নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উলুবাৰী শ্মশান পৰিদর্শন ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ৬ মেঃ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে নিশা উলুবাৰী শ্মশান পৰিদর্শন কৰি পৰিস্থিতিৰ বুজ লয়৷ মন্ত্রী ড০ শর্মাই শ্মশানখনত উপস্থিত হৈ ক’ভিড আক্রান্ত হৈ মৃত্যুবৰণ কৰা লোকৰ শৱদেহ কেনেদৰে সৎকাৰ কৰা হৈছে তাৰ বুজ লয়৷ উল্লেখ্য যে ক’ভিডত মৃত্যু হোৱা লোকৰ শৱদেহ সৎকাৰৰ ক্ষেত্রত বিলম্ব হোৱা বুলি চর্চিত হোৱাৰ পিছতে মন্ত্রী ড০ শর্মাই উলুবাৰী শ্মশানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ সংবাদ মাধ্যমক ভূতনাথ, উলুবাৰী আৰু আঠগাঁও কবৰস্থানত ক’ভিডত মৃত্যু হোৱা লোকৰ শৱদেহ সৎকাৰ আৰু কবৰস্থ কৰাৰ ব্যৱস্থা কৰা বুলি মন্তব্য কৰে৷

লগতে এদিনতে ৫৫জন লোক ক’ভিডত মৃত্যু হোৱাক লৈ উদ্বিগ্ণতা প্রকাশ কৰে৷ মন্ত্রী ড০ শর্মাই ক’ভিডত আক্রান্ত লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পালে শৱদেহ সৎকাৰৰ বাবে প্রয়োজন হ’লে ব্রহ্মপুত্রৰ পাৰত ব্যৱস্থা কৰিব বুলিও মন্তব্য কৰে৷ তদুপৰি আজি ভূতনাথ শ্মশানো পৰিদর্শন কৰি পৰিস্থিতিৰ বুজ ল’ব বুলি মন্তব্য কৰে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা৷ বুধবাৰে দিনটোতে গুৱাহাটী মহানগৰীত সর্বমুঠ ১,৩৮৩গৰাকী লোক ক’ৰোনাত আক্রান্ত হোৱাৰ বিপৰীতে ১৮গৰাকীকৈ লোকৰ মৃত্যু হৈছে৷

You might also like