এসপ্তাহৰ সম্পূর্ণ লকডাউন ঘোষণা নাগালেণ্ড চৰকাৰৰ
নিয়মীয়া বাৰ্তা, ১২ মে: উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহত ক্রমাৎ বৃদ্ধি পাইছে ক’ভিড–১৯ৰ ঘটনা৷ শেহতীয়াকৈ অসমৰ দাঁতিকাষৰীয়া ৰাজ্য নাগালেণ্ডত সৃষ্টি হৈছে ক’ভিডৰ বিভীষিকাময় পৰিস্থিতি৷ ইয়াৰ পৰিপ্রেক্ষিতত নাগালেণ্ড চৰকাৰে ৰাজ্যখনত এক বিবৃতিযোগে এটা সপ্তাহৰ বাবে আৰোপ কৰিছে সম্পূর্ণ লকডাউন৷
তথ্য অনুসৰি, ১৪ মে’ৰ সন্ধিয়া ৬ বজাৰ পৰা ২১ মে’লৈকে সমগ্র ৰাজ্যখনত সম্পূর্ণ লকডাউন বলৱৎ কৰাৰ নির্দেশনা জাৰি কৰিছে নাগালেণ্ড চৰকাৰে৷ উল্লেখ্য যে দিনকদিনে অভাৱনীয়ভাৱে ক’ভিড–১৯ত আক্রান্ত হৈছে চুবুৰীয়া ৰাজ্যখনৰ লোক৷ প্রতিটো দিনতে বৃদ্ধি হৈছে ক’ভিডত কৰুণভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা৷ সেয়ে ৰাজ্যখনত সম্পূর্ণ লকডাউন দিবলৈ বাধ্য হৈ পৰে নাগালেণ্ড চৰকাৰ৷ স্বাস্থ্য আৰু অন্যান্য জৰুৰীকালীন সেৱাসমূহক এই লকডাউনৰ পৰা ৰেহাই দিয়া হৈছে বুলি জানিব পৰা গৈছে৷