মেদিনীপুৰত কেন্দ্রীয় মন্ত্রী মুৰুলীধৰণৰ কনভয়ত আক্রমণ তৃণমূল কংগ্রেছীৰ
নিয়মীয়া বাৰ্তা ৭ মেঃ পশ্চিমবংগত ৰাজনৈতিক হিংসা অব্যাহত আছে৷ বিধানসভা নির্বাচনৰ ফলাফলৰ দিনাৰে পৰা চলি থকা ৰাজনৈতিক হিংসাই উত্তপ্ত কৰি ৰাখিছে ৰাজ্যখন৷ বুধবাৰে তৃতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্রী হিচাপে তৃণমূল কংগ্রেছৰ নেত্রী মমতা বেনার্জীয়ে শপতগ্রহণ কৰাৰ পাছতো ৰাজনৈতিক হিংসাই পৰিস্থিতি উত্তপ্ত কৰি তুলিছে৷ নির্বাচনোত্তৰ হিংসাত তৃণমূল কংগ্রেছ কর্মীৰ হাতত ১২জনকৈ বিজেপি কর্মীয়ে প্রাণ হেৰুওৱাৰ উত্তেজনা, তেনেদৰে অসম সীমান্তত বিজেপিক ভোটদান কৰা লোকসকলৰ বিৰুদ্ধে তৃণমূল কংগ্রেছ কর্মীয়ে চলাই থকা নির্যাতনৰ প্রতিক্রিয়া চলি থকাৰ সময়তে বৃহস্পতিবাৰে ৰাজ্যখনৰ পশ্চিম মেদিনীপুৰত কেন্দ্রীয় ৰাজ্যিক বৈদেশিক পৰিক্রমা
মন্ত্রী ভি মুৰুলীধৰণ তৃণমূল কংগ্রেছ কর্মীৰ আক্রমণৰ সন্মুখীন হয়৷ তথ্য মতে কেন্দ্রীয় মন্ত্রীগৰাকীৰ কনভয়ত পশ্চিম মেদিনীপুৰৰ পাঞ্চখুৰিত তৃণমূল কংগ্রেছ কর্মীয়ে ভয়াৱহ আক্রমণ চলায়৷ হাতে হাতে লাঠী, শিল লৈ বিজেপি সাংসদ তথা মন্ত্রীগৰাকীৰ কনভয়ত আক্রমণ কৰাত মন্ত্রীগৰাকীৰ বাহন ক্ষতিগ্রস্ত হয়৷ একাংশ তৃণমূল কংগ্রেছ কর্মীয়ে মন্ত্রীগৰাকীৰ কনভয়লৈ শিল নিক্ষেপ কৰাৰ লগতে কাঠৰ লাঠী দলিয়াই আক্রমণ কৰে৷ তৃণমূল কংগ্রেছ কর্মীৰ আক্রমণত মন্ত্রীৰ বাহনৰ গ্লাছ ভাগি চূর্ণ–বিচূর্ণ হোৱাৰ লগতে বাহনৰ অনেক ক্ষতি হয়৷ এই আক্রমণৰ সময়ত মন্ত্রীগৰাকীৰ সৈতে থকা কেইবাগৰাকীও নিৰাপত্তাৰক্ষীৰ লগতে আন লোক আহত হয়৷
মন্ত্রীগৰাকী আক্রমণৰ পৰা কথমপি ৰক্ষা পৰে যদিও তেওঁৰ চালকজন আহত হয় বুলি সাংবাদিকৰ আগত প্রকাশ কৰে স্বয়ং মন্ত্রীগৰাকীয়ে৷ তথ্য অনুসৰি কেন্দ্রীয় মন্ত্রীগৰাকীৰ সৈতে বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক ৰাহুল সিন্হাও লগত আছিল৷ আৰক্ষীৰ উপস্থিতিৰ মাজতে তৃণমূল কংগ্রেছৰ কর্মীয়ে তেওঁলোকৰ ওপৰত আক্রমণ চলায়৷ ইপিনে দিনহাটা সমষ্টিৰ প্রাক্তন বিধায়ক তথা তৃণমূল কংগ্রেছ নেতা উদয়ন গুহৰ ওপৰতো আজি কোনো লোকে আক্রমণ চলায়৷ দিনহাটা পানী টেংকীৰ সমীপত অচিনাক্ত দুর্বৃত্তই টি এম চিৰ নেতাজনক দিনৰ ১২ বজাত আক্রমণ কৰে৷ এই আক্রমণত সামান্য আঘাত পোৱা নেতাজনক দিনহাটা চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷ তাৎপর্যপূর্ণ যে পশ্চিমবংগৰ বিধানসভা নির্বাচনৰ সময়ছোৱাত শাসকীয় তৃণমূল কংগ্রেছ আৰু কেন্দ্রত শাসনাধিষ্ঠিত বিজেপি কর্মীৰ মাজত ৰাজ্যখনৰ প্রান্তে প্রান্তে সংঘর্ষ সৃষ্টি হৈছিল৷
২ মে’ত নির্বাচনৰ ঘোষিত ফলাফলত টি এম চিয়ে জয়লাভ কৰাৰ পাছতে ৰাজ্যখনৰ প্রান্তে প্রান্তে টি এম চি কর্মীয়ে বিজেপি কর্মীক আক্রমণ কৰাৰ লগতে দলটোৰ কার্যালয়তো অগ্ণিসংযোগ কৰে৷ টি এম চি কর্মীয়ে আনকি নন্দিগামত মমতা বেনার্জীক পৰাজিত কৰা বিজেপিৰ প্রার্থী শুভেন্দু অধিকাৰীকো আক্রমণ কৰে৷ উক্ত দিনাৰে পৰা চলা তৃণমূল কংগ্রেছ কর্মীৰ আক্রমণত বিজেপিৰ ১২ কর্মীসহ ২৪জন লোকে প্রাণ হেৰুৱায়৷ ৰাজ্যখনৰ ৰাজনৈতিক হিংসাই পৰিৱেশ উত্তপ্ত কৰি অহাৰ বাবে পৰিস্থিতি সন্দর্ভত ৰাজ্যপাল জগদীপ ধানখৰৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টেলিফোনিক বার্তা লাভ কৰি উদ্বিগ্ণতা প্রকাশ কৰে৷
কেন্দ্রীয় চৰকাৰৰ চাৰিজনীয়া প্রতিনিধি দল এটা আজি কলকাতাত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’ব৷ ইপিনে পৰিস্থিতি সন্দর্ভত প্রতিবেদন বিচাৰি কেন্দ্রীয় গৃহ মন্ত্রালয়ে মুখ্যমন্ত্রীলৈ পত্র প্রেৰণ কৰিছে যদিও এই সন্দর্ভত মুখ্যমন্ত্রীগৰাকীয়ে কোনো ধৰণৰ প্রতিবেদন দিয়া নাই৷ ৰাজ্যখনত ৰাজনৈতিক হিংসাৰ বাবে বিজেপিক দোষাৰোপ কৰি আছে মুখ্যমন্ত্রী বেনার্জীয়ে৷ ৰাজনৈতিক হিংসাত প্রাণ হেৰুওৱা লোকৰ প্রতিটো পৰিয়াললৈ ২ লাখ টকাকৈ ক্ষতিপূৰণ আগবঢ়াইছে মুখ্যমন্ত্রী বেনার্জীয়ে৷ দল–ধর্ম–জাতি নির্বিশেষ এই হিংসাত প্রাণ হেৰুওৱা প্রতিজন লোকৰ পৰিয়াললৈ ক্ষতিপূৰণ আগবঢ়োৱা মুখ্যমন্ত্রী বেনার্জীয়ে এই হিংসাৰ বাবে বিজেপিকে দোষাৰোপ কৰিছে৷