীয়াকৈ উত্তৰ প্রদেশৰ নইদাত বসবাস কৰা মহিলাগৰাকীয়ে মাৰুতি কোম্পানীত কর্মৰত আছিল৷ পৰিয়ালৰ সূত্রই প্রকাশ কৰা মতে, দিল্লীত শ্মশানৰ অভাৱত গংগা নদীৰ তীৰতে প্রশাসনৰ তৎপৰতাত মহিলাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়৷
গাঁও পঞ্চায়তৰ প্রাক্তন সভাপতিৰ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু
হোজাইৰ যমুনামুখ থানা ৰোডৰ বাসিন্দা তথা যমুনামুখ গাঁও পঞ্চায়তৰ প্রাক্তন সভাপতি কামাখ্যা সৰকাৰ (৭৭)ৰ ক’ৰোনাত আক্রান্ত হৈ কালি দিনৰ ১২ বজাত গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷ প্রাক্তন সভাপতি সৰকাৰৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷ প্রয়াত সৰকাৰে ২০০৮ৰ পৰা ২০১৮লৈকে যমুনামুখ পঞ্চায়তৰ সভাপতি হিচাপে কার্যনির্বাহ কৰিছিল৷ ক’ৰোনাত আক্রান্ত হোৱাৰ কেইদিনমান পূর্বে তেওঁ যমুনামুখৰ পৰা গুৱাহাটীলৈ গৈছিল৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই কন্যাসহ অনেক আত্মীয়–স্বজনক এৰি যায়৷
ক’ৰোনাত আক্রান্ত হৈ কুমাৰীকাটাৰ এগৰাকী শিক্ষকৰ মৃত্যু
ক’ৰোনাত আক্রান্ত হৈ কালি নিশা নলবাৰী জিলাৰ দক্ষিণ প্রান্তৰ কুমাৰীকাটাৰ এজন শিক্ষকৰ মৃত্যু হয়৷ মৃত শিক্ষকজন হৈছে সতীশ হালৈ (৫৭)৷ জানিব পৰা মতে, কুমাৰীকাটাৰ দক্ষিণ বালিকা বিদ্যাপীঠ হাইস্কুলৰ সহকাৰী শিক্ষক হালৈয়ে কালি নিশা অসুস্থ হৈ পৰাত নলবাৰীৰ ইউনাইটেড হাস্পতাললৈ অনা হয় যদিও ক’ভিড পৰীক্ষা কৰিবলৈ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ পঠিয়াই দিয়ে৷ চৰকাৰী চিকিৎসালয়ত ক’ভিড পৰীক্ষা কৰে যদিও ৰিজাল্ট নিগেটিভ ওলোৱাত চিকিৎসা কৰিবলৈ ইউনাইটেড হাস্পতাললৈ নিয়ে৷ কিন্তু ইউনাইটেড হাস্পতাল কর্তৃপক্ষই ৰোগীজনৰ লক্ষণ দেখি ক’ভিড পৰীক্ষাৰ ৰিজাল্টটোক বিশ্বাসত নলৈ এইবাৰ তাতেই ৰেপিড টেষ্ট কৰাত ফলাফল পজিটিভ ওলায়৷ ইউনাইটেড হাস্পতালত ক’ভিড ৰোগীৰ চিকিৎসা প্রদানৰ সুবিধা নাই বুলি জনোৱাত পুনৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও তাতো অক্সিজেনৰ সুবিধা নথকাৰ অজুহাত দেখুৱাই অন্য চিকিৎসালয়লৈ নিয়াৰ পৰামর্শ দিয়ে৷ কিন্তু পৰিয়ালৰ লোকে অন্য চিকিৎসালয়লৈ নিনি তেওঁক ঘৰলৈ লৈ যায়৷ কিন্তু ঘৰলৈ নিয়াৰ পিছত শিক্ষকজনে শ্বাস–প্রশ্বাসত কষ্ট পায় আৰু শেষ নিশ্বাস ত্যাগ কৰে৷
নলবাৰীত এজনৰ ক’ভিডত মৃত্যু
নলবাৰী জিলাত পুনৰ এগৰাকী ক’ভিড ৰোগীৰ মৃত্যুৰ খবৰে আতংকিত কৰি তুলিছে সাধাৰণ ৰাইজক৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা ৰোগীগৰাকী হ’ল নলবাৰী চহৰৰ সমীপৰ জাপাৰকুছিৰ পাব্লিক হেল্থ চ’কৰ বাসিন্দা কিৰণ গোস্বামী (৬৭)৷ প্রাপ্ত খবৰ মতে, বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ অতুল চন্দ্র গোস্বামীৰ সহধর্মিণী কিৰণ গোস্বামী দীর্ঘদিন ধৰি মধুমেহ তথা কিডনীৰ ৰোগত গুৰুতৰভাৱে আক্রান্ত হৈ আছিল৷সেই অনুসৰি তেওঁৰ চিকিৎসা প্রক্রিয়া চলি আছিল৷ লগতে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ডায়েলাইছিছ কৰি আছিল৷ ৩০ এপ্রিলতে তেওঁৰ ডায়েলাইছিছ কৰা হৈছিল৷ ইয়াৰ পিছদিনা অর্থাৎ ১ মে’ৰ পৰা তেওঁৰ গাত জ্বৰ, গাৰ বিষে দেখা দিয়ে৷ তেনেস্থলত সোমবাৰে কিৰণ গোস্বামীৰ ক’ভিড পৰীক্ষা কৰাত তেওঁৰ দেহত ক’ভিড পজিটিভ পায়৷ পিছত তেওঁৰ স্বাস্থ্যৰ দিশটোলৈ চাই চিকিৎসকে জি এম চি এইচলৈ প্রেৰণ কৰে৷ পৰিয়ালৰ সূত্রে জানিব পৰা মতে যদিও ৰোগীগৰাকী আইচিইউত নাছিল, তথাপি তেওঁৰ ডায়েলাইছিছ কৰা হৈছিল৷ কিন্তু অৱশেষত আজি দিনৰ দুই বজাত চিকিৎসাধীন অৱস্থাত নিয়তিৰ ওচৰত হাৰ মানিলে কিৰণ গোস্বামীয়ে৷ ইপিনে তেওঁৰ অন্ত্যেষ্টিক্রিয়া ক’ভিড প্রট’কল অনুসৰি গুৱাহাটীতে সম্পন্ন হ’ব বুলি জনা গৈছে৷ আনহাতে আজি মৃত কিৰণ গোস্বামীৰ নলবাৰী গৃহত পৰিয়ালৰ সদস্যসকলৰ পুনৰ ক’ভিড পৰীক্ষা কৰাত তেওঁৰ সাত বছৰীয়া নাতিনীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে৷
ৰঙিয়াত ক’ভিডত এজনৰ মৃত্যু
ৰঙিয়াত কালি নিশা ক’ভিডত আক্রান্ত হৈ এজন লোকৰ মৃত্যু হয়৷ মৃত লোকজন হৈছে ৰঙিয়াৰ বনগাঁৱৰ কুশল চৌধুৰী (৫৪)৷ কালি তেওঁ ক’ভিড পৰীক্ষা কৰাত দেহত পজিটিভ ধৰা পৰিছিল৷ লোকজনে নিজ বাসগৃহতে আইছ’লেচনত থাকে যদিও পিছত স্বাস্থ্যৰ অৱনতি ঘটে৷ লগে লগে চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁৰ মৃত্যু হয় ৷
ক’ভিডত মৰাণৰ শিক্ষক মণ্টু শর্মাৰ মৃত্যু
চৰাইদেউ জিলাৰ মৰাণহাট থানাৰ অন্তর্গত মৰাণ শান্তিপুৰ নিৱাসী তথা মৰাণ অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মণ্টু শর্মাৰ ক’ভিডত আক্রান্ত হৈ কালি নিশা ১ বজাত ডিব্রুগডৰ ব্রহ্মপুত্র নার্ছিং হোমৰ মৃত্যু হয়৷ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ প্রয়াত কনক শর্মাৰ জ্যেষ্ঠ পুত্র মণ্টু শর্মাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৫৮ বছৰ৷ মণ্টু শর্মাৰ পত্নী মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্রী অৰুন্ধতী শর্মা (মালা শর্মা) আৰু পুত্রও ক’ভিডত আক্রান্ত হৈ ব্রহ্মপুত্র নার্ছিং হোমতে চিকিৎসাধীন হৈ আছে৷ আনহাতে তেওঁৰ একমাত্র ভাতৃ মনদীপ শর্মাও ক’ভিডত আক্রান্ত হৈছে বুলি জানিব পৰা গৈছে৷
বৰপেটাৰ চতলাত ক’ৰোনাত এজনৰ মৃত্যু
নিয়মীয়া বার্তা, জনিয়া ঃ বৰপেটা জিলাৰ মাজদিয়া আৰক্ষী চকীৰ অন্তর্গত চতলা গাঁৱৰ আমজাদ আলী (৬৫) নামৰ লোকজন আজি ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷
নগাঁৱত দুজনৰ মৃত্যু
বিগত ২৪ ঘণ্টাত নগাঁও জিলাত দুজন ব্যক্তিৰ ক’ভিডত মৃত্যু ঘটা বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে৷ ক’ভিডত মৃত্যু হোৱা ব্যক্তি দুগৰাকীক পিছত নগাঁও চহৰৰ আমোলাপট্টিৰ ফৰিদা বেগম আৰু ছোটহয়বৰৰ বাবুল চন্দ্র দাস বুলি চিনাক্ত কৰা হয়৷ ইপিনে, আজিপর্যন্ত জিলাখনত ক’ভিডত আক্রান্ত হৈ মুঠ আঠজন ব্যক্তিৰ মৃত্যু ঘটিছে৷
ইটাখোলাত ক’ৰোনাত আক্রান্ত হৈ প্রথমগৰাকী ৰোগীৰ মৃত্যু
বিশ্বনাথ জিলাৰ ইটাখোলা উপ–আৰক্ষী চকীৰ অন্তর্গত বালিজুৰিৰ এগৰাকী ৪৫ বছৰীয়া মহিলা ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱাৰ বাতৰি আজি পুৱা বিয়পি পৰাত সমগ্র ইটাখোলা অঞ্চলত আতংকময় পৰিস্থিতি সৃষ্টি হয়৷ জানিব পৰা মতে, ইটাখোলাৰ বালিজুৰি নিৱাসী ৰামপ্রসাদ নেৱাৰৰ পত্নী ৰুদ্রময়া নেৱাৰ দুদিন পূর্বে ক’ৰোনাত আক্রান্ত হৈ আজি তেজপুৰস্থিত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুক আঁকোৱালি লয়৷ উল্লেখ্য যে যোৱা দুদিন ধৰি জ্বৰত ভুগি থকা মহিলাগৰাকীক পৰিয়ালৰ লোকে প্রথমাৱস্থাত ইটাখোলাস্থিত নতুন প্রাথমিক চিকিৎসালয়ত চিকিৎসাৰ বাবে আনিছিল আৰু উক্ত চিকিৎসালয়তে ৰেপিড এণ্টিজেন টেষ্ট কৰাইছিল যদিও ফলাফলত নিগেটিভ আহে৷ তাৰ পিছত উন্নত চিকিৎসাৰ বাবে উত্তৰ জামুগুৰি ত্রিশখন বিছনাযুক্ত অসামৰিক চিকিৎসালয়লৈ লৈ যায় আৰু তাতো ৰেপিড এণ্টিজেন টেষ্টত ক’ৰোনা নিগেটিভ আহে৷ উক্ত চিকিৎসালয়ত চিকিৎসকে জ্বৰৰ কিছু ঔষধ–পাতি দি সেইদিনাই ঘৰলৈ পঠিয়াই দিয়ে৷ কালি নিশা মহিলাগৰাকীয়ে শ্বাস–প্রশ্বাসত অসুবিধা পোৱাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেজপুৰস্থিত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰায়৷ উল্লেখ্য যে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰ টি পি চি আৰ টেষ্টত তেওঁ ক’ৰোনা পজিটিভ ৰূপে চিনাক্ত হয় আৰু লগে লগে চিকিৎসকে চিকিৎসা আৰম্ভ কৰে যদিও আজি পুৱা ৰুদ্রময়া নেৱাৰে শেষ নিশ্বাস ত্যাগ কৰে৷
শোণিতপুৰত এদিনত ৩জন ক’ভিড ৰোগীৰ মৃত্যু
আজিৰ দিনটোত শোণিতপুৰ জিলাত সর্বাধিক ৩জন লোকৰ ক’ভিডত মৃত্যু হয়৷ ইয়াৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ঢ়েকীয়াজুলি ৮নং ৱার্ডৰ সত্যৰঞ্জন দত্ত (৬৭) আৰু তেজপুৰৰ চাহদাত আলী (৭০)ৰ মৃত্যু হোৱাৰ বিপৰীতে জিলাখনৰ প্রতিমা ৰামচিয়াৰী (৫৩) নামৰ এগৰাকী মহিলাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি মৃত্যু ঘটে৷ ইয়াকে লৈ জিলাখনত ক’ৰোনাৰ দ্বিতীয়টো লহৰত বর্তমানলৈ ১০জন লোকৰ মৃত্যু ঘটিছে৷ আজি জিলাখনত ৬৬জন ৰোগী সুস্থ হৈ উঠাৰ বিপৰীতে ৬০৬জন চিকিৎসাধীন হৈ আছে৷

You might also like