নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যৰ ব্রইলাৰ–গাহৰিয়ে ৰাজ্যলৈ ক’ভিড কঢ়িওৱাৰ শংকা

পশ্চিমবংগৰ ভিন্ন ঠাইৰ পৰা আহিছে পশুধন

নিয়মীয়া বাৰ্তা ৭ মেঃ বহিঃৰাজ্যৰ পৰা অহা একাংশ লোকৰ পৰাই সংক্রমণ হৈ ক’ৰোনাই ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰা বুলি বিভিন্নজনে আশংকা প্রকাশ কৰি আহিছে৷ সেয়েহে ৰে’লপথ, আকাশী পথ অথবা স্থলপথেৰে অহা প্রতিজন ব্যক্তিক পৰীক্ষা কৰিবলৈ দাবীও উত্থাপন হৈ আহিছে৷ এনে সময়তে বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ লগতে ৰাজ্যলৈ আমদানি কৰা ব্রইলাৰ–গাহৰিৰ জৰিয়তেও ক’ৰোনাৰ সংক্রমণ ঘটাৰ আশংকা কৰা হৈছে৷ কিয়নো হায়দৰাবাদৰ এখন চিৰিয়াখানাত কেইবাটাও সিংহ আক্রান্ত হৈছিল ক’ভিডত৷ সেয়েহে বহিঃৰাজ্যৰ পৰা অহা পশুধন ক’ৰোনাৰ বাহক হ’ব পাৰে বুলি সচেতন মহলে আশংকা প্রকাশ কৰিছে৷

এইক্ষেত্রত গুৰুত্ব প্রদান কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে ৰাজ্য চৰকাৰক৷ সমান্তৰালভাৱে বহিঃৰাজ্যৰ পৰা গাহৰি আৰু ব্রইলাৰ লৈ অহা বাহনসমূহৰ চালক আৰু কর্মচাৰীসকলৰ পৰাও ক’ভিড সংক্রমণ হোৱাৰ যথেষ্ট থল আছে৷ কিয়নো অসমলৈ পশ্চিমবংগৰ পৰা গাহৰি আৰু ব্রইলাৰ ব্যাপক হাৰত আমদানি কৰা হয়৷ শ্রীৰামপুৰ গেটেৰে এই বাহনসমূহ প্রৱেশ কৰাৰ সময়ত চালকসকলক ক’ভিড পৰীক্ষা নকৰাৰো অভিযোগ উত্থাপন হৈছে৷

ইফালে, ক’ৰোনাৰ সংক্রমণে ৰাজ্যবাসীক বিধ্বস্ত কৰাৰ সময়তে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ চাহিদা পূৰণৰ বাবে পশ্চিমবংগৰ পৰা গাহৰি আৰু ব্রইলাৰ আমদানি কৰাৰ ফলত ৰাজ্যখনৰ নিবনুৱাসকল ক্ষতিগ্রস্ত হ’ব বুলি বিভিন্নজনে মত প্রকাশ কৰিছে৷ কিয়নো যোৱা বর্ষত হোৱা দীর্ঘদিনীয়া লকডাউনৰ সময়ত বহু যুৱক–যুৱতীয়ে কর্মসংস্থাপন হেৰুৱাইছিল৷ সেইদৰে বহিঃৰাজ্যত কাম কৰি থকা হাজাৰ হাজাৰ যুৱক–যুৱতী উভতি আহিছিল অসমলৈ৷ কর্মসংস্থাপন হেৰুওৱা এই যুৱক–যুৱতীসকলৰ্ বহুসংখ্যকে পশুপালনৰ জৰিয়তে সংস্থাপন লাভ কৰিছিল৷

কিন্তু পুনৰ ক’ভিডৰ দ্বিতীয় লহৰে তেওঁলোকক শংকিত কৰি তুলিছে৷ এই যুৱক–যুৱতীসকলে পালন কৰা পশুধনৰ বজাৰত উচিত মূল্য পাব নে নাই, তাক লৈ ইতিমধ্যে শংকা প্রকাশ কৰি আহিছে৷ এনে সময়ত বহিঃৰাজ্যৰ পৰা গাহৰি আৰু ব্রইলাৰ আমদানি কৰিবলৈ চৰকাৰে অনুমতি দিয়াত ৰাজ্যৰ স্বাৱলম্বী যুৱক–যুৱতীসকল বজাৰত কঠোৰ প্রত্যাহ্বানৰ সন্মুখীন হ’ব বুলিও ধাৰণা কৰা হৈছে৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে অসমৰ অধিকাংশ ব্রইলাৰ ফার্মেই কেতবোৰ কোম্পানীৰ তত্ত্বাৱধানত চলে৷ এই কোম্পানীসমূহে পোৱালিৰ পৰা আৰম্ভ কৰি ঔষধলৈকে সকলো সামগ্রী পশুপালকসকলক যোগান ধৰে৷ সেয়েহে ব্রইলাৰসমূহ কোম্পানীয়ে নির্ধাৰণ কৰা মূল্যত তেওঁলোকে বিক্রী কৰিবলৈ বাধ্য৷ তদুপৰি পুনৰ দেশত লকডাউন হ’ব বুলি চর্চা অব্যাহত থকাৰ সময়ত প্রাপ্য মূল্যৰ পৰা বঞ্চিত কৰি ব্রইলাৰ পালকসকলৰ পৰা কম মূল্যতে ব্রইলাৰ ক্রয় কৰিবলৈও উঠিপৰি লাগিছে এটা অসাধু চক্র৷ সেয়েহে এইক্ষেত্রত এক সুচল ব্যৱস্থাৰ জৰিয়তে ব্রইলাৰ পালকসকলক উপযুক্ত মূল্যৰ পৰা বঞ্চিত নকৰিবলৈ সঠিক পদক্ষেপ গ্রহণৰ আহ্বান জনাইছে চৰকাৰক৷

You might also like