দেশত ১১ জুনলৈ ক’ভিডত মৃত্যু হ’ব ৪ লাখ লোকৰঃ আইআইএছ বাংগালুৰুৰ সকীয়নি
দেশত ২৪ ঘণ্টাত মৃত্যু ৩,৭৮০জনৰ– আক্রান্ত ৩.৮২ লক্ষাধিক
নিয়মীয়া বাৰ্তা ৬ মেঃ দেশত ক’ভিড–১৯ত আক্রান্তৰ সমান্তৰালকৈ দ্রুতগতিত বর্ধিত হৈছে মৃতকৰ সংখ্যাও৷ যোৱা ২৪ ঘণ্টাত ৩.৮২ লক্ষাধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে ৩,৭৮০জনৰ৷ যোৱা ৩০ এপ্রিলত বিশ্বৰ প্রথম দেশ হিচাপে ভাৰতত ৪ লক্ষাধিক আক্রান্ত হোৱাৰ পিছত বিগত চাৰি দিন ধৰি আক্রান্তৰ সংখ্যা সামান্য হ্রাস পালেও প্রতিদিনেই আক্রান্তৰ সংখ্যা ৩.৫ লক্ষাধিক হৈ আছে৷
ইপিনে, আক্রান্তৰ সংখ্যা সামান্য নিম্নগামী হৈছে যদিও মৃতকৰ সংখ্যা বর্ধিত হৈ আছে৷ বিগত সপ্তাহ ধৰি প্রতিদিনেই তিনি সহস্রাধিক লোকৰ ক’ভিড–১৯ত মৃত্যু ঘটিছে৷ যোৱা ২৪ ঘণ্টাত আন এক অনাকাংক্ষিত অভিলেখেৰে ৩,৭৮০জনৰ মৃত্যু ঘটিছে৷ এই মৃতকৰ সংখ্যাক লৈ দেশত মুঠ মৃতকৰ সংখ্যা ২,২৬,১৮৮লৈ বৃদ্ধি পাইছে৷ মৃতকৰ সংখ্যাৰ বর্ধিত হাৰক লৈ চলোৱা এক সমীক্ষা মতে পৰৱর্তী এমাহ দেশৰ বাবে অতি ভয়াৱহ হৈ উঠিব৷ ক’ৰোনাত আক্রান্ত ৰোগীৰ এনেদৰে প্রাণহানি হ’ব যে অহা ১১ জুনৰ ভিতৰত মৃতকৰ সংখ্যা ৪ লক্ষাধিক অতিক্রম কৰিব৷
অর্থাৎ আজিৰে পৰা এমাহৰ ভিতৰত ক’ভিডত আক্রান্ত হৈ দেশজুৰি ২ লক্ষাধিক লোকৰ কৰুণ মৃত্যু ঘটিব৷ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েঞ্চ বাংগালুৰুৰ এটা দলে বর্তমান দেশজুৰি প্রতিদিনে মৃতকৰ সংখ্যাৰ তুলনামূলক ভিত্তিত চলোৱা সমীক্ষাত অহা ১১ জুনৰ ভিতৰত দেশত ৪,০৪,০০০জন লোকে প্রাণ হেৰুৱাব৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত বিশ্বৰ বৃহত্তম স্বাস্থ্য সংকটত ভোগা ভাৰতত পৰৱর্তী কেইটামান সপ্তাহ অতি ভয়ংকৰ হৈ উঠিব বুলি আই এছ এছ বাংগালুৰুৱে সতর্কবাণী প্রদান কৰিছে৷
মৃতকৰ সংখ্যা ইমানেই দ্রুতগতিত বৃদ্ধি হ’ব যে ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ হেল্থ মেট্রিক্স এণ্ড ইভাল্যুচনৰ মতে জুলাইৰ শেষলৈকে ভাৰতত ১০,১৮,৮৭৯জন লোকে প্রাণ হেৰুওৱাৰ সম্ভাৱনা আছে৷ ভাৰতত মৃতকৰ হাৰ হ্রাস কৰিবলৈ কিম্বা সংক্রমণৰ হাৰ নিম্নগামী কৰিবলৈ হ’লে শীঘ্রে দেশত পৰীক্ষণ ব্যৱস্থা বৃদ্ধি কৰাৰ লগতে মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব বজাই ৰখাত অত্যধিক গুৰুত্ব দিব লাগিব৷ দেশখনত যদি ক’ভিড–১৯ প্রট’কল সঠিকভাৱে মানি নচলে তেনেহ’লে আক্রান্ত আৰু মৃতকৰ সংখ্যাই সকলো সীমা চেৰাই যাব৷ তাৎপর্যপূর্ণ যে বর্তমান আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষস্থানত আছে আমেৰিকা যুক্তৰাষ্ট্র৷ দেশখনত ৩ কোটিতকৈ অধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে ৫.৭৮ লক্ষাধিক লোকৰ মৃত্যু ঘটিছে৷
ইপিনে, দেশজুৰি এতিয়াও অক্সিজেনৰ নাটনি অব্যাহত আছে৷ অক্সিজেনৰ অভাৱত উত্তৰাখণ্ড আৰু কর্ণাটকৰ চিকিৎসালয়ত ১০জন ৰোগীৰ মৃত্যু ঘটিছে৷ উত্তৰাখণ্ডৰ হৰিদ্বাৰ জিলাৰ ৰুৰকিৰ এখন চিকিৎসালয়ত অক্সিজেনৰ যোগান বন্ধ হৈ পৰাৰ পৰিপ্রেক্ষিতত ৫জন ক’ভিড ৰোগীৰ কৰুণ মৃত্যু ঘটিছে৷ ইয়াৰে ভিতৰত এগৰাকী মহিলাও আছে৷ এনেদৰে কর্ণাটকৰ শ্রীভাঞ্জি ডি খিমজি লাইফলাইন হাস্পতালৰ আই চি ইউত অক্সিজেনৰ অভাৱত অতিকমেও ৫জন ক’ভিড ৰোগীৰ মৃত্যু ঘটিছে৷
উল্লেখ্য যে ইয়াৰ পূর্বে যোৱা সোমবাৰে কর্ণাটকৰ এখন হাস্পতালত ২৪তকৈ অধিক ক’ভিড ৰোগীৰ অক্সিজেনৰ অভাৱত মৃত্যু ঘটিছিল৷ লক্ষণীয় যে বিশ্বত সম্প্রতি ক’ভিড–১৯ত আক্রান্ত হোৱা সংখ্যাৰ ৫০ শতাংশ ভাৰতত আৰু মৃত্যু ঘটা লোকৰ ২৫ শতাংশ ভাৰতৰ বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰিছে৷ আনপিনে, জি–৭ বৈদেশিক মন্ত্রীৰ সন্মিলনত অংশগ্রহণৰ বাবে গ্রেট ব্রিটেইন ভ্রমণৰত বৈদেশিক মন্ত্রী এছ জয়শংকৰৰ সৈতে যোৱা দুই প্রতিনিধিৰ দেহত ক’ভিড ধৰা পৰিছে৷ ইয়াৰ পিছতেই বৈদেশিক মন্ত্রী জয়শংকৰৰ কার্যসূচী সলনি কৰা হৈছে৷
সন্মিলনত মুখামুখিকৈ অংশগ্রহণ কৰাৰ কথা আছিল যদিও দুই প্রতিনিধি ক’ভিড–১৯ত আক্রান্ত হোৱাৰ বাবে বৈদেশিক মন্ত্রী জয়শংকৰে ভার্চুৱেলযোগে অংশগ্রহণ কৰিব৷ ইপিনে, চুবুৰীয়া ৰাজ্য মেঘালয় চৰকাৰে আজি সন্ধিয়া ৮ বজাৰে পৰা ১০ মে’লৈকে পূব খাচী পাহাৰ জিলাত সম্পূর্ণ লকডাউন ঘোষণা কৰিছে৷ ৰাজ্যখনৰ ৰাজধানী শ্বিলঙত ক’ভিড–১৯ত আক্রান্ত ৰোগীৰ সংখ্যা হাস্পতালত ৬০ শতাংশ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত মুখ্যমন্ত্রী কনৰাড চাংমাই আজি পূব খাচী পাহাৰ জিলাত সম্পূর্ণ লকডাউন ঘোষণা কৰিছে৷ মুখ্যমন্ত্রীগৰাকীয়ে অহা ৬–৭ মে’ত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাসমূহ ১১–১২ মে’লৈ স্থগিত ৰখা হৈছে বুলিও ঘোষণা কৰে৷